--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নিহত ছাত্ৰ দুজন গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত খৰাধৰা আৰু ধনেখোৱা গাঁৱৰ প্ৰিয়ানুজ বৰা(১৬) আৰু ৰিংকু ৰঞ্জন দত্ত বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক: শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত চিৰিপুৰীয়া তিনিআলিত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে।


গৌৰীসাগৰ-দিখৌমুখ সংযোগী বৰআলীত সংঘটিত দুৰ্ঘটনাটো। পথ দুৰ্ঘটনাটোত দুজনকৈ কিশোৰৰ মৃত্যু। নিহত ছাত্ৰ দুজন গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত খৰাধৰা আৰু ধনেখোৱা গাঁৱৰ প্ৰিয়ানুজ বৰা(১৬) আৰু ৰিংকু ৰঞ্জন দত্ত বুলি জানিব পৰা গৈছে।


ছাত্ৰ দুজন গৌৰীসাগৰ জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল।


AS 04 AJ 8366 নম্বৰৰ এখন স্কুটীৰে কলেজৰ পৰা ঘৰলৈ উভতাৰ পথত একে দিশে গৈ থকা এখন বাইকত স্কুটিখনে পাছফালৰ পৰা খুন্দা মাৰে।


স্কুটীৰ পৰা ছাত্ৰ দুজন উফৰি পৰি এজন ছাত্ৰ থিতাতে নিহত হোৱাৰ লগতে আনজন ছাত্ৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়।


আনহাতে স্কুটীখনে পাছফালৰ পৰা খুন্দা মৰা বাইকখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে বাইকত খুন্দা মৰা স্কুটীখন চুঁচৰি গৈ AS 06 AB 6343 নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনত খুন্দা মৰাৰ ফলত বাহনখনৰ সন্মুখভাগ ক্ষতিগ্ৰস্ত হয়।


নিহত ছাত্ৰ দুজনক আৰক্ষীয়ে উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষা সম্পাদনাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসলয়লৈ প্ৰেৰণ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু