--°C
Loading...
Listen to Article
2 min read
80%

ৰাঁচী : পিতৃস্নেহত আকুল প্ৰতিজন! কিন্তু ঝাৰখণ্ডৰ সিংহভূমিত এগৰাকী পিতৃৰ জ্ঞানশূন্য কৰ্মকাণ্ডৰ ফল ভোগ কৰিবলগা হৈছে এজন ১২বছৰীয়া কিশোৰে। কিশোৰজন ৰোষত পৰাৰ কাৰণ হ’ল পিতৃৰ পকেটৰপৰা এটকা চুৰি কৰিছিল। এটকা চুৰি কৰাৰ সাধাৰণ দোষতে পিতৃগৰাকীয়ে অসাধাৰণ শাস্তি প্ৰদান কৰিছে কিশোৰজনক। পুত্ৰৰ এনে কাৰ্যৰ বিষয়ে অৱগত গৈ খঙত দিগবিদিগ হেৰুৱাই পেলালে পিতৃয়ে।

ক্ৰোধান্ধ পিতৃয়ে উতলা গৰমপানীত পুত্ৰৰ দুয়োখন হাত জুবুৰিয়াই দিয়ে। ইয়াৰ ফলত কিশোৰটিৰ হাতৰ অৱস্থা এনে পৰ্যায়লৈ গতি কৰে যে, দহোটা আঙুলি চিকিৎসকে কাটি পেলাবলগীয়া হয়। খবৰ অনুসৰি, চুৰি কৰাৰ বাবে প্রথমে পিতৃয়ে মাৰ-ধৰ কৰিছিল। তাৰ পাছত দুয়োখন হাত গৰম পানীত জুবুৰিয়াই দিয়ে। ঘটনা সংঘটিত কৰি অভিযুক্ত পিতৃয়ে নিজৰ বাসগৃহৰ পৰা পলায়ন কৰে।

ইফালে, আৰ্থিক অনাতনৰ বাবে কিশোৰটিৰ চিকিৎসা মাতৃয়ে কৰিব পৰা নাই। ফলত ৰাইজৰ পৰা লাভ কৰা সাহায্যৰ সহায়ত প্ৰাথমিক চিকিৎসা কৰিছে মাতৃগৰাকীয়ে। প্রথমে কিশোৰটিৰ মাতৃৰ নামত এখনি আয়ুষ্মান কার্ড তৈয়াৰ কৰা হয়। সেই কাৰ্ডৰ সহায়ত চিকিৎসা কৰা হয় কিশোৰজনৰ। চিকিৎসাকালত কিশোৰটিৰ হাতত সংক্রমণ বঢ়াৰ ফলত চিকিৎসকে হাতৰ ১০টি আঙুলি কাটি পেলোৱাৰ সিদ্ধান্ত লয়।
পিতৃৰ এনে নিষ্ঠুৰ কৰ্ম-কাণ্ডক লৈ স্থানীয় লোকৰ চকু কপালত উঠিছে। কিদৰে নিজ পুত্ৰক পিতৃয়ে এনেদৰে শাস্তি প্ৰদান কৰিব পাৰে তাক লৈ বহুজনে প্ৰশ্ন উত্থাপন কৰিছে!


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক