ডিজিটেল ডেস্ক: দেশী-বিদেশী পৰ্যটকৰ বাবে আন এক সুখবৰ। আজিৰে পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম আকৰ্ষণীয় বুঢ়াপাহাৰ বনাঞ্চলৰ প্ৰবেশ দ্বাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া অৰুণ ভিগনেছ, বনাঞ্চলিক বিষয়া নিলয় বৰুৱাৰ উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ডঃ চি ৰমেশে আনুষ্ঠানিকভাৱে এই বনাঞ্চলখন পৰ্যটকৰ ভ্ৰমণৰ বাবে মুকলি কৰাৰ লগে লগে এতিয়াৰে পৰা প্ৰকৃতিপ্ৰেমী পৰ্যটক সকলে বুঢ়াপাহাৰ বনাঞ্চলৰ বুকুত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব।
বুঢ়াপাহাৰ বনাঞ্চলৰ প্ৰৱেশদ্বাৰেদি পৰ্যটকে জীপ চাফাৰী কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক দৃশ্য অতি ওচৰৰ পৰা উপভোগ কৰাৰ লগতে আপুৰুগীয়া হলৌ বান্দৰ, টুপীমুৰীয়া বান্দৰ আৰু বিভিন্ন প্ৰজাতিৰ ধনেশ চৰাইৰ লগতে ঘৰিয়াল প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিব পৰ্যটকসকলে। উল্লেখযোগ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত বন্যপ্ৰাণীৰ নয়নাভিৰাম বিচৰণৰ লগতে ইয়াৰ অনন্য প্ৰাকৃতিক শোভাই দীৰ্ঘদিনৰে পৰা বিশ্বৰ চুকে-কোণে থকা পৰ্যটকক আকৰ্ষিত কৰি আহিছে।
চলিত পৰ্যটন বৰ্ষত বুঢ়াপাহাৰ বনাঞ্চলখন মুকলি হোৱাৰ লগে লগে কাজিৰঙাত পৰ্যটকৰ আগমন আৰু অধিক বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই। আজি প্ৰথমটো দিনতে চাফাৰী কৰিবলৈ অহা পৰ্যটকসকলৰ মাজত এক উচাহ-উদ্দীপনা দেখিবলৈ পোৱা যায়।