--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নিহত ছাত্ৰ দুজন গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত খৰাধৰা আৰু ধনেখোৱা গাঁৱৰ প্ৰিয়ানুজ বৰা(১৬) আৰু ৰিংকু ৰঞ্জন দত্ত বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক: শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত চিৰিপুৰীয়া তিনিআলিত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে।


গৌৰীসাগৰ-দিখৌমুখ সংযোগী বৰআলীত সংঘটিত দুৰ্ঘটনাটো। পথ দুৰ্ঘটনাটোত দুজনকৈ কিশোৰৰ মৃত্যু। নিহত ছাত্ৰ দুজন গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত খৰাধৰা আৰু ধনেখোৱা গাঁৱৰ প্ৰিয়ানুজ বৰা(১৬) আৰু ৰিংকু ৰঞ্জন দত্ত বুলি জানিব পৰা গৈছে।


ছাত্ৰ দুজন গৌৰীসাগৰ জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল।


AS 04 AJ 8366 নম্বৰৰ এখন স্কুটীৰে কলেজৰ পৰা ঘৰলৈ উভতাৰ পথত একে দিশে গৈ থকা এখন বাইকত স্কুটিখনে পাছফালৰ পৰা খুন্দা মাৰে।


স্কুটীৰ পৰা ছাত্ৰ দুজন উফৰি পৰি এজন ছাত্ৰ থিতাতে নিহত হোৱাৰ লগতে আনজন ছাত্ৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়।


আনহাতে স্কুটীখনে পাছফালৰ পৰা খুন্দা মৰা বাইকখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে বাইকত খুন্দা মৰা স্কুটীখন চুঁচৰি গৈ AS 06 AB 6343 নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনত খুন্দা মৰাৰ ফলত বাহনখনৰ সন্মুখভাগ ক্ষতিগ্ৰস্ত হয়।


নিহত ছাত্ৰ দুজনক আৰক্ষীয়ে উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষা সম্পাদনাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসলয়লৈ প্ৰেৰণ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ