--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৃত্ৰিম সূৰ্যই হওঁক বা মহাকাশত সম্পূৰ্ণ একক প্ৰচেষ্টাৰে মহাকাশ আস্থান স্থাপন কৰাতেই হওঁক, সকলোতে চমকপ্ৰদ সফলতা লাভ কৰিছে চীনে। চীনৰ দৰে এখন উন্নয়নশীল দেশে মহাকাশ গৱেষণাৰ ক্ষেত্ৰত যি সফলতা অৰ্জন কৰিছে সেই সফলতাত উন্নত দেশ সমূহ কেৱল ঈৰ্ষান্বিত  হোৱাই নহয়, শংকিতও হৈছে।

শেহতীয়াকৈ চীনৰ বিৰুদ্ধে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ এগৰাকী প্ৰশাসক তথা বিজ্ঞানীয়ে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। শেহতীয়াকৈ নাছাৰ প্ৰশাসক বিল নেলছনে  জাৰ্মানীৰ বাতৰি কাকত ’বিল্ড.ইন’ত দিয়া  এক সাক্ষাৎকাৰৰ   কৈছে যে চীনে দেশ খনৰ সামৰিক মহাকাশ কাৰ্যসূচীৰ অংশ হিচাপে চন্দ্ৰ "অধিগ্ৰহণ" কৰাৰ  কথা চিন্তা কৰিছে। নেলছনে দাবী কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ই এতিয়া মহাকাশ গৱেষণাৰ ক্ষেত্ৰত যিদৰে আগুৱাই আছে ঠিক একেদৰে আগুৱাই আছে চীনো।

 ২০৩৫ চনত বেইজিঙে  চন্দ্ৰত নিজৰ দেশৰ  কেন্দ্ৰ নিৰ্মাণ  কৰিব পাৰে আৰু ইয়াৰ এবছৰৰ পিছতে বিভিন্ন  পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিব পাৰে বুলি বিজ্ঞানীগৰাকীয়ে আশংকা ব্যক্ত কৰিছেষ। নেলছনে দাবী কৰিছে যে  চীনে চন্দ্ৰত নিজৰ অধিকাৰ সাৱস্ত্য কৰাৰ বিষয়টোকলৈ সকলোৱে যথেষ্ট চিন্তিত হ'ব লাগিব। এনে হ’লে চন্দ্ৰৰ ওপৰত কেৱল চীনৰহে অধিকাৰ থাকিব বুলি তেওঁ কয়। তেওঁ কয় যে চীনৰ উদ্দেশ্য  হৈছে এক "সামৰিক" মহাকাশ কাৰ্যসূচী গ্ৰহণ কৰা। 

চীনে চন্দ্ৰত খোপনি পুতি মহাকাশত থকা আন দেশৰ  কৃত্ৰিম  উপগ্ৰহ  ধ্বংস কৰিব পাৰে। ইপিনে নাছাৰ বিজ্ঞানীগৰাকীৰ এনে দাবী অমূলক বুলি কৈছে চীনে। চীনৰ মতে চন্দ্ৰ দখল কৰাৰ কোনো পৰিকল্পনা চীনৰ নাই।চীন বৈদেশিক দপ্তৰৰ মুখপাত্ৰ ঝাউ লিজিয়ানে এনে মন্তব্যই বিশ্বৰ মহাকাশ গৱেষণাত প্ৰভাৱ পেলাব বুলি মন্তব্য কৰিছে। 

উল্লেখ্য চন্দ্ৰৰ বুকুত সগৌৰৱেৰে নিজৰ দেশৰ পতাকা স্থাপন কৰা পৃথিৱীৰ দ্বিতীয়খন দেশ হিচাপে পৰিগণিত হৈছে চীন।

২০২০ চনৰ ডিচেম্বৰ মাহত চীনৰ ৰাষ্ট্ৰীয় মহাকাশ প্ৰশাসকে চন্দ্ৰৰ বুকুত চীনৰ পতাকা স্থাপন কৰাৰ আলোকচিত্ৰ মুকলি কৰিছিল।

চন্দ্ৰৰ বুকুৰ পৰা গৱেষণাৰ বাবে শিল আৰু বালি সংগ্ৰহ কৰি উভতি অহাৰ সময়ত চীনৰ চেঞ্জ-৫ য়ে কেমেৰাৰে তোলা চন্দ্ৰৰ বুকুত চীনৰ পতাকাৰ আলোকচিত্ৰ মুকলি কৰিছিল দেশখনৰ ৰাষ্ট্ৰীয় মহাকাশ প্ৰশাসকে।

উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছত ৫০ বছৰৰো অধিক সময় পাছত চীনে চন্দ্ৰৰ বুকুত নিজ দেশৰ পতাকা স্থাপন কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাছাই সফলতাৰে চন্দ্ৰ অভিযান সামৰণি মাৰি চন্দ্ৰৰ বুকুত আমেৰিকাৰ পতাকা সগৌৰৱেৰে উৰুৱাবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে, আমেৰিকা, চীন, ৰাছিয়া, ভাৰত, ফ্ৰান্স, ইজৰাইল আদি দেশে চন্দ্ৰলৈ অভিযান অব্যাহত ৰাখিছে। 

আমেৰিকা আৰু চীনে চন্দ্ৰ অভিযানত সফলতা লাভ কৰাৰ বিপৰীতে অন্য দেশ সমূহৰ মহাকাশ বিজ্ঞানী সকলে বৰ্তমানো প্ৰচেষ্টা অব্যাহত ৰাখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি