--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিৰিয়াৰ আলেপ্পো চহৰত ইজৰাইলে আকাশমাৰ্গৰ পৰা চলোৱা আক্ৰমণত ৪০ জনৰো অধিক লোক নিহত হৈছে। নিহতসকলৰ ভিতৰত ছজন হিজবুল্লাহ সদস্য থকা বুলি জানিব পৰা গৈছে। আক্ৰমণটোত সৰ্বমুঠ ৪২ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। এই  আক্ৰমণত বহু কেইজন লোক  আহত হৈছে। 

স্থানীয় সময় অনুসৰি  বৃহস্পতিবাৰে পুৱা প্ৰায় ১:৪৫ বজাত ইজৰাইলে উত্তৰ চিৰিয়াৰ চহৰখনত  আক্ৰমণ চলায়।  বহু  অঞ্চলত ড্ৰোন আক্ৰমণো  কৰা হয়বুলি  চিৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। অৱশ্যে চিৰিয়াৰ  চৰকাৰে নিহতৰ  সংখ্যা প্ৰকাশ কৰা নাই। অৱশ্যে এই আক্ৰমণত  সাধাৰণ লোকৰ পৰা সৈনিকলৈকে বহু নিহত হোৱাৰ লগতে  বহু সম্পত্তি ধ্বংস হৈছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।  খবৰ পোৱা অনুসৰি আলেপ্পো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত এটা অস্ত্ৰ কাৰখানাত এই  আক্ৰমণ কৰা হৈছিল। 

আক্ৰমণৰ সময়ত কেইবাটাও বিস্ফোৰণ সংঘটিত হয়। অৱশ্যে ইজৰাইলে এতিয়ালৈকে এই আক্ৰমণৰ কথা স্বীকাৰ কৰা নাই। যোৱা বছৰ ৭ অক্টোবৰত হামাছে ইজৰাইল আক্ৰমণ কৰাৰ পিছত তেল আভিভে ইয়াৰ  প্ৰতিশোধ লৈছিল। একে সময়তে চুবুৰীয়া ছিৰিয়াৰ বিৰুদ্ধেও আক্ৰমণ আৰম্ভ হৈছিল।

 দেশখনৰ দুটা মুখ্য বিমানবন্দৰ, দামাস্কাচ আৰু আলেপ্পোত ইজৰাইলী বায়ুসেনাই আক্ৰমণ কৰিছিল। তেতিয়াৰে  পৰা মাজে মাজে আক্ৰমণৰ খবৰ পোৱা গৈছিল। চিৰিয়াৰ সেনাৰ এয়াৰবেছৰ পৰা আন সেনা ঘাটিতো  আক্ৰমণ কৰা হৈছিল। নেতান্যায়াহুৰ দেশখনে চিৰিয়াত ইৰাণ সমৰ্থিত উগ্ৰপন্থী গোটসমূহৰ ঘাটিত আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক