--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিৰা খাবলৈ সোৱাদ হোৱাৰ লগতে শৰীৰে ইয়াৰ পৰা প্ৰচুৰ খাদ্যগুণ লাভ কৰে। ৰাতিপুৱাৰ আহাৰৰ এই জলপানৰ বিশেষ গুৰুত্ব থাকে। পুৱাৰ আহাৰত বহু মানুহে জলপান খাই ভাল পায় আৰু কিছুমানে ৰুটী-ভাজি বা অন্যান্য খাদ্যবস্তু খায়।


ৰাতিপুৱাৰ আহাৰত বহু মানুহেই চিৰা অন্তর্ভুক্ত কৰিব বিচাৰে। চিৰাত আৱশ্যকীয় ভিটামিন, প্র'টিন, কেলচিয়াম, স্নেহ পদার্থ যথেষ্টভাৱে নিহিত থাকে। ৰাতিপুৱাৰ আহাৰত চিৰা সপ্তাহত কমেও দুই বা চাৰিবাৰ খাব লাগে। কাৰণ চিৰা বহু পুষ্টিৰে সমৃদ্ধ। ইয়াক খোৱাৰ বহুতো স্বাস্থ্য উপকাৰিতা আছে। ৰাতিপুৱাৰ আহাৰত চিৰা কিয় খাব লাগে জানো আহক।


১) সোৱাদৰ সৈতে পুষ্টিঃ চিৰাই সোৱাদৰ লগতে পুষ্টিও যোগান ধৰে। চিৰা মিঠা জলপান হিচাপে খোৱা হয় যদিও কিছুমানে কেতিয়াবা ইয়াক নিমখীয়া হিচাপেও গ্ৰহণ কৰে। নিমখীয়াকে প্রস্তুত কৰিবলৈ হ'#লে তিয়াই থোৱা চিৰাখিনি কম তেল ব্যৱহাৰ কৰি ভাজিব লাগে আৰু তাত ভিন্ন পাচলি, কাজু-কিচমিচ আদি ব্যৱহাৰ কৰা হয়। যেনেদৰে খালেও চিৰাৰ পৰা শৰীৰে পুষ্টি লাভ কৰে।

২) আইৰণৰ অভাৱ পূৰণ হয়ঃ চিৰাই শৰীৰত আইৰণৰ অভাৱ পূৰণ কৰে। যিসকলৰ শৰীৰত তেজ কম থাকে তেওঁলোকে ৰাতিপুৱাৰ আহাৰত চিৰা অন্তৰ্ভুক্ত কৰিব পাৰে। চিৰাৰ যথেষ্ট আইৰণৰ গুণাগুণ আছে। চিৰাই ৰক্তহীনতা দূৰ কৰাত সহায় কৰে।


৩) ব্লাড ছুগাৰ নিয়ন্ত্ৰণঃ চিৰাত উচ্চ আঁহ বা ফাইভাৰ আৰু আইৰণ থাকে। চিৰা খাই ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰি। চিৰা ডায়েবেটিচ ৰোগীসকলৰ বাবে এটা ভাল ৰাতিপুৱাৰ আহাৰ হ'ব পাৰে।


৪) গেছ বা বদহজমৰ কোনো সমস্যা নাইঃ ৰাতিপুৱাৰ আহাৰত চিৰা অন্তৰ্ভুক্ত কৰিলে গেছ আৰু বদহজমৰ দৰে সমস্যা নহয়। একে সময়তে, কোষ্ঠকাঠিন্য হ্রাস হোৱাত চিৰাই সহায় কৰে। ইয়াক খোৱাৰ ফলত পেট গধুৰো নহয়।


৫) শক্তি পোৱা যায়ঃ ৰাতিপুৱাৰ আহাৰত চিৰা খোৱাটোৱে শৰীৰক শক্তি প্ৰদান কৰে। চিৰাই আপোনাক দিনটোলৈ সক্ৰিয় ৰখাত সহায় কৰে। চিৰাত যথেষ্ট পৰিমাণৰ কাৰ্বহাইড্রেট থাকে, যি শৰীৰক শক্তি প্ৰদান কৰে। চিৰাই পেটটো দীঘলীয়া সময়ৰ বাবে ভৰাই ৰাখে।


গতিকে অসমীয়া স্বাস্থ্যসন্মত জলপান চিৰা খাই নিজেও স্বাস্থ্যৱান হৈ থাকক আৰু পৰিয়ালটোকো স্বাস্থ্যৱান কৰি ৰখাত গুৰুত্ব প্ৰদান কৰক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ