--°C
Loading...
Listen to Article
2 min read
80%

কাবুল: আফগানিস্তানত আৰম্ভ হৈছে চৰকাৰ গঠনৰ তৎপৰতা।চৰকাৰ গঠনৰ সমাধানসূত্ৰ বিচাৰি তালিবানী নেতৃত্ব আৰু হাক্কানি নেটৱৰ্কে চুন্নী পাষ্টুন গোটৰ সৰ্বোচ্চ নেতা মোল্লা হিবতুল্লা আখুন্দজাদাৰ সৈতে আলোচনা চলাই আছে। আশা কৰা হৈছে যে আজি সন্ধিয়া বা কাইলৈৰ ভিতৰত তালিবান চৰকাৰৰ কেবিনেট সম্পৰ্কে আনুষ্ঠানিক ঘোষণা আগবঢ়োৱা হ’ব।উল্লেখ্য যে যদিও তালিবানী নেতৃত্বই বাৰম্বাৰ বিশ্বৰ সন্মুখত এখন ঐক্যবদ্ধ চৰকাৰ গঠনৰ কথা ঘোষণা কৰি আহিছে তথাপি কিন্তু দিনে দিনে তালিবানী শাসকৰ নিজৰ মাজৰ মতভেদ প্ৰকট হৈ পৰিছে।

এটা গোটে তালিবান চৰকাৰত ৰাজনৈতিক উপাদানসমূহক আগস্থান দিয়াৰ বিপৰীতে অন্য এটা চক্ৰ আকৌ সক্ৰিয় হৈ পৰিছে সামৰিক ক্ষেত্ৰৰ ব্যক্তিৰে চৰকাৰ গঠন কৰিবলৈ। এইক্ষেত্ৰত বিশেষভাৱে সক্ৰিয় হৈ উঠিছে মোল্লা য়াকুব।সামৰিক ক্ষেত্ৰৰ ব্যক্তিৰে চৰকাৰ সমৃদ্ধ কৰিব বিচৰা মোল্লা য়াকুব হ’ল সামৰিক আয়োগৰ মুৰব্বী। তেওঁ কয় যে দোহাত বিলাসী জীৱন যাপন কৰাসকলে চৰকাৰ গঠনৰ চৰ্তাৱলী নিৰূপণ কৰিব নোৱাৰে। চৰকাৰ গঠনত মুখ্য ভুমিকা ল’ব কেৱল আমেৰিকা নেতৃত্বাধীন দখলদাৰী বাহিনীৰ বিৰুদ্ধে জিহাদ কৰি অহা লোকসকলেহে। তেওঁ স্পষ্ট ভাষাৰে সমালোচনা কৰে মোল্লা বাৰাদে আৰু শ্বেৰ মহম্মদ ষ্টানেকজাক যিয়ে তালিবান চৰকাৰত সামৰিক শক্তিৰ বিপৰীতে ৰাজনৈতিক শক্তিৰ উপস্থিতিৰ পৃষ্টপোষকতা ক্ৰি আহিছে।


মোল্লা য়াকুব আৰু হাক্কানি নেটৱৰ্কৰ মাজতো চৰকাৰ গঠনক লৈ মতবিৰোধ থকাৰ খবৰ আহিছে। একেদৰেই চৰকাৰ গঠনক লৈ ঐক্যমতত উপনীত হ’ব পৰা নাই পাষ্টুন আৰু অনা পাষ্টুন গোটৰ নেতাসকল।বিভাজন আছে অ-পাষ্টুন তালিবান আৰু কান্দাহাৰ গোটৰ মাজতো। চৰকাৰত প্ৰত্যেকেই প্ৰধান অংশীদাৰিত্ব বিচাৰিছে । আকৌ আফগানিস্তাপন্থী আৰু পাকিস্তানপন্থীৰ মাজতো সংঘাতৰ উকমুকনি ঘটিছে। কাজেই এই সংঘাতৰ অৱসান কিদৰে সেয়া লক্ষ্যণীয় হ’ব। অন্যথা এই সমস্ত সংঘাতৰ কুফল যে সাধাৰণ আফগান লোকেই ভুগিব লাগিব সেয়া নিশ্চিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক