--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: ভাৰতীয় সংস্কৃতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদসমূহৰ ভিতৰত এটা উল্লেখনীয় সম্পদ হৈছে সোণৰ গহনা। সোণৰ গহনা পৰিধানেৰে অতীজৰেপৰা ভাৰতীয় নাৰীৰ সৌন্দৰ্য বহন কৰি আহিছে৷ বিয়া-বাৰু হওক নাইবা যিকোনো উৎসৱত সোণ পৰিধান কৰে ভাৰতীয় মহিলাই৷ মহিলাৰ সমান্তৰালকৈ পুৰুষেও সোণৰ গহনা পৰিধান কৰে৷ পৌৰাণিক কালৰ পৰাই ভাৰতত সোণৰ গহনাই এক সুকীয়া স্থান বহন কৰিছে৷ ইপিনে সমাগত পূজাৰ বতৰত৷ এই বতৰত কাপোৰৰ সমান্তৰালকৈ সোণ কিনাৰ টেণ্ড আহিছে৷ বজাৰত সোণৰ মূল্যৰ বাবে গ্ৰাহকে কৰিছে ভীৰ৷ কিন্তু এতিয়া যদি নতুনকৈ সোণৰ গহনা কিনাৰ মনস্থ হৈছে তেনেহ'লে ৰ'ব! যদি আপুনি সোণ ক্ৰয় কৰিব বিচাৰিছে তেনেহ'লে আপোনাৰ বাবে আছে এক খবৰ৷ দেশত সোণৰ মূল্য কিছু চৰ্চালাভ কৰিছে৷ ভাৰতত বৃহস্পতিবাৰে সোণ মূল্য প্ৰতি দহ গ্ৰামত ৪৭,৩৩০ টকাত বিক্ৰী হৈছে, যি আগৰ বাণিজ্যতকৈ ৩৩০ টকা অধিক বুলি জানিব পৰা গৈছে।

আবকাৰী শুল্ক, ৰাজ্যিক কৰ আৰু মেকিং চাৰ্জৰ বাবে দ্বিতীয় সৰ্ববৃহৎ উপভোক্তা ধাতু হিচাপে সমগ্ৰ ভাৰতত সোণৰ গহনাবোৰৰ মূল্য পৃথক হয়। নতুন দিল্লী আৰু মুম্বাইত, ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ক্ৰমান্বয়ে ৪৬,৪৫০ টকা আৰু ৪৬,৩৩০ টকাত বিক্ৰী হৈছিল। তাৰবিপৰীতে চেন্নাইত ৪৪,৬০০ টকাত বিক্ৰী হৈ আছিল। কলকাতাত ইয়াৰ মূল্য হৈছে গৈ ৪৯,২৫০ টকা।

গুড ৰিটাৰ্ণছ ৱেবছাইটঅনুসৰি ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ৬৩,৪০০ টকাত বিক্ৰী হৈছে, যি কালিৰ ব্যৱসায়িক মূল্যৰ ২০০ টকা বৃদ্ধি হোৱা বুলি জানিবলৈ পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক