--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : তালিবানে কাবুল দখল কৰাৰ পাছত আপাততঃ বাৰে বাৰে উদাৰতাৰ বাৰ্তা প্ৰদান কৰি আহিছে যদিও মৌলবাদী সন্ত্ৰাসবাদী সংগঠনটোৰ নিষ্ঠুৰতা আৰু বৰ্বৰতাৰ কাহিনীও এতিয়া পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে। ২০ বছৰ পূৰ্বৰ তালিবান আজি আৰু নাই বুলি পতিয়ন নিয়াবলৈ সংগঠনটোৱে অহৰহ চেষ্টা কৰিছে যদিও তেওঁলোকৰ বৰ্বৰতাৰ নানা কাহিনীয়ে আজিও মানৱতাক পদাঘাত কৰিছে।

তালিবানৰ বৰ্বৰতাৰ শেহতীয়া উদাহৰণ এতিয়া পুনৰ পোহৰলৈ আহিছে। সংবাদ মাধ্যমত এই বৰ্বৰতা আৰু অমানৱীয়তাৰ কাহিনী প্ৰকাশ পাইছে। দুজন তালিবানে এজন সমকামী লোকক হত্যা তথা অকথ্য অত্যাচাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে। সম্প্ৰতি ঘটনাটোক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে। কাবুলত লোকজনক হত্যা কৰাৰ পাছত বন্য উল্লাসত মৃতদেহৰ ওপৰতে নিষ্ঠুৰ নিৰ্যাতন চলায় তালিবানৰ দলে।

উল্লেখ্য যে, পূৰ্বৰ চুক্তি অনুসৰি আমেৰিকাই আফগানিস্তানৰ পৰা ইতিমধ্যে সৈন্য প্ৰত্যাহাৰ কৰিছে। তাৰ পাছতে মৌলবাদী সংগঠনটো উচ্ছ্বসিত হৈ পৰিছে। আজিৰ দিনটোতহে আফগানিস্তানে প্ৰকৃত স্বাধীনতা লাভ কৰা বুলিও প্ৰকাশ কৰিছে তালিবানে। মহিলা-পুৰুষ উভয়ৰে অধিকাৰ খৰ্ব নকৰাৰ আশ্বাস দিয়া স্বত্বেও শেহতীয়া ঘটনাই তালিবানৰ প্ৰকৃত স্বৰূপ পুনৰ প্ৰকট কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক