--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচিকিৎসকে কৈছিল মহিলাগৰাকীৰ জীৱনকাল আৰু মাত্ৰ কেইটামান মাহহে বুলি। কিন্তু সকলোকে আচৰিত কৰি তেওঁ এতিয়া কৰ্কটমুক্ত হ’বলৈ সক্ষম হৈছে। তেওঁ এগৰাকী  ভাৰতীয় বংশোদ্ভূত মহিলা। নাম জেছমিন ডেভিড। কৰ্কট ৰোগৰ ঔষধ পৰীক্ষণৰ পিছত ডেভিডক কৰ্কট-মুক্ত ঘোষণা কৰা হৈছে। অথচ চিকিৎসা গ্ৰহণৰ আৰম্ভনিতে চিকিৎসকে তেওঁ মাত্ৰ কেইমাহ মানহে জীয়াই থাকিব বুলি কৈছিল।

ব্ৰিটেইনৰ এখন চিকিৎসালয়ত এক নিদানিক পৰীক্ষণৰ পিছত  জেছমিন ডেভিড নামৰ ৫১ বছৰীয়া মহিলাগৰাকীক কৰ্কটমুক্ত বুসলি ঘোষণা কৰা হয়। চিকিৎসকে মাত্ৰ কেইমাহ মানৰ সময় ধৰি দিয়াৰ পিছত  জেছমিন ডেভিডে  জীয়াই থকাৰ সকলো আশা এৰি দিছিল। 

কিন্তু ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ (এনএইচএছ) দৰবৰ পৰীক্ষণ সফল হোৱাৰ পিছত মানচেষ্টাৰৰ ফ্লোফিল্ডৰ ৫১ বছৰীয়া জেছমিন ডেভিডে এতিয়া ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া  তেওঁৰ ২৫ সংখ্যক বিবাহ বাৰ্ষিকীৰ বাবে অপেক্ষা কৰি আছে। কৰ্কট ৰোগৰ ঔষধৰ সফল  পৰীক্ষণৰ পিছতভাৰতীয় বংশোদ্ভূত মহিলাগৰাকীয়ে এক নতুন জীৱন লাভ কৰাৰ খবৰে এতিয়া আশাবাদী কৰি তুলিছে বহুতকে। 

 ক্ৰিষ্টি এনএইচএছ ফাউণ্ডেচনৰ নেচনেল ইনষ্টিটিউট ফৰ হেল্থ এণ্ড কেয়াৰ ৰিচাৰ্ছ (এনআইএইচআৰ) মানচেষ্টাৰ ক্লিনিকেল ৰিচাৰ্ছ ফেচিলিটি (চিআৰএফ)ত ডেভিডৰ ওপৰত চলোৱা পৰীক্ষণৰ সময়ত এটেজোলিজুমাব নামৰ এক ইমিউনোথেৰাপী  এক পৰীক্ষামূলক ঔষধৰ সৈতে প্ৰয়োগ কৰা  হৈছিল।তেওঁ   প্ৰতি তিনি সপ্তাহত এই ঔষধ গ্ৰহণ কৰিছিল।

স্তন কৰ্কটত আক্ৰান্ত মহিলাগৰাকী লাহে লাহে সুস্থ হৈ আহিবলৈ ধৰে। ফলত উৎসাহী হৈ উঠে দৰবৰ পৰূক্ষণৰ সৈতে জৰিত চিকিৎসকসকল। মহীলাগৰাকীয়ে কয়’প্ৰথমে, মোৰ বহুতো ভয়ংকৰ পাৰ্শ্বক্ৰিয়া হৈছিল, মূৰৰ বিষ আৰু  তাপমাত্ৰা বৃদ্ধি হৈছিল, সেয়েহে মই  যথেষ্ট দুৰ্বল হৈ পৰিছিলো। তাৰ পিছত সুখৰ কথা যে, মোৰ দেহেচিকিৎসাৰ প্ৰতি ভাল সঁহাৰি দিবলৈ আৰম্ভ কৰিছিল," । 

উল্লেখ্য কৰ্কট ৰোগৰ চিকিৎসাত এতিয়া বিশ্বৰ বিজ্ঞানীসকল ভালে খনি সফল হৈছে। জিনীয় পদ্ধতিৰেও কৰ্কট ৰোগৰ চিকিৎসা সম্ভৱ হৈ উঠিছে।উল্লেখ্য আমেৰিকাত মলদ্বাৰৰ কৰ্কট ৰোগত আক্ৰান্ত কেইগৰাকীমান ৰোগীয়ে পৰীক্ষামূলকভাবে এবিধ বিশেষ দৰব ব্যৱহাৰ কৰি কৰ্কটমুক্ত হ’ব পাৰিছে। দৰব বিধৰ পৰীক্ষণ কৰিবলৈ কৰ্কট ৰোগত আক্ৰান্ত ১৮ ৰোগীক বাছি লোৱা হৈছিল।

ছয় মাহৰ বাবে তেওঁলোকক ডষ্টাৰলিমাব নামৰ ঔষধ বিধ গ্ৰহণ কৰিবলৈ দিয়া হৈছিল। ছমাহৰ পিছত কৰা পৰীক্ষাত এই কথা প্ৰমাণ হয় যে তেওঁলোকৰ প্ৰত্যেকৰেই দেহৰ পৰা কৰ্কট সৃষ্টি কৰা টিউমাৰ নাইকিয়া হৈ পৰিছিল। স্বাস্থ্য বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে ডষ্টাৰলিমাব নামৰ ঔষধ বিধে মানৱ শৰীৰত বিকল্প এণ্টিবডী হিচাপে কাম কৰে। এই দৰব বিধে সেয়ে ১৮ গৰাকী ৰোগীৰেই কৰ্কট নিৰাময় কৰিবলৈ সক্ষম হৈছে।এনেবোৰ কথাই এতিয়া উৎসাহী কৰি তুলিছে বিশ্ববাসীক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত