--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানত বৃদ্ধি পাইছে  হিন্দু, শিখৰ দৰে সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ সংখ্যা। ইয়াৰ বিপৰীতে হ্ৰাস  পাইছে মুছলমানৰ সংখ্যা। ।  শেহতীয়া লোকপিয়লৰ তথ্য অনুসৰি চুবুৰীয়া দেশখনৰ হিন্দুৰ জনসংখ্যা  বৃদ্ধিৰ পাছতো পাকিস্তানৰ মুঠ জনসংখ্যাৰ অনুপাতত হিন্দুৰ সংখ্যা বহু কম হৈয়েই আছে।  একে সময়তে দেশ খনত  মুছলমানৰ জনসংখ্যাও সামান্য হ্ৰাস পোৱা দেখা গৈছে। যোৱা বছৰৰ লোকপিয়লৰ চৰকাৰী তথ্য অনুসৰি ২০১৭ চনত পাকিস্তানত হিন্দুৰ জনসংখ্যা ৩৫ লাখৰ পৰা ২০২৩ চনত ৩৮ লাখলৈ বৃদ্ধি পাইছে। 

এতিয়া হিন্দুসকল পাকিস্তানৰ সৰ্ববৃহৎ সংখ্যালঘু সম্প্ৰদায়ত পৰিণত হৈছে।পাকিস্তানৰ মুঠ জনসংখ্যা হৈছে ২৪,০৪,৫৮,০৮৯ গৰাকী। পাকিস্তানী কাকত ড’নৰ এক প্ৰতিবেদন অনুসৰি পাকিস্তান ব্যুৰো অৱ ষ্টেটিষ্টিকছে (পিবিএছ) সপ্তম জনসংখ্যা আৰু গৃহ নিৰ্মাণৰ লোকপিয়ল ২০২৩ৰ ফলাফল প্ৰকাশ কৰিছে। ২০২৩ চনত পাকিস্তানৰ মুঠ জনসংখ্যা আছিল ২৪,০৪,৫৮,০৮৯ গৰাকী।  তথ্য অনুসৰি মুঠ জনসংখ্যাত মুছলমানৰ অংশ ২০১৭ চনত ৯৬.৪৭ শতাংশৰ পৰা ২০২৩ চনত ৯৬.৩৫ শতাংশলৈ সামান্য হ্ৰাস পাইছে। একে সময়তে বিগত ছবছৰত সকলো প্ৰধান ধৰ্মীয় সংখ্যালঘুৰ জনসংখ্যা বৃদ্ধি পাইছে। কিন্তু মুঠ জনসংখ্যাৰ শতাংশ হিচাপে তেওঁলোকৰ অংশই অতি কম জনসংখ্যাৰ  ছবি এখন দাঙি ধৰিছে।


২০১৭ চনত পাকিস্তানত  হিন্দুৰ জনসংখ্যা আছিল ৩৫ লাখ। ২০২৩ চনত জনসংখ্যা ৩৮ লাখলৈ বৃদ্ধি পাইছে।  যদিও মুঠ জনসংখ্যাৰ ভিতৰত হিন্দুৰ অংশ ১.৭৩ শতাংশৰ পৰা ১.৬১ শতাংশলৈ হ্ৰাস পাইছে, ইয়াৰ পৰা বুজা যায় যে আন সংখ্যালঘু জনগোষ্ঠীসমূহ অধিক ক্ষীপ্ৰ হাৰত বৃদ্ধি পাইছে। খ্ৰীষ্টান জনসংখ্যাও ২৬ লাখৰ পৰা ৩৩ লাখলৈ বৃদ্ধি পাইছে। মুঠ জনসংখ্যাত তেওঁলোকৰ অংশ ১.২৭ৰ পৰা ১.৩৭ শতাংশলৈ বৃদ্ধি পাইছে। মুঠ জনসংখ্যাত আহমদীৰ জনসংখ্যাও হ্ৰাস পাইছে। ২০১৭ চনত ১৯১,৭৩৭ (০.০৯ শতাংশ)ৰ তুলনাত তেওঁলোকৰ সম্প্ৰদায়ৰ সংখ্যা ০.০৭ শতাংশ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক