--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: ভাৰতীয় সংস্কৃতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদসমূহৰ ভিতৰত এটা উল্লেখনীয় সম্পদ হৈছে সোণৰ গহনা। সোণৰ গহনা পৰিধানেৰে অতীজৰেপৰা ভাৰতীয় নাৰীৰ সৌন্দৰ্য বহন কৰি আহিছে৷ বিয়া-বাৰু হওক নাইবা যিকোনো উৎসৱত সোণ পৰিধান কৰে ভাৰতীয় মহিলাই৷ মহিলাৰ সমান্তৰালকৈ পুৰুষেও সোণৰ গহনা পৰিধান কৰে৷ পৌৰাণিক কালৰ পৰাই ভাৰতত সোণৰ গহনাই এক সুকীয়া স্থান বহন কৰিছে৷ ইপিনে সমাগত পূজাৰ বতৰত৷ এই বতৰত কাপোৰৰ সমান্তৰালকৈ সোণ কিনাৰ টেণ্ড আহিছে৷ বজাৰত সোণৰ মূল্যৰ বাবে গ্ৰাহকে কৰিছে ভীৰ৷ কিন্তু এতিয়া যদি নতুনকৈ সোণৰ গহনা কিনাৰ মনস্থ হৈছে তেনেহ'লে ৰ'ব! যদি আপুনি সোণ ক্ৰয় কৰিব বিচাৰিছে তেনেহ'লে আপোনাৰ বাবে আছে এক খবৰ৷ দেশত সোণৰ মূল্য কিছু চৰ্চালাভ কৰিছে৷ ভাৰতত বৃহস্পতিবাৰে সোণ মূল্য প্ৰতি দহ গ্ৰামত ৪৭,৩৩০ টকাত বিক্ৰী হৈছে, যি আগৰ বাণিজ্যতকৈ ৩৩০ টকা অধিক বুলি জানিব পৰা গৈছে।

আবকাৰী শুল্ক, ৰাজ্যিক কৰ আৰু মেকিং চাৰ্জৰ বাবে দ্বিতীয় সৰ্ববৃহৎ উপভোক্তা ধাতু হিচাপে সমগ্ৰ ভাৰতত সোণৰ গহনাবোৰৰ মূল্য পৃথক হয়। নতুন দিল্লী আৰু মুম্বাইত, ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ক্ৰমান্বয়ে ৪৬,৪৫০ টকা আৰু ৪৬,৩৩০ টকাত বিক্ৰী হৈছিল। তাৰবিপৰীতে চেন্নাইত ৪৪,৬০০ টকাত বিক্ৰী হৈ আছিল। কলকাতাত ইয়াৰ মূল্য হৈছে গৈ ৪৯,২৫০ টকা।

গুড ৰিটাৰ্ণছ ৱেবছাইটঅনুসৰি ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ৬৩,৪০০ টকাত বিক্ৰী হৈছে, যি কালিৰ ব্যৱসায়িক মূল্যৰ ২০০ টকা বৃদ্ধি হোৱা বুলি জানিবলৈ পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ