--°C
Loading...
Listen to Article
2 min read
80%
ডিজটেল ডেস্কঃ ছিৰিয়াত বিগত ১১ দিন ধৰি বিদ্ৰোহী সংগঠন আৰু সেনাৰ মাজত চলি থকা সংঘাতৰ মাজতে ৰাজধানী ডামাস্কাছত প্ৰৱেশ কৰিছে বিদ্ৰোহী যোদ্ধাসকলে। এক প্ৰতিবেদন অনুসৰি যোৱা এসপ্তাহত বিদ্ৰোহীয়ে ছিৰিয়াৰ চাৰিখন ডাঙৰ চহৰ দখল কৰিছে। ইয়াৰ ভিতৰত আছে আলেপ্পো, হামা, হোমছ আৰু দাৰা চহৰ।

हमा शहर पर कब्जे के बाद जीत का जश्न मनाते विद्रोही गुट के लड़ाके।

ৰাজধানী ডামাস্কাছ এৰি ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ পলায়নৰ খবৰ পোহৰলৈ আহিছে । বহু সংবাদ মাধ্যমৰ বাতৰিয়ে দাবী কৰিছে যে বিদ্ৰোহীৰ ভয়ত আছাদ আৰু তেওঁৰ পৰিয়ালে দেশ এৰি ৰাছিয়াত আশ্ৰয় লৈছে। অৱশ্যে ছিৰিয়া চৰকাৰে আছাদে দেশৰ পৰা পলায়ন কৰাৰ খবৰ অস্বীকাৰ কৰিছে। এই সংঘাতৰ বাবে এতিয়ালৈকে ৩.৭০ লাখ লোক স্থানচ্যুত হৈছে।

৬ ডিচেম্বৰত দখল কৰা দাৰা চহৰৰ পৰা ৰাজধানী ডামাস্কাছত প্ৰৱেশ কৰিছে বিদ্ৰোহী যোদ্ধাসকলে। ২০১১ চনত ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হোৱা সেই একেখন চহৰৰ পৰাই সমগ্ৰ দেশ যুদ্ধৰ অৱস্থালৈ পৰিণত হৈছিল দাৰা। দৰাৰ পৰা ৰাজধানী ডামাস্কাছলৈ দূৰত্ব প্ৰায় ১০০ কিলোমিটাৰ। স্থানীয় বিদ্ৰোহীয়ে ইয়াত বন্দী কৰিছে। একে সময়তে আলেপ্পো, হামা আৰু হোমছ ইছলামিক উগ্ৰপন্থী সংগঠন হায়াত তাহৰিৰ আল শ্বামৰ নিয়ন্ত্ৰণত আছে।

हमा पर कब्जे के बाद रॉकेट लॉन्चर के साथ विद्रोही लड़ाका। बैकग्राउंड में राष्ट्रपति असद की तस्वीर है जिसके चेहरे पर गोलियां बरसाई गईं।

২৭ নৱেম্বৰত ছিৰিয়াত সেনা আৰু ছিৰিয়াৰ বিদ্ৰোহী সংগঠন হায়াত তাহৰিৰ আল শ্বাম (HTS)ৰ মাজত সংঘাত আৰম্ভ হৈছিল। ইয়াৰ পিছত ১ ডিচেম্বৰত বিদ্ৰোহীয়ে উত্তৰ দিশৰ আলেপ্পো চহৰ দখল কৰে। চাৰিদিন পিছত বিদ্ৰোহী সংগঠনে আন এখন ডাঙৰ চহৰ হামাকো দখল কৰে ৷ দক্ষিণৰ দাৰা চহৰ দখল কৰি দুই দিশৰ পৰা ৰাজধানী দামাস্কাছক ঘেৰাও কৰিছে বিদ্ৰোহীয়ে। দাৰা আৰু ৰাজধানী দামাস্কাছৰ মাজত মাত্ৰ ৯০ কিলোমিটাৰ দূৰত্ব। ইফালে ইৰাণে ছিৰিয়াৰ পৰা নিজৰ জনসাধাৰণক উলিয়াই আনিবলৈ আৰম্ভ কৰিছে। ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে গভীৰ নিশা ছিৰিয়ালৈ যোৱা আৰু তাত বাস কৰা ভাৰতীয় মূলৰ লোকসকলৰ বাবে নিৰ্দেশনা জাৰি কৰে।














FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ