--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচিকিৎসকে কৈছিল মহিলাগৰাকীৰ জীৱনকাল আৰু মাত্ৰ কেইটামান মাহহে বুলি। কিন্তু সকলোকে আচৰিত কৰি তেওঁ এতিয়া কৰ্কটমুক্ত হ’বলৈ সক্ষম হৈছে। তেওঁ এগৰাকী  ভাৰতীয় বংশোদ্ভূত মহিলা। নাম জেছমিন ডেভিড। কৰ্কট ৰোগৰ ঔষধ পৰীক্ষণৰ পিছত ডেভিডক কৰ্কট-মুক্ত ঘোষণা কৰা হৈছে। অথচ চিকিৎসা গ্ৰহণৰ আৰম্ভনিতে চিকিৎসকে তেওঁ মাত্ৰ কেইমাহ মানহে জীয়াই থাকিব বুলি কৈছিল।

ব্ৰিটেইনৰ এখন চিকিৎসালয়ত এক নিদানিক পৰীক্ষণৰ পিছত  জেছমিন ডেভিড নামৰ ৫১ বছৰীয়া মহিলাগৰাকীক কৰ্কটমুক্ত বুসলি ঘোষণা কৰা হয়। চিকিৎসকে মাত্ৰ কেইমাহ মানৰ সময় ধৰি দিয়াৰ পিছত  জেছমিন ডেভিডে  জীয়াই থকাৰ সকলো আশা এৰি দিছিল। 

কিন্তু ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ (এনএইচএছ) দৰবৰ পৰীক্ষণ সফল হোৱাৰ পিছত মানচেষ্টাৰৰ ফ্লোফিল্ডৰ ৫১ বছৰীয়া জেছমিন ডেভিডে এতিয়া ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া  তেওঁৰ ২৫ সংখ্যক বিবাহ বাৰ্ষিকীৰ বাবে অপেক্ষা কৰি আছে। কৰ্কট ৰোগৰ ঔষধৰ সফল  পৰীক্ষণৰ পিছতভাৰতীয় বংশোদ্ভূত মহিলাগৰাকীয়ে এক নতুন জীৱন লাভ কৰাৰ খবৰে এতিয়া আশাবাদী কৰি তুলিছে বহুতকে। 

 ক্ৰিষ্টি এনএইচএছ ফাউণ্ডেচনৰ নেচনেল ইনষ্টিটিউট ফৰ হেল্থ এণ্ড কেয়াৰ ৰিচাৰ্ছ (এনআইএইচআৰ) মানচেষ্টাৰ ক্লিনিকেল ৰিচাৰ্ছ ফেচিলিটি (চিআৰএফ)ত ডেভিডৰ ওপৰত চলোৱা পৰীক্ষণৰ সময়ত এটেজোলিজুমাব নামৰ এক ইমিউনোথেৰাপী  এক পৰীক্ষামূলক ঔষধৰ সৈতে প্ৰয়োগ কৰা  হৈছিল।তেওঁ   প্ৰতি তিনি সপ্তাহত এই ঔষধ গ্ৰহণ কৰিছিল।

স্তন কৰ্কটত আক্ৰান্ত মহিলাগৰাকী লাহে লাহে সুস্থ হৈ আহিবলৈ ধৰে। ফলত উৎসাহী হৈ উঠে দৰবৰ পৰূক্ষণৰ সৈতে জৰিত চিকিৎসকসকল। মহীলাগৰাকীয়ে কয়’প্ৰথমে, মোৰ বহুতো ভয়ংকৰ পাৰ্শ্বক্ৰিয়া হৈছিল, মূৰৰ বিষ আৰু  তাপমাত্ৰা বৃদ্ধি হৈছিল, সেয়েহে মই  যথেষ্ট দুৰ্বল হৈ পৰিছিলো। তাৰ পিছত সুখৰ কথা যে, মোৰ দেহেচিকিৎসাৰ প্ৰতি ভাল সঁহাৰি দিবলৈ আৰম্ভ কৰিছিল," । 

উল্লেখ্য কৰ্কট ৰোগৰ চিকিৎসাত এতিয়া বিশ্বৰ বিজ্ঞানীসকল ভালে খনি সফল হৈছে। জিনীয় পদ্ধতিৰেও কৰ্কট ৰোগৰ চিকিৎসা সম্ভৱ হৈ উঠিছে।উল্লেখ্য আমেৰিকাত মলদ্বাৰৰ কৰ্কট ৰোগত আক্ৰান্ত কেইগৰাকীমান ৰোগীয়ে পৰীক্ষামূলকভাবে এবিধ বিশেষ দৰব ব্যৱহাৰ কৰি কৰ্কটমুক্ত হ’ব পাৰিছে। দৰব বিধৰ পৰীক্ষণ কৰিবলৈ কৰ্কট ৰোগত আক্ৰান্ত ১৮ ৰোগীক বাছি লোৱা হৈছিল।

ছয় মাহৰ বাবে তেওঁলোকক ডষ্টাৰলিমাব নামৰ ঔষধ বিধ গ্ৰহণ কৰিবলৈ দিয়া হৈছিল। ছমাহৰ পিছত কৰা পৰীক্ষাত এই কথা প্ৰমাণ হয় যে তেওঁলোকৰ প্ৰত্যেকৰেই দেহৰ পৰা কৰ্কট সৃষ্টি কৰা টিউমাৰ নাইকিয়া হৈ পৰিছিল। স্বাস্থ্য বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে ডষ্টাৰলিমাব নামৰ ঔষধ বিধে মানৱ শৰীৰত বিকল্প এণ্টিবডী হিচাপে কাম কৰে। এই দৰব বিধে সেয়ে ১৮ গৰাকী ৰোগীৰেই কৰ্কট নিৰাময় কৰিবলৈ সক্ষম হৈছে।এনেবোৰ কথাই এতিয়া উৎসাহী কৰি তুলিছে বিশ্ববাসীক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি