--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গভীৰ সংকটৰ সন্মুখীন হৈছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন। জনছনৰ ওপৰত অনাস্থা ব্যক্ত কৰি তেওঁৰ মন্ত্ৰীসভাৰেই দুই প্ৰভাৱশালী মন্ত্ৰীয়ে পদত্যাগ কৰিছে।ফলত বৰিছ জনছনৰ চৰকাৰ অধিক চাপৰ মাজলৈ গতি কৰিছে ।

দুজন মন্ত্ৰীয়ে প্ৰায় একেলগে পদত্যাগ কৰাৰ কথাই জনছনৰ ভেঁটি কঁপাই তুলিছে। কাৰণ ঋষি চুনাক জনছন মন্ত্ৰীসভাৰ এগৰাকী অন্যতম মন্ত্ৰী আছিল। ব্ৰিটেইনৰ বহু গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত চুনাকৰ ভূমিকা আছিল অনবদ্য।তেওঁলোকে জনছন চৰকাৰৰ নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰি পদত্যাগ কৰিছে। 

যৌন কেলেংকাৰীকে ধৰি একাধিক অভিযোগ থকা স্বত্বেও জনছনে ক্ৰিছ পিঞ্চাৰ নামৰ জ্যেষ্ঠ ৰাজনীতিবিদক এক গুৰুত্বপূৰ্ণ পদলৈ লৈ আহিছিল।জনছনে দাবী কৰিছিল যে তেওঁ পিঞ্চাৰৰ বিৰুদ্ধে অভিযোগৰ বিষয়ে একো নাজানে। কিন্তু শেহতীয়াকৈ, এজন চৰকাৰী মুখপাত্ৰই প্ৰকাশ কৰিছিল যে জনছনে এই বিষয়ত মিছা মাতিছিল। 

বিষয়টোক লৈ চিঞৰ বাখৰ হোৱাৰ লগে লগে তেওঁ প্ৰধানমন্ত্ৰীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰে আৰু ব্ৰিটেইনৰ স্বাস্থ্যৰ বিভাগৰ পৰা পদত্যাগ কৰে বিভাগটোৰ সচিব চাজিদ জাভিদ আৰু বিত্ত বিভাগৰ মুৰব্বী ঋষি চুনাকে। তেওঁলোক দুয়োজনে তেওঁলোকৰ পদত্যাগৰ কাৰণ হিচাপে জনছনে যৌন কেলেংকাৰীত অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ কথাটোৰ প্ৰতিবাদ কৰাৰ বিষয়ে টুইটত উল্লেখ কৰিছে।

ভাৰতীয় বংশোদ্ভূত ব্ৰিটিছ মন্ত্ৰী চুনাক সমগ্ৰ বিশ্বতে পৰিচিত ব্যক্তি। তেওঁৰ দক্ষতাৰ বাবেই জনছন চৰকাৰত তেওঁ এক গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত আছিল। চুনাকে কৰোনা আৰু লকডাউনৰ সময়ত ব্ৰিটেইনৰ অৰ্থনৈতিক পৰিস্থিতি সুন্দৰ ভাবে চম্ভালি ল’বলৈ সক্ষম হৈছিল।আনকি বৰিছৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে ভাৰতীয় বংশোদ্ভূত ব্যক্তি চুনাকৰ নামটোও ব্ৰিটেইনত উচ্চাৰিত হৈছিল।ঋষি চুনাক হৈছে ইনফোচিছৰ মুৰব্বী নাৰায়ণমূৰ্তিৰ জোৱায়েক। 

আনহাতে, চাজিদ জাভিদেও দীৰ্ঘদিন ধৰি দেশৰ স্বাস্থ্য বিভাগটো চম্ভালি আহিছিল। তেওঁলোকক জনছন চৰকাৰৰ দুটা স্তম্ভ বুলি জনা গৈছিল। সেয়েএই দুজন লোকৰ পদত্যাগে শেহতীয়া চৰকাৰক এক নতুন সংকটত পেলাইছে। দুয়োজন মন্ত্ৰীৰ সিদ্ধান্তৰ পিছত, বৰিছ জনছনে কৈছে যে তেওঁ ভুল কৰিছিল। বিতৰ্কত থকা ক্ৰিছ পিঞ্চাৰক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰা উচিত আছিল বুলি জনছনে মন্তব্য কৰিছে।

উল্লেখ্য ২০১৯ চনত ক্ৰিছ পিঞ্চাৰ নামৰ এজন জ্যেষ্ঠ ৰাজনীতিবিদক ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে তেওঁৰ মন্ত্ৰীসভাত অন্তৰ্ভূক্ত কৰিছিল। তেওঁৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ লগতে কেইবাটাও অভিযোগ আছিল। এনে এজন ব্যক্তিক কিয় চৰকাৰলৈ অনা হৈছিল তাকে লৈ বিতৰ্ক চলি আছিল।

ঋষি চুনাক আৰু চাজিদ জাভিদে মত প্ৰকাশ কৰি আহিছিল যে জনছন চৰকাৰে পিঞ্চাৰ বিষয়ত সঠিক ভূমিকা পালন কৰা নাই। জনছনে মানুহৰ প্ৰতিও নিজৰ দায়িত্ব ভালদৰে পালন কৰা নাই । এনেবোৰ কথাৰ প্ৰতিবাদতে তেওঁলোকে পদত্যাগ কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি