--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গভীৰ সংকটৰ সন্মুখীন হৈছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন। জনছনৰ ওপৰত অনাস্থা ব্যক্ত কৰি তেওঁৰ মন্ত্ৰীসভাৰেই দুই প্ৰভাৱশালী মন্ত্ৰীয়ে পদত্যাগ কৰিছে।ফলত বৰিছ জনছনৰ চৰকাৰ অধিক চাপৰ মাজলৈ গতি কৰিছে ।

দুজন মন্ত্ৰীয়ে প্ৰায় একেলগে পদত্যাগ কৰাৰ কথাই জনছনৰ ভেঁটি কঁপাই তুলিছে। কাৰণ ঋষি চুনাক জনছন মন্ত্ৰীসভাৰ এগৰাকী অন্যতম মন্ত্ৰী আছিল। ব্ৰিটেইনৰ বহু গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত চুনাকৰ ভূমিকা আছিল অনবদ্য।তেওঁলোকে জনছন চৰকাৰৰ নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰি পদত্যাগ কৰিছে। 

যৌন কেলেংকাৰীকে ধৰি একাধিক অভিযোগ থকা স্বত্বেও জনছনে ক্ৰিছ পিঞ্চাৰ নামৰ জ্যেষ্ঠ ৰাজনীতিবিদক এক গুৰুত্বপূৰ্ণ পদলৈ লৈ আহিছিল।জনছনে দাবী কৰিছিল যে তেওঁ পিঞ্চাৰৰ বিৰুদ্ধে অভিযোগৰ বিষয়ে একো নাজানে। কিন্তু শেহতীয়াকৈ, এজন চৰকাৰী মুখপাত্ৰই প্ৰকাশ কৰিছিল যে জনছনে এই বিষয়ত মিছা মাতিছিল। 

বিষয়টোক লৈ চিঞৰ বাখৰ হোৱাৰ লগে লগে তেওঁ প্ৰধানমন্ত্ৰীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰে আৰু ব্ৰিটেইনৰ স্বাস্থ্যৰ বিভাগৰ পৰা পদত্যাগ কৰে বিভাগটোৰ সচিব চাজিদ জাভিদ আৰু বিত্ত বিভাগৰ মুৰব্বী ঋষি চুনাকে। তেওঁলোক দুয়োজনে তেওঁলোকৰ পদত্যাগৰ কাৰণ হিচাপে জনছনে যৌন কেলেংকাৰীত অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ কথাটোৰ প্ৰতিবাদ কৰাৰ বিষয়ে টুইটত উল্লেখ কৰিছে।

ভাৰতীয় বংশোদ্ভূত ব্ৰিটিছ মন্ত্ৰী চুনাক সমগ্ৰ বিশ্বতে পৰিচিত ব্যক্তি। তেওঁৰ দক্ষতাৰ বাবেই জনছন চৰকাৰত তেওঁ এক গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত আছিল। চুনাকে কৰোনা আৰু লকডাউনৰ সময়ত ব্ৰিটেইনৰ অৰ্থনৈতিক পৰিস্থিতি সুন্দৰ ভাবে চম্ভালি ল’বলৈ সক্ষম হৈছিল।আনকি বৰিছৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে ভাৰতীয় বংশোদ্ভূত ব্যক্তি চুনাকৰ নামটোও ব্ৰিটেইনত উচ্চাৰিত হৈছিল।ঋষি চুনাক হৈছে ইনফোচিছৰ মুৰব্বী নাৰায়ণমূৰ্তিৰ জোৱায়েক। 

আনহাতে, চাজিদ জাভিদেও দীৰ্ঘদিন ধৰি দেশৰ স্বাস্থ্য বিভাগটো চম্ভালি আহিছিল। তেওঁলোকক জনছন চৰকাৰৰ দুটা স্তম্ভ বুলি জনা গৈছিল। সেয়েএই দুজন লোকৰ পদত্যাগে শেহতীয়া চৰকাৰক এক নতুন সংকটত পেলাইছে। দুয়োজন মন্ত্ৰীৰ সিদ্ধান্তৰ পিছত, বৰিছ জনছনে কৈছে যে তেওঁ ভুল কৰিছিল। বিতৰ্কত থকা ক্ৰিছ পিঞ্চাৰক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰা উচিত আছিল বুলি জনছনে মন্তব্য কৰিছে।

উল্লেখ্য ২০১৯ চনত ক্ৰিছ পিঞ্চাৰ নামৰ এজন জ্যেষ্ঠ ৰাজনীতিবিদক ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে তেওঁৰ মন্ত্ৰীসভাত অন্তৰ্ভূক্ত কৰিছিল। তেওঁৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ লগতে কেইবাটাও অভিযোগ আছিল। এনে এজন ব্যক্তিক কিয় চৰকাৰলৈ অনা হৈছিল তাকে লৈ বিতৰ্ক চলি আছিল।

ঋষি চুনাক আৰু চাজিদ জাভিদে মত প্ৰকাশ কৰি আহিছিল যে জনছন চৰকাৰে পিঞ্চাৰ বিষয়ত সঠিক ভূমিকা পালন কৰা নাই। জনছনে মানুহৰ প্ৰতিও নিজৰ দায়িত্ব ভালদৰে পালন কৰা নাই । এনেবোৰ কথাৰ প্ৰতিবাদতে তেওঁলোকে পদত্যাগ কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই