--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ বহু সংখ্যকৰে প্ৰিয় শীতল পানীয়। বিশেষকৈ গৰমত শৰীৰক অলপ আৰাম দিবৰ বাবে সততে শীতল পানীয়ৰ আশ্ৰয় লোৱা হয়। আমি সেৱন কৰা শীতল পানীয়ই স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে সেয়া হয়তো আমি ভাবি চোৱা নাই? এক গৱেষণাত পোহৰলৈ আহিছে যে, হাই চুগাৰ লেবেল থকা পানীয় খোৱাৰ ফলত মানুহৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰিছে।

শেহতীয়াকৈ নেচাৰ মেডিচিনে এক গৱেষণাত প্ৰকাশিত তথ্য অনুসৰি ২০২০ চনত হাই চুগাৰ লেবেলৰ শীতল পানীয় সেৱনৰ ফলত বিশ্বজুৰি প্ৰায় ২২ লাখ লোক টাইপ ২ ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈছে।  নেচাৰ মেডিচিনে এই গৱেষণাত ১৮৪খন দেশৰ সমীক্ষা চলাইছিল। গৱেষণাত পোহৰলৈ আহিছে যে  অধিক চেনিযুক্ত শীতল পানীয় খোৱাৰ বাবে বিশ্বজুৰি কিমানজন লোক ডায়েবেটিছ আৰু হৃদৰোগৰ কৱলত পৰিছে। টাইপ ২ ডায়েবেটিছ ৰোগীৰ উপৰিও গৱেষকসকলে অনুমান কৰিছে যে, হৃদৰোগৰ ১২ লাখ ৰোগী শীতল পানীয় সেৱনৰ সৈতে জড়িত হৈ আছে।

উল্লেখ্য যে বিশ্বজুৰি পুৰুষে মহিলাতকৈ অধিক শীতল পানীয় সেৱন কৰে বুলি এই অধ্যয়নত প্ৰকাশ পাইছে। ইয়াৰোপৰি যুৱক-যুৱতীসকলেও অধিক শীতল পানীয় সেৱন কৰে বুলি তথ্য প্ৰকাশ পাইছে। শীতল পানীয়ৰ ফলত হোৱা ৰোগৰ মাত্ৰা বিশ্বৰ বিভিন্ন অঞ্চলত বেলেগ বেলেগ। আৰু গৱেষণাত কোৱা হৈছে যে, সৰ্বাধিক পৰিমাণৰ শীতল পানীয় খোৱাৰ বাবে লেটিন আমেৰিকা, কেৰিবিয়ান আৰু উপ-চাহাৰা আফ্ৰিকাত সৰ্বাধিক লোক অসুস্থ হৈ পৰিছে।

উল্লেখযোগ্য যে উপ-চাহাৰা আফ্ৰিকাৰ ২১ শতাংশ লোক শীতল পানীয় সেৱনৰ বাবে ডায়েবেটিছৰ বলি হৈছে। লেটিন আমেৰিকা আৰু কেৰিবিয়ানত ২৪ শতাংশ ডায়েবেটিছ আৰু ১১ শতাংশ হৃদৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে।

এই গৱেষণাত প্ৰকাশিত তথ্য অনুসৰি ২০২০ চনত কলম্বিয়াত ৫০ শতাংশ ডায়েবেটিছ ৰোগীৰ কাৰণ আছিল চেনিযুক্ত শীতল পানীয়। আমেৰিকাতো শীতল পানীয় খোৱাৰ বাবে টাইপ ২ ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। আমেৰিকাত ১৯৯০ চনৰ পৰা ২০২০ চনলৈ প্ৰতি ১০ লাখ লোকৰ বিপৰীতে ৬৭১ জন ডায়েবেটিছত আক্ৰান্ত। মধ্যবিত্তীয় দেশসমূহত চেনিযুক্ত শীতল পানীয়ৰ বজাৰ বৃহৎ পৰিসৰ হোৱা বাবে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰতো যথেষ্ঠ প্ৰভাৱ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ