--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আফগানিস্তানৰ তালিবান চৰকাৰৰ শেহতীয়া এক ঘোষণা সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। আফগানিস্তানত মহিলাৰ চিকিৎসা প্ৰশিক্ষণ নিষিদ্ধ ঘোষণা কৰিছে তালিবানে। তালিবান মন্ত্ৰী হিবাতুল্লাহ আখুন্দজাদাই ২ ডিচেম্বৰত আফগানিস্তানত মহিলাৰ চিকিৎসা প্ৰশিক্ষণ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল৷ তালিবানৰ এই নতুন নিৰ্দেশনাৰ তীব্ৰ বিৰোধিতা কৰিছে আফগানিস্তানৰ তাৰকা স্পিনাৰ ৰছিদ খানে।

ৰছিদ খানে ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰিছে। নিজ দেশৰ মহিলাসকলৰ সমৰ্থনত মুকলিকৈ ওলাই আহিছে ৰছিদ খান।তাৰকা ক্ৰিকেটাৰ ৰছিদ খানে আফগানিস্তানত মহিলাৰ চিকিৎসা প্ৰশিক্ষণৰ ওপৰত থকা নিষেধাজ্ঞা অনতিপলমে প্ৰত্যাহাৰ কৰিবলৈ তালিবান চৰকাৰক আহ্বান জনাইছে। ৰছিদ খানে এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি ক্ৰিকেটাৰগৰাকীয়ে আফগানিস্তানত মহিলাসকলৰ বাবে চিকিৎসা প্ৰতিষ্ঠানৰ দ্বাৰ বন্ধ হৈ পৰাত হতাশ হৈ পৰা বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে ইছলামিক শিক্ষাত শিক্ষাক বিশেষ স্থান আছে, পুৰুষ আৰু মহিলা উভয়ে জ্ঞান আহৰণ কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। কোৰানে শিক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে পুৰুষ মহিলা বাবে সমানে আধ্যাত্মিক মূল্য গ্ৰহণ কৰে।

তালিবানৰ এই সিদ্ধান্তই কেৱল মহিলাৰ ভৱিষ্যতেই নহয়, সমাজ তন্ত্ৰকো গভীৰভাৱে প্ৰভাৱিত কৰিছে। ৰছিদ খানে তালিবান চৰকাৰক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আবেদন জনাই কয় যে সকলোকে শিক্ষা প্ৰদান কৰাটো কেৱল সামাজিক দায়বদ্ধতাই নহয়, নৈতিক বাধ্যবাধকতাও।

ৰছিদ খানে লগতে কয় আফগানিস্তান এক জটিল সন্ধিক্ষণত থিয় দিছে। প্ৰতিটো ক্ষেত্ৰতে পেছাদাৰী ব্যক্তিৰ অতি প্ৰয়োজন বিশেষকৈ চিকিৎসা ক্ষেত্ৰত। আফগানিস্তানত মহিলা চিকিৎসক আৰু নাৰ্ছৰ তীব্ৰ নাটনি বিশেষভাৱে চিন্তনীয়৷ যি প্ৰত্যক্ষভাৱে মহিলাৰ স্বাস্থ্যসেৱা আৰু মৰ্যাদাৰ ওপৰত প্ৰভাৱ পেলাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক