--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে এতিয়া গাড়ীত বহি থকা সকলো লোকে ছীট বে’ল্টৰ পিন্ধাটো বাধ্যতামূলক হ’ব। ইয়াৰ বাবে অহা ২-৩ দিনত জাৰি কৰা হ’ব অধিসূচনা।

পথ দুৰ্ঘটনাত টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিষ্ট্ৰীৰ মৃত্যুৰ পিছতে গাড়ীৰ পিছৰ চিটতো ছীট বে’ল্ট পিন্ধাৰ প্ৰয়োজনীয়তাক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। কেন্দ্রীয় গড়কাপ্তানি আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে নিজেই ঘোষণা কৰিছে যে গাড়ীত বহি থকা সকলো যাত্রীয়ে ছীট বে’ল্ট পিন্ধাটো বাধ্যতামূলক হ’ব৷ এই সন্দৰ্ভত অহা ২-৩ দিনত পৰিবহণ মন্ত্ৰণালয়েও জাননী জাৰি কৰিব বুলি তেওঁ জানিব দিয়ে।

দেওবাৰে মহাৰাষ্ট্ৰৰ পালঘৰত সংঘটিত এক গাড়ী দুৰ্ঘটনাত মৃত্যু হয় টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিষ্ট্ৰী আৰু তেওঁৰ বন্ধু জেহাংগীৰ পাণ্ডোলে। প্ৰাথমিক তদন্তৰ ভিত্তিত আৰক্ষীয়ে কয় যে এনে লাগে যেন এই মাৰাত্মক দুৰ্ঘটনাৰ এটা ডাঙৰ কাৰণ আছিল দুয়োজন যাত্ৰীৰ ছীট বে’ল্ট পৰিধান নকৰা। যেতিয়া তেওঁৰ তীব্ৰবেগী গাড়ীখন ছীট বে’ল্ট নিপিন্ধাৰ বাবে ডিভাইডাৰৰ  খুন্দা খাইছিল, তেতিয়া পিছফালে বহি থকা দুয়োজন যাত্ৰীয়ে জপিয়াই পৰৱৰ্তী অংশৰ ফালে খুন্দা মাৰিছিল।

কিন্তু এতিয়াৰে পৰা ছীট বে’ল্ট পৰিধান নকৰাৰ বাবে পাছৰ চিটত বহি থকা যাত্ৰীসকলক ১০০০ টকা জৰিমনা বিহাৰ আইনী ব্যৱস্থা কৰা হৈছে। ভাৰতত গাড়ীৰ পাছৰ চিটত বহি থকা যাত্ৰীসকলে ছীট বে’ল্ট লগাবলৈ বুজি নাপায়। আনকি যান-বাহন আৰক্ষীয়েও এই ব্যৱস্থা উলংঘা কৰা বুলি ধৰা পৰিলে জৰিমনা খুব কমেইহে লগায়। আন্তঃৰাষ্ট্ৰীয় পথ ফেডাৰেচনৰ সন্মানীয় সভাপতি কে কে কপিলাইও এই কথাত একমত যে পিছৰ ছিটত থকা লোকসকলৰ মাজত ছীট বে’ল্ট খুব কমেইহে পিন্ধে। ডাঙৰ চহৰ আৰু মেট্ৰ’ত ই বহুত কম। সৰু চহৰবোৰত এই অনুপাত প্ৰায় শূন্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ