--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বজুৰি ক্ষুধাৰ্ত নাগৰিকৰ সংখ্যা বৃদ্ধি পাইছে দিনক দিনে৷ ক্ষুধা আৰু দৰিদ্ৰতাৰ মাত্ৰা বাঢ়ি যোৱাৰ বিপৰীতে একেখন পৃথিৱীতে দৈনিক অপচয় হয় বৃহৎ পৰিমাণৰ খাদ্য৷ সমগ্ৰ বিশ্বতে খাদ্যৰ অবিৰত অপচয়ৰ দৰে এটা গুৰুতৰ বিষয়ক লৈ ৰাষ্ট্ৰসংঘই দাখিল কৰিছে এক প্ৰতিবেদন৷ য’ত কোৱা হৈছে যে এফালে বিশ্বৰ ৮০ কোটি লোকে ভোকত থাকিবলৈ বাধ্য হোৱাৰ বিপৰীতে আনফালে প্ৰতিদিনে পেলাই দিয়া হয় এক বিলিয়ন টন খাদ্য সামগ্ৰী৷ 

বুধবাৰে ৰাষ্ট্ৰসংঘই খাদ্য আৱৰ্জনা সূচকাংকৰ প্ৰতিবেদন প্ৰকাশ কৰে, য’ত কোৱা হৈছে যে বিশ্বৰ ৮০ কোটিতকৈ অধিক লোক ভোকত থকা সময়ত ঘৰ আৰু ৰেষ্টোঁৰাই এক ট্ৰিলিয়ন ডলাৰতকৈ অধিক খাদ্য পেলাই দিয়ে। এই প্ৰতিবেদনত কোৱা হৈছে যে ২০২২ চনত এক বিলিয়ন টনতকৈ অধিক খাদ্য পেলাই দিয়া হৈছিল।

ৰাষ্ট্ৰসংঘই কয় যে ধাৰাবাহিক খাদ্য অপচয় বিশ্বব্যাপী চৰম ট্ৰেজেডী। ৰাষ্ট্ৰসংঘৰ পৰিবেশ কাৰ্যসূচীৰ কাৰ্যবাহী সঞ্চালক ইংগাৰ এণ্ডাৰছেনে এক বিবৃতিত কয় যে, সমগ্ৰ বিশ্বতে খাদ্য অপচয়ৰ বাবে আজি লাখ লাখ লোক ভোকত থাকিবলৈ বাধ্য হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে এই ধৰণৰ আৱৰ্জনাই পৰিৱেশৰ ওপৰতো ব্যাপক প্ৰভাৱ পেলায়। এই প্ৰতিবেদন ৰাষ্ট্ৰসংঘৰ সহযোগত WRAP (Worldwide Responsible Accredited Production) সংস্থাই প্ৰস্তুত কৰিছে। WRAPৰ ৰিচাৰ্ড শ্বোৱানেলে সংবাদ সংস্থা এএফপিক জনাইছে যে মোৰ বাবে এইটো অতি আচৰিত। তেওঁ কয় যে পৃথিৱীত ৮০ কোটি মানুহ ভোকত আছে, প্ৰতিদিনে অপচয় হৈ থকা খাদ্যৰে এদিনৰ খাদ্য খুৱাব পাৰি।

২০২২ চনত ৰেষ্টোঁৰা, কেণ্টিন আৰু হোটেলসমূহে ২৮ শতাংশ খাদ্য অপচয়ৰ বাবে দায়ী আছিল যদিও খাদ্য অপচয়ৰ ক্ষেত্ৰত পৰিয়ালসমূহে আটাইতকৈ বেছি অৰিহণা যোগাইছিল, ৬০ শতাংশ অৰ্থাৎ প্ৰায় ৬৩১ মিলিয়ন টন। শ্বোৱানেলে কয় যে এইটো বেছিভাগেই ঘটিছিল কাৰণ মানুহে প্ৰয়োজনতকৈ অধিক খাদ্য কিনিছিল। প্ৰতিবেদনত কোৱা হৈছে যে খাদ্যৰ অপচয় বিশ্বৰ প্ৰায় ৩০ শতাংশ কৃষিৰ সমান। শ্বোৱানেলে কয় যে খাদ্যৰ অপচয়ত মূল ভূমিকা লয় ইয়াৰ ম্যাদ উকলি যোৱাৰ তাৰিখে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক