--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিৰিয়াৰ আলেপ্পো চহৰত ইজৰাইলে আকাশমাৰ্গৰ পৰা চলোৱা আক্ৰমণত ৪০ জনৰো অধিক লোক নিহত হৈছে। নিহতসকলৰ ভিতৰত ছজন হিজবুল্লাহ সদস্য থকা বুলি জানিব পৰা গৈছে। আক্ৰমণটোত সৰ্বমুঠ ৪২ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। এই  আক্ৰমণত বহু কেইজন লোক  আহত হৈছে। 

স্থানীয় সময় অনুসৰি  বৃহস্পতিবাৰে পুৱা প্ৰায় ১:৪৫ বজাত ইজৰাইলে উত্তৰ চিৰিয়াৰ চহৰখনত  আক্ৰমণ চলায়।  বহু  অঞ্চলত ড্ৰোন আক্ৰমণো  কৰা হয়বুলি  চিৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। অৱশ্যে চিৰিয়াৰ  চৰকাৰে নিহতৰ  সংখ্যা প্ৰকাশ কৰা নাই। অৱশ্যে এই আক্ৰমণত  সাধাৰণ লোকৰ পৰা সৈনিকলৈকে বহু নিহত হোৱাৰ লগতে  বহু সম্পত্তি ধ্বংস হৈছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।  খবৰ পোৱা অনুসৰি আলেপ্পো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত এটা অস্ত্ৰ কাৰখানাত এই  আক্ৰমণ কৰা হৈছিল। 

আক্ৰমণৰ সময়ত কেইবাটাও বিস্ফোৰণ সংঘটিত হয়। অৱশ্যে ইজৰাইলে এতিয়ালৈকে এই আক্ৰমণৰ কথা স্বীকাৰ কৰা নাই। যোৱা বছৰ ৭ অক্টোবৰত হামাছে ইজৰাইল আক্ৰমণ কৰাৰ পিছত তেল আভিভে ইয়াৰ  প্ৰতিশোধ লৈছিল। একে সময়তে চুবুৰীয়া ছিৰিয়াৰ বিৰুদ্ধেও আক্ৰমণ আৰম্ভ হৈছিল।

 দেশখনৰ দুটা মুখ্য বিমানবন্দৰ, দামাস্কাচ আৰু আলেপ্পোত ইজৰাইলী বায়ুসেনাই আক্ৰমণ কৰিছিল। তেতিয়াৰে  পৰা মাজে মাজে আক্ৰমণৰ খবৰ পোৱা গৈছিল। চিৰিয়াৰ সেনাৰ এয়াৰবেছৰ পৰা আন সেনা ঘাটিতো  আক্ৰমণ কৰা হৈছিল। নেতান্যায়াহুৰ দেশখনে চিৰিয়াত ইৰাণ সমৰ্থিত উগ্ৰপন্থী গোটসমূহৰ ঘাটিত আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প