--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰী চাকৰিত সংৰক্ষণৰ প্ৰসংগকলৈ   অগ্নিগৰ্ভ হৈ পৰা  বাংলাদেশত আৰক্ষীৰ গুলীত এতিয়ালৈকে ১০০ গৰাকীতকৈয়ো অধিক লোক নিহত হৈছে। নিহতসকলৰ প্ৰায়ভাগেই ছাত্ৰ-ছাত্ৰী।  বাংলাদেশত আৰক্ষীৰ গুলীত ছাত্ৰ-ছা্ী নিহত হোৱাকলৈ উদ্বেগ ব্যক্ত কৰিছে  ৰাষ্ট্ৰসংঘই। ৰা্ট্ৰসংঘই এনে পৰিস্থিতি আতংকজনক বুলি অভিহিত কৰিছে।ছাত্ৰ-ছাত্ৰীৰ ওপৰত আক্ৰমণ গ্ৰহণযোগ্য নহয় বুলি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰে। শেহতীয়াকৈ  বাংলাদেশৰ পৰিস্থিতি অধিক জটিল হৈ পৰিছে। মৃত্যুৰ সংখ্যাই অতিক্ৰম কৰিছে ১০০ গৰাকী। স্বাভাৱিকতে ঢাকাৰ পৰিস্থিতিয়ে সমগ্ৰ বিশ্বকে চিন্তিতকৰি তুলিছে।  ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বিভাগৰ মুৰব্বী ভলকাৰ টাৰ্কে কয় -শেহতীয়াকৈ বাংলাদেশত সংঘটিত হিংসাত্মক পৰিস্থিতিত বহু লোকৰ মৃত্যু আৰু আহত হোৱাৰ বিষয়টোকলৈ  মই গভীৰভাৱে চিন্তিত। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত আক্ৰমণ গ্ৰহণযোগ্য নহয়। এই আক্ৰমণৰ নিৰপেক্ষ, পুংখানুপুংখ আৰু সঠিক তদন্তৰ প্ৰয়োজন। দোষী সকলক চিনাক্ত কৰিব লাগিব।”

বাংলাদেশত যদিও চৰকাৰে মৃতকৰ সংখ্যা প্ৰকাশ  কৰা নাই তথাপি কমেও ১০০ গৰাকী লোক নিহত হোৱা বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে। । পৰিস্থিতি স্বাভাৱিক হোৱাৰ  কোনো লক্ষণ  এতিয়াও দেখা যোৱা নাই। শনিবাৰে প্ৰতিবাদকাৰীয়ে ঢাকা মেট্ৰ’ ষ্টেচনত অগ্নিসংযোগ কৰাৰ খবৰ আহিছে। ইফালে হাছিনা চৰকাৰে শুকুৰবাৰে নিশা সমগ্ৰ বাংলাদেশত সান্ধ্য আইন জাৰি কৰি সেনা মোতায়েন কৰে। শুকুৰবাৰে ঢাকা মহানগৰ আৰক্ষীৰ উপ আয়ুক্ত (মিডিয়া) ফাৰুক হোছেইনে ঘোষণা কৰে যে শুকুৰবাৰে বিয়লিৰ পৰা পৰৱৰ্তী জাননী নিদিয়ালৈকে ৰাজধানীত সকলো ধৰণৰ সমাৱেশ আৰু শোভাযাত্ৰা নিষিদ্ধ কৰা হৈছে।

এনে পৰিস্থিতিত তাত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক লৈ উদ্বেগ বাঢ়িছে। ভাৰতীয় শিক্ষাৰ্থীসকলৰ বহুতে ঘৰলৈ উভতি আহিবলৈ  চেষ্টা কৰি আছে।  শুকুৰবাৰে উত্তৰ-পূব সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে  ৩০০ৰো অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰী।জানিব পৰা মতে তেওঁলোকৰ মাজৰে   অধিকাংশ ছাত্ৰ-ছাত্ৰীয়েই  চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী। উত্তৰ প্ৰদেশ, হাৰিয়ানা, মেঘালয়, জম্মু-কাশ্মীৰৰ দৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা সেইসকল ছাত্ৰ-ছাত্ৰীয়ে বাংলাদেশলৈ চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিবলৈ গৈছিল।  কিন্তু কিয় জ্বলিছে বাংলাদেশ? দৰাচলতে চৰকাৰে দেশৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিয়া হাছিনাৰ আৱামি লীগ দলৰ মিত্ৰশক্তিৰ পৰিয়ালৰ  বাবে ৩০ শতাংশ চৰকাৰী চাকৰি সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছে। ১৯৭১ চনত পাকিস্তানৰ পৰা দেশখনক স্বাধীনতা কৰিবলৈ যুঁজ দিয়া  সৈনিকৰ পৰিয়ালৰ সদস্যৰ বাবে এনেদৰে চাকৰি সংৰক্ষিত কৰাত বহুতে আপত্তি কৰিছে। একেদৰে চৰকাৰে  ২৬ শতাংশ চাকৰি মহিলা, প্ৰতিবন্ধী আৰু সংখ্যালঘু জনগোষ্ঠীৰ বাবে সংৰক্ষণ কৰিছে। ইয়াৰ ফলত প্ৰায় ৪ লাখ স্নাতকে অসামৰিক সেৱাৰ পৰীক্ষাত বহিছিল যদিও প্ৰায় ৩ হাজাৰমান পদ মহিলা, প্ৰতিবন্ধী আৰু সংখ্যালঘু জনগোষ্ঠীৰ প্ৰাৰ্থীক দিব লাগিব। সংৰক্ষণৰ আওতাত নপৰা ছাত্ৰ-ছাত্ৰীসকলে সেয়ে চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰি হিংসাত্মক আন্দোলনত নামি পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক