--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোহময়ী অভিনেত্ৰী প্ৰীতি জিণ্টাই এক বিশেষ কথাক লৈ ছ’চিয়েল মিডিয়াত উজাৰিলে ক্ষোভ৷ যদিও প্ৰীতি জিণ্টা ছ’চিয়েল মিডিয়াত কম সক্ৰিয়, তথাপিও শেহতীয়াকৈ তেওঁ অনলাইন ট্ৰলিং আৰু ছ’চিয়েল মিডিয়াত বিয়পি থকা বিষক্ৰিয়াৰ সন্দৰ্ভত মত প্ৰকাশ কৰে৷ প্ৰীতিয়ে কয় যে চেলিব্ৰিটিৰ ছ’চিয়েল মিডিয়াৰ কাৰ্যকলাপ দেখি মানুহে নিজৰ বিচাৰ সোনকালে দাঙি ধৰে। 

প্ৰীতিয়ে লিখিছে, ‘‘ছ’চিয়েল মিডিয়াত আজিকালি কি হৈ আছে? যদি কোনোবাই AI বটৰ সৈতে চ্যাট কৰে তেন্তে মানুহে ইয়াক পেইড প্ৰচাৰ বুলি ভাবে। যদি আপুনি প্ৰধানমন্ত্ৰীৰ প্ৰশংসা কৰে তেন্তে আপোনাক ভক্ত বুলি কোৱা হয় আৰু যদি আপুনি নিজকে গৌৰৱান্বিত হিন্দু বা ভাৰতীয় বুলি কয় তেন্তে আপোনাক অন্ধভক্ত বুলি কোৱা হয়।’’

প্ৰীতিয়ে মানুহক বাস্তৱমুখী হ’বলৈ পৰামৰ্শ দিয়ে। তেওঁ কয় যে, ‘মানুহ যেনেদৰে আছে তেনেদৰে গ্ৰহণ কৰক আৰু আমি যিদৰে হ’ব লাগে বুলি ভাবো তেনেদৰে গ্ৰহণ কৰক। আমি সৰল হৈ থাকিব লাগিব, ইজনে সিজনৰ লগত সুখেৰে কথা পাতিব লাগিব।’’

প্ৰীতিয়ে কয়, ‘‘মই বাস্তৱত মুখামুখিকৈ বহি কথা পাতি ভাল পাওঁ আৰু অনলাইনত যোৱাৰ সময় কম পাওঁ কাৰণ মই মোৰ সন্তানৰ লগত ব্যস্ত। আগতে মই বহুত আড্ডা মাৰিছিলোঁ। আমি এটা বিষয় বাছি লৈ সেই সন্দৰ্ভত আলোচনা কৰিছিলোঁ। আশাকৰোঁ আমি আগৰ দৰে সোনকালে আড্ডা মাৰিম যেতিয়া মই সময় পাম।’’

প্ৰীতিৰ পেছাদাৰী জীৱনৰ কথা ক’বলৈ গ’লে ‘লাহোৰ ১৯৪৭’ ছবিখনৰ জৰিয়তে বহুদিনৰ মূৰত এতিয়া পুনৰ ডাঙৰ পৰ্দালৈ উভতি আহিবলৈ সাজু হৈছে। ৰাজকুমাৰ সন্তোষীয়ে পৰিচালনা কৰা এই ছবিখনত ছানী দেওলেও অভিনয় কৰিছে। আমিৰ খানৰ প্ৰযোজনাৰ অধীনত ছবিখন নিৰ্মাণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ