ডিজিটেল ডেস্ক : মুদ্রাস্ফীতি, নিবনুৱা সমস্যা, জীৱন ধাৰণৰ ব্যয় বৃদ্ধি আদিয়ে ইউৰোপৰ জনতাক প্রতিবাদমুখৰ কৰি তুলিছে। ইউৰোপ মহাদেশৰ প্ৰায় প্ৰতিখন ৰাষ্ট্ৰৰ জনতাই চৰকাৰৰ নীতিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে। তথা অনুসৰি সমগ্ৰ ইউৰোপত চলিত বৰ্ষত ২২ হাজাৰটা প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰা হৈছে। ১৯ অক্টোবৰ পৰ্যন্ত ইউৰোপিয়ান ইউনিয়নৰ ২৭খন দেশত এই বিক্ষোভ-প্রতিবাদসমূহ ৰূপায়ণ কৰা হৈছে।
ইউৰোপৰ দেশসমূহৰ ভিতৰত সর্বাধিক ৬৬ শতাংশ বিক্ষোভ কার্যসূচী ৰূপায়ণ কৰিছে ফ্ৰান্সৰ জনতাই। ইউৰোপিয়ান ইউনিয়নৰ দেশসমূহৰ মুঠ জনসংখ্যাৰ মাত্র ১৫ শতাংশইহে ফ্রান্সত বাস কৰে। তথাপি দেশখনত প্ৰতিবাদৰ হাৰ বেছি। দেশখনত বছৰটোত প্রায় ৭,৩০০টা দেশখনত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। সোমবাৰেও দেশখনৰ ৰাজপথ উত্তাল কৰে জনতাই।
দেশখনৰ শিক্ষা ব্যৱস্থাৰ অৱনতি আৰু মুদ্রাস্ফীতি বৃদ্ধিৰ বিৰুদ্ধে জনতা বিতুষ্ট হৈ ৰাজপথলৈ ওলাই আহিছে। একেৰাহে তৃতীয় সপ্তাহৰ বাবে পেৰিছত অব্যাহত আছে প্রতিবাদ। চলিত বর্ষত ফ্রান্সত ৯৫০টা হিংসাত্মক প্রতিবাদ হোৱাৰ বিপৰীতে গ্ৰীচত ৭৫টা, ছুইডেনত ৭০টা, ব্রিটেইনত ৬০টা আৰু জার্মানিত ৪৫টা হিংসাত্মক প্রতিবাদ সাব্যস্ত কৰে জনতাই।
উৎস: দৈনিক জনমভূমি