--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানত বৃদ্ধি পাইছে  হিন্দু, শিখৰ দৰে সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ সংখ্যা। ইয়াৰ বিপৰীতে হ্ৰাস  পাইছে মুছলমানৰ সংখ্যা। ।  শেহতীয়া লোকপিয়লৰ তথ্য অনুসৰি চুবুৰীয়া দেশখনৰ হিন্দুৰ জনসংখ্যা  বৃদ্ধিৰ পাছতো পাকিস্তানৰ মুঠ জনসংখ্যাৰ অনুপাতত হিন্দুৰ সংখ্যা বহু কম হৈয়েই আছে।  একে সময়তে দেশ খনত  মুছলমানৰ জনসংখ্যাও সামান্য হ্ৰাস পোৱা দেখা গৈছে। যোৱা বছৰৰ লোকপিয়লৰ চৰকাৰী তথ্য অনুসৰি ২০১৭ চনত পাকিস্তানত হিন্দুৰ জনসংখ্যা ৩৫ লাখৰ পৰা ২০২৩ চনত ৩৮ লাখলৈ বৃদ্ধি পাইছে। 

এতিয়া হিন্দুসকল পাকিস্তানৰ সৰ্ববৃহৎ সংখ্যালঘু সম্প্ৰদায়ত পৰিণত হৈছে।পাকিস্তানৰ মুঠ জনসংখ্যা হৈছে ২৪,০৪,৫৮,০৮৯ গৰাকী। পাকিস্তানী কাকত ড’নৰ এক প্ৰতিবেদন অনুসৰি পাকিস্তান ব্যুৰো অৱ ষ্টেটিষ্টিকছে (পিবিএছ) সপ্তম জনসংখ্যা আৰু গৃহ নিৰ্মাণৰ লোকপিয়ল ২০২৩ৰ ফলাফল প্ৰকাশ কৰিছে। ২০২৩ চনত পাকিস্তানৰ মুঠ জনসংখ্যা আছিল ২৪,০৪,৫৮,০৮৯ গৰাকী।  তথ্য অনুসৰি মুঠ জনসংখ্যাত মুছলমানৰ অংশ ২০১৭ চনত ৯৬.৪৭ শতাংশৰ পৰা ২০২৩ চনত ৯৬.৩৫ শতাংশলৈ সামান্য হ্ৰাস পাইছে। একে সময়তে বিগত ছবছৰত সকলো প্ৰধান ধৰ্মীয় সংখ্যালঘুৰ জনসংখ্যা বৃদ্ধি পাইছে। কিন্তু মুঠ জনসংখ্যাৰ শতাংশ হিচাপে তেওঁলোকৰ অংশই অতি কম জনসংখ্যাৰ  ছবি এখন দাঙি ধৰিছে।


২০১৭ চনত পাকিস্তানত  হিন্দুৰ জনসংখ্যা আছিল ৩৫ লাখ। ২০২৩ চনত জনসংখ্যা ৩৮ লাখলৈ বৃদ্ধি পাইছে।  যদিও মুঠ জনসংখ্যাৰ ভিতৰত হিন্দুৰ অংশ ১.৭৩ শতাংশৰ পৰা ১.৬১ শতাংশলৈ হ্ৰাস পাইছে, ইয়াৰ পৰা বুজা যায় যে আন সংখ্যালঘু জনগোষ্ঠীসমূহ অধিক ক্ষীপ্ৰ হাৰত বৃদ্ধি পাইছে। খ্ৰীষ্টান জনসংখ্যাও ২৬ লাখৰ পৰা ৩৩ লাখলৈ বৃদ্ধি পাইছে। মুঠ জনসংখ্যাত তেওঁলোকৰ অংশ ১.২৭ৰ পৰা ১.৩৭ শতাংশলৈ বৃদ্ধি পাইছে। মুঠ জনসংখ্যাত আহমদীৰ জনসংখ্যাও হ্ৰাস পাইছে। ২০১৭ চনত ১৯১,৭৩৭ (০.০৯ শতাংশ)ৰ তুলনাত তেওঁলোকৰ সম্প্ৰদায়ৰ সংখ্যা ০.০৭ শতাংশ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন