ডিজিটেল ডেস্ক: বিদ্যালয় সলাইছে বান্দৰে। কিছুদিন পূৰ্বে কলিয়াবৰৰ গৰুবন্ধা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক আক্ৰমণ কৰি কৰিছিল দুটিমান বান্দৰে। চেগা চোৰোকাকৈ কেইবাদিনো বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰিছিল বান্দৰকেইটাই।
কিছুদিন বিৰতিৰ পাছত আকৌ উৎপাত চলিছে বান্দৰৰ, আক্ৰমণ কৰিছে ছাত্ৰ-ছাত্ৰীক। বান্দৰ কেইটাই এইবাৰ সলনি কৰিছে টাৰ্গেট। এইবাৰ বান্দৰৰ টাৰ্গেট লম্বোদৰ বৰুৱা বাঘজান প্ৰাথমিক বিদ্যালয়। কালি বান্দৰৰ আক্ৰমণত আহত হয় কেইবাজনো ছাত্ৰ-ছাত্ৰী।
স্থানীয় জখলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী বৰ্ণালী মুক্তিয়াৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ আজিৰে পৰা বনকৰ্মীৰ সহায়ত ছাত্ৰ-ছাত্ৰীক বান্দৰৰ পৰা সুৰক্ষা দিয়াৰ ব্যবস্থা কৰিছে যদিও সেয়া স্থায়ী সমাধান নহয়। বান্দৰৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে চৰকাৰ তথা বনবিভাগৰ ওচৰত দাবী জনাইছে ৰাইজে।