--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোহময়ী অভিনেত্ৰী প্ৰীতি জিণ্টাই এক বিশেষ কথাক লৈ ছ’চিয়েল মিডিয়াত উজাৰিলে ক্ষোভ৷ যদিও প্ৰীতি জিণ্টা ছ’চিয়েল মিডিয়াত কম সক্ৰিয়, তথাপিও শেহতীয়াকৈ তেওঁ অনলাইন ট্ৰলিং আৰু ছ’চিয়েল মিডিয়াত বিয়পি থকা বিষক্ৰিয়াৰ সন্দৰ্ভত মত প্ৰকাশ কৰে৷ প্ৰীতিয়ে কয় যে চেলিব্ৰিটিৰ ছ’চিয়েল মিডিয়াৰ কাৰ্যকলাপ দেখি মানুহে নিজৰ বিচাৰ সোনকালে দাঙি ধৰে। 

প্ৰীতিয়ে লিখিছে, ‘‘ছ’চিয়েল মিডিয়াত আজিকালি কি হৈ আছে? যদি কোনোবাই AI বটৰ সৈতে চ্যাট কৰে তেন্তে মানুহে ইয়াক পেইড প্ৰচাৰ বুলি ভাবে। যদি আপুনি প্ৰধানমন্ত্ৰীৰ প্ৰশংসা কৰে তেন্তে আপোনাক ভক্ত বুলি কোৱা হয় আৰু যদি আপুনি নিজকে গৌৰৱান্বিত হিন্দু বা ভাৰতীয় বুলি কয় তেন্তে আপোনাক অন্ধভক্ত বুলি কোৱা হয়।’’

প্ৰীতিয়ে মানুহক বাস্তৱমুখী হ’বলৈ পৰামৰ্শ দিয়ে। তেওঁ কয় যে, ‘মানুহ যেনেদৰে আছে তেনেদৰে গ্ৰহণ কৰক আৰু আমি যিদৰে হ’ব লাগে বুলি ভাবো তেনেদৰে গ্ৰহণ কৰক। আমি সৰল হৈ থাকিব লাগিব, ইজনে সিজনৰ লগত সুখেৰে কথা পাতিব লাগিব।’’

প্ৰীতিয়ে কয়, ‘‘মই বাস্তৱত মুখামুখিকৈ বহি কথা পাতি ভাল পাওঁ আৰু অনলাইনত যোৱাৰ সময় কম পাওঁ কাৰণ মই মোৰ সন্তানৰ লগত ব্যস্ত। আগতে মই বহুত আড্ডা মাৰিছিলোঁ। আমি এটা বিষয় বাছি লৈ সেই সন্দৰ্ভত আলোচনা কৰিছিলোঁ। আশাকৰোঁ আমি আগৰ দৰে সোনকালে আড্ডা মাৰিম যেতিয়া মই সময় পাম।’’

প্ৰীতিৰ পেছাদাৰী জীৱনৰ কথা ক’বলৈ গ’লে ‘লাহোৰ ১৯৪৭’ ছবিখনৰ জৰিয়তে বহুদিনৰ মূৰত এতিয়া পুনৰ ডাঙৰ পৰ্দালৈ উভতি আহিবলৈ সাজু হৈছে। ৰাজকুমাৰ সন্তোষীয়ে পৰিচালনা কৰা এই ছবিখনত ছানী দেওলেও অভিনয় কৰিছে। আমিৰ খানৰ প্ৰযোজনাৰ অধীনত ছবিখন নিৰ্মাণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু