--°C
Loading...
Listen to Article
2 min read
80%
ডিজটেল ডেস্কঃ ছিৰিয়াত বিগত ১১ দিন ধৰি বিদ্ৰোহী সংগঠন আৰু সেনাৰ মাজত চলি থকা সংঘাতৰ মাজতে ৰাজধানী ডামাস্কাছত প্ৰৱেশ কৰিছে বিদ্ৰোহী যোদ্ধাসকলে। এক প্ৰতিবেদন অনুসৰি যোৱা এসপ্তাহত বিদ্ৰোহীয়ে ছিৰিয়াৰ চাৰিখন ডাঙৰ চহৰ দখল কৰিছে। ইয়াৰ ভিতৰত আছে আলেপ্পো, হামা, হোমছ আৰু দাৰা চহৰ।

हमा शहर पर कब्जे के बाद जीत का जश्न मनाते विद्रोही गुट के लड़ाके।

ৰাজধানী ডামাস্কাছ এৰি ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ পলায়নৰ খবৰ পোহৰলৈ আহিছে । বহু সংবাদ মাধ্যমৰ বাতৰিয়ে দাবী কৰিছে যে বিদ্ৰোহীৰ ভয়ত আছাদ আৰু তেওঁৰ পৰিয়ালে দেশ এৰি ৰাছিয়াত আশ্ৰয় লৈছে। অৱশ্যে ছিৰিয়া চৰকাৰে আছাদে দেশৰ পৰা পলায়ন কৰাৰ খবৰ অস্বীকাৰ কৰিছে। এই সংঘাতৰ বাবে এতিয়ালৈকে ৩.৭০ লাখ লোক স্থানচ্যুত হৈছে।

৬ ডিচেম্বৰত দখল কৰা দাৰা চহৰৰ পৰা ৰাজধানী ডামাস্কাছত প্ৰৱেশ কৰিছে বিদ্ৰোহী যোদ্ধাসকলে। ২০১১ চনত ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হোৱা সেই একেখন চহৰৰ পৰাই সমগ্ৰ দেশ যুদ্ধৰ অৱস্থালৈ পৰিণত হৈছিল দাৰা। দৰাৰ পৰা ৰাজধানী ডামাস্কাছলৈ দূৰত্ব প্ৰায় ১০০ কিলোমিটাৰ। স্থানীয় বিদ্ৰোহীয়ে ইয়াত বন্দী কৰিছে। একে সময়তে আলেপ্পো, হামা আৰু হোমছ ইছলামিক উগ্ৰপন্থী সংগঠন হায়াত তাহৰিৰ আল শ্বামৰ নিয়ন্ত্ৰণত আছে।

हमा पर कब्जे के बाद रॉकेट लॉन्चर के साथ विद्रोही लड़ाका। बैकग्राउंड में राष्ट्रपति असद की तस्वीर है जिसके चेहरे पर गोलियां बरसाई गईं।

২৭ নৱেম্বৰত ছিৰিয়াত সেনা আৰু ছিৰিয়াৰ বিদ্ৰোহী সংগঠন হায়াত তাহৰিৰ আল শ্বাম (HTS)ৰ মাজত সংঘাত আৰম্ভ হৈছিল। ইয়াৰ পিছত ১ ডিচেম্বৰত বিদ্ৰোহীয়ে উত্তৰ দিশৰ আলেপ্পো চহৰ দখল কৰে। চাৰিদিন পিছত বিদ্ৰোহী সংগঠনে আন এখন ডাঙৰ চহৰ হামাকো দখল কৰে ৷ দক্ষিণৰ দাৰা চহৰ দখল কৰি দুই দিশৰ পৰা ৰাজধানী দামাস্কাছক ঘেৰাও কৰিছে বিদ্ৰোহীয়ে। দাৰা আৰু ৰাজধানী দামাস্কাছৰ মাজত মাত্ৰ ৯০ কিলোমিটাৰ দূৰত্ব। ইফালে ইৰাণে ছিৰিয়াৰ পৰা নিজৰ জনসাধাৰণক উলিয়াই আনিবলৈ আৰম্ভ কৰিছে। ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে গভীৰ নিশা ছিৰিয়ালৈ যোৱা আৰু তাত বাস কৰা ভাৰতীয় মূলৰ লোকসকলৰ বাবে নিৰ্দেশনা জাৰি কৰে।














FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক