--°C
Loading...
Listen to Article
2 min read
80%

শিৱসাগৰ : জাতি-জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিত আজি জীপাল হৈ পৰিছে ৰংঘৰৰ চোতল৷ বিহু নৃত্য,আও নগাসকলৰ যুদ্ধ নৃত্য, দেউৰী বিহু, হৰিণ নৃত্য, তিৱা নৃত্য আৰু মিচিং জনগোষ্ঠীয় ঐনিতমৰে মুখৰিত হৈ পৰিছে শিৱসাগৰৰ ৰংঘৰ বাকৰি।

আৰু পঢ়িব পাৰিব : ছিণ্ডিকেট বন্ধৰ হুংকাৰ দিয়া বিজেপি চৰকাৰে গৰুৰ চোৰাং বেহা বন্ধ কৰিব পাৰিব নে?

টাই আহোম যুৱ পৰিষদে আয়োজন কৰা ৰংঘৰৰ ৰংপুৰ মেলাত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ চিত্ৰপটৰ লগতে স্বৰ্ণিল ঐতিহ্যৰ লগত নতুনক পৰিচয় কৰি দিয়াৰ প্ৰয়াস কৰি আহিছে৷ ৰংপুৰ মেলাত কড়ি খেল, ঢোপ খেল, ঘিলা খেলত সাৰ পাই উঠিল ঐতিহ্য আৰু ৰজাদিনীয়া পৰম্পৰা।

আৰু পঢ়িব পাৰিব : ভোগালীৰ আনন্দৰ মাজতেই চোৰে লুটিলে এটা পৰিয়ালৰ সৰ্বস্ব

মাঘৰ প্ৰথম পুৱাতে টাইপাৰ পতাকা উত্তোলন আৰু মৈদাম তৰ্পণেৰে আৰম্ভ হোৱা ৰংপুৰ মেলাত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে৷ পহিলা মাঘৰ দিনাখনেই ৰংঘৰৰ চোতালত সুৰীয়া সাংস্কৃতিক পৰিৱেশত নিজকে বিলীন কৰি দিলে ৰংপুৰীয়াই৷

আৰু পঢ়িব পাৰিব : উৰুকাৰ দিনাই ভাৰত-ভূটান সীমান্তত হিংসাত্মক ঘটনা

উল্লেখ্য যে ১৬৯৯ খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰূদ্ৰ সিংহই নিৰ্মাণ কৰা ৰংপুৰ নগৰতে ১৭৪৬-৫৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল বৰ্তমানৰ আটকধুনীয়া ৰংঘৰ। এছিয়াৰ প্ৰথম পেভেলিয়ন খ্যাত এই ৰংঘৰৰ পৰাই আহোম স্বৰ্গদেউসকলে উপভোগ কৰিছিল শেন-কনুৱাৰ যুঁজ, বাঘ-ঘোঙৰ যুঁজ, ম'হ যুঁজকে ধৰি বিভিন্ন খেল-ধেমালি। উপভোগ কৰিছিল কড়ি-ঢোপকে ধৰি বৰ্তমান বিলুপ্তপ্ৰায় খেলসমূহো। আনহাতে গছ তলৰ পৰা বিহুক আনি ৰংঘৰৰ চোতালতেই ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল আহোম স্বৰ্গদেউসকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ