--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : অভিনেত্ৰী কংগনা ৰানাৱটৰ পাছত এইবাৰ অভিনেতা ছনু ছুডৰ মু্ম্বাইক ঘৰতো চলিব পাৰে বৃহনমুম্বাই মিউনিচিপাল কৰ্প’ৰেচনৰ উচ্ছেদ। অভিনেতাজনে তেওঁ আবাসিক অট্টালিকাত অবৈধভাৱে হোটেল চলাই থকাৰ অভিযোগত জাননী জাৰি কৰিছিল বিএমচি-এ। এই জাননীক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল অভিনেতাগৰাকী।কিন্তু তেওঁৰ আবেদন নাকচ কৰে ব’ম্বে উচ্চ ন্যায়ালয়ে। ফলত অভিনেতা ছনু ছুডৰ বিপদ বঢ়াটো নিশ্চিত হৈ পৰিল।

আৰু পঢ়িব পাৰিব : ট্ৰাম্পৰ নীতি সলনিৰ বাবে সাজু বাইডেন, ইছলামিক দেশলৈকো সকাহ!

মুম্বাইৰ জুহুত থকা তেওঁৰ আবাসিক অট্টালিকাত অভিনেতাগৰাকীয়ে অবৈধভাৱে হোটেল খোলাৰ অভিযোগত জাননী জাৰি কৰিছিল বিএমচিএ। এই জাননীক প্ৰত্যাহ্বান জনাই তেওঁ ব’ম্বে উচ্চ ন্যায়ালত জনোৱা আৱেদন তথা এখন অন্তৰ্ৱৰ্তী আবেদন অগ্ৰাহ্য কৰে ন্যায়ালয়ে। ন্যায়াধীশ পৃথিৱীৰাজ চাৱনে অভিনেতাগৰাকীৰ আৱেদন অগ্ৰাহ্য কৰি কয় যে, ‘আইনে কেৱল তেওঁলোককহে সহায় কৰে, যিসকল পৰিশ্ৰমী।’

ব্ৰিহনমুম্বাই মিউনিচিপাল কৰ্প’ৰেচনে বিগত বছৰৰ অক্টোবৰ মাহতে জাৰি কৰা এই জাননীৰ নিৰ্দেশ পালনৰ বাবে অভিনেতাগৰাকীৰ অধিবক্তা অমোঘ সিঙে ১০ সপ্তাহৰ সময় বিচাৰিছে। তেওঁ লগতে কোনো উচ্ছেদ চলোৱাৰ পৰা বিএমচিক বাৰণ কৰিবলৈকো ন্যায়ালয়ত আবেদন জনাইছিল যদিও তেনে কোনো নিৰ্দেশ দিবলৈ অসন্মত হয় ন্যায়ালয়।

আৰু পঢ়িব পাৰিব : প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীসকলেও ল’ব ক’ভিড প্ৰতিষেধক

অভিনেতাগৰাকীৰ আবেদন অগ্ৰাহ্য কৰি ন্যায়াধীশ চাৱনে কয় যে, এতিয়া বল বিএমচিৰ ক’ৰ্টত আছে। আপুনি (ছনু ছুড) বহুত পলম কৰিলে। আপোনাৰ হাতত বহু সুযোগ আছিল। ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছত ছনু ছুডৰ ঘৰতো বিএমচিৰ বুলডজাৰ চলাৰ আশংকা বৃদ্ধি পালে। উল্লেখ্য যে, লকডাউনৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকক ব্যাপক ৰূপত সহায় কৰি ব্যাপকভাৱে প্ৰশংসিত হৈছিল অভিনেতাগৰাকী। কিন্তু এই অবৈধ নিৰ্মাণ বিতৰ্কই তেওঁৰ গৰিমাত অলপ হ’লেও দাগ লগালে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ