ডিজিটেল ডেস্ক: বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত। পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত।
অসমৰ পাহাৰীয়া অঞ্চলৰ ৰে’ল সেৱা ব্যাহত হৈছে শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ (ৰে’ল নং ১৫৬১৬) ইঞ্জিন বদৰপুৰ ৰে’লৱে দলঙত লাইনচ্যুত হোৱাৰ ফলত।
উপলব্ধ তথ্য অনুসৰি, এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।
এই ঘটনাৰ পিছতে গুৱাহাটী–শিলচৰ এক্সপ্ৰেছ (ৰে’ল নং ১৫৫১৬) বাতিল কৰা হৈছে। আনহাতে, পাহাৰীয়া পথেৰে চলাচল কৰা আন ৰে’লসমূহ বিভিন্ন ষ্টেচনত ৰখাই থোৱা হৈছে। ফলত ৰে’ল সেৱাত যথেষ্ট ব্যাঘাতৰ সৃষ্টি হৈছে।
বৰ্তমান ঘটনাস্থলীত পুনৰুদ্ধাৰৰ কাম চলি আছে। সূত্ৰ অনুসৰি, আজি সন্ধিয়াৰ ভিতৰত পুনৰুদ্ধাৰৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।
স্বাভাৱিক ৰে’ল সেৱা কেতিয়াৰ পৰা পুনৰ আৰম্ভ হ’ব, সেই সন্দৰ্ভত ৰে’ল কৰ্তৃপক্ষৰ পৰা অধিক তথ্যৰ অপেক্ষা কৰা হৈছে।
ইফালে, যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ৰে’ল বিভাগৰ শেহতীয়া জাননী আৰু তথ্য পৰীক্ষা কৰি ল’বলৈ পৰামৰ্শ দিয়া হৈছে।