--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বজুৰি ক্ষুধাৰ্ত নাগৰিকৰ সংখ্যা বৃদ্ধি পাইছে দিনক দিনে৷ ক্ষুধা আৰু দৰিদ্ৰতাৰ মাত্ৰা বাঢ়ি যোৱাৰ বিপৰীতে একেখন পৃথিৱীতে দৈনিক অপচয় হয় বৃহৎ পৰিমাণৰ খাদ্য৷ সমগ্ৰ বিশ্বতে খাদ্যৰ অবিৰত অপচয়ৰ দৰে এটা গুৰুতৰ বিষয়ক লৈ ৰাষ্ট্ৰসংঘই দাখিল কৰিছে এক প্ৰতিবেদন৷ য’ত কোৱা হৈছে যে এফালে বিশ্বৰ ৮০ কোটি লোকে ভোকত থাকিবলৈ বাধ্য হোৱাৰ বিপৰীতে আনফালে প্ৰতিদিনে পেলাই দিয়া হয় এক বিলিয়ন টন খাদ্য সামগ্ৰী৷ 

বুধবাৰে ৰাষ্ট্ৰসংঘই খাদ্য আৱৰ্জনা সূচকাংকৰ প্ৰতিবেদন প্ৰকাশ কৰে, য’ত কোৱা হৈছে যে বিশ্বৰ ৮০ কোটিতকৈ অধিক লোক ভোকত থকা সময়ত ঘৰ আৰু ৰেষ্টোঁৰাই এক ট্ৰিলিয়ন ডলাৰতকৈ অধিক খাদ্য পেলাই দিয়ে। এই প্ৰতিবেদনত কোৱা হৈছে যে ২০২২ চনত এক বিলিয়ন টনতকৈ অধিক খাদ্য পেলাই দিয়া হৈছিল।

ৰাষ্ট্ৰসংঘই কয় যে ধাৰাবাহিক খাদ্য অপচয় বিশ্বব্যাপী চৰম ট্ৰেজেডী। ৰাষ্ট্ৰসংঘৰ পৰিবেশ কাৰ্যসূচীৰ কাৰ্যবাহী সঞ্চালক ইংগাৰ এণ্ডাৰছেনে এক বিবৃতিত কয় যে, সমগ্ৰ বিশ্বতে খাদ্য অপচয়ৰ বাবে আজি লাখ লাখ লোক ভোকত থাকিবলৈ বাধ্য হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে এই ধৰণৰ আৱৰ্জনাই পৰিৱেশৰ ওপৰতো ব্যাপক প্ৰভাৱ পেলায়। এই প্ৰতিবেদন ৰাষ্ট্ৰসংঘৰ সহযোগত WRAP (Worldwide Responsible Accredited Production) সংস্থাই প্ৰস্তুত কৰিছে। WRAPৰ ৰিচাৰ্ড শ্বোৱানেলে সংবাদ সংস্থা এএফপিক জনাইছে যে মোৰ বাবে এইটো অতি আচৰিত। তেওঁ কয় যে পৃথিৱীত ৮০ কোটি মানুহ ভোকত আছে, প্ৰতিদিনে অপচয় হৈ থকা খাদ্যৰে এদিনৰ খাদ্য খুৱাব পাৰি।

২০২২ চনত ৰেষ্টোঁৰা, কেণ্টিন আৰু হোটেলসমূহে ২৮ শতাংশ খাদ্য অপচয়ৰ বাবে দায়ী আছিল যদিও খাদ্য অপচয়ৰ ক্ষেত্ৰত পৰিয়ালসমূহে আটাইতকৈ বেছি অৰিহণা যোগাইছিল, ৬০ শতাংশ অৰ্থাৎ প্ৰায় ৬৩১ মিলিয়ন টন। শ্বোৱানেলে কয় যে এইটো বেছিভাগেই ঘটিছিল কাৰণ মানুহে প্ৰয়োজনতকৈ অধিক খাদ্য কিনিছিল। প্ৰতিবেদনত কোৱা হৈছে যে খাদ্যৰ অপচয় বিশ্বৰ প্ৰায় ৩০ শতাংশ কৃষিৰ সমান। শ্বোৱানেলে কয় যে খাদ্যৰ অপচয়ত মূল ভূমিকা লয় ইয়াৰ ম্যাদ উকলি যোৱাৰ তাৰিখে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ