--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : তালিবানে কাবুল দখল কৰাৰ পাছত আপাততঃ বাৰে বাৰে উদাৰতাৰ বাৰ্তা প্ৰদান কৰি আহিছে যদিও মৌলবাদী সন্ত্ৰাসবাদী সংগঠনটোৰ নিষ্ঠুৰতা আৰু বৰ্বৰতাৰ কাহিনীও এতিয়া পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে। ২০ বছৰ পূৰ্বৰ তালিবান আজি আৰু নাই বুলি পতিয়ন নিয়াবলৈ সংগঠনটোৱে অহৰহ চেষ্টা কৰিছে যদিও তেওঁলোকৰ বৰ্বৰতাৰ নানা কাহিনীয়ে আজিও মানৱতাক পদাঘাত কৰিছে।

তালিবানৰ বৰ্বৰতাৰ শেহতীয়া উদাহৰণ এতিয়া পুনৰ পোহৰলৈ আহিছে। সংবাদ মাধ্যমত এই বৰ্বৰতা আৰু অমানৱীয়তাৰ কাহিনী প্ৰকাশ পাইছে। দুজন তালিবানে এজন সমকামী লোকক হত্যা তথা অকথ্য অত্যাচাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে। সম্প্ৰতি ঘটনাটোক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে। কাবুলত লোকজনক হত্যা কৰাৰ পাছত বন্য উল্লাসত মৃতদেহৰ ওপৰতে নিষ্ঠুৰ নিৰ্যাতন চলায় তালিবানৰ দলে।

উল্লেখ্য যে, পূৰ্বৰ চুক্তি অনুসৰি আমেৰিকাই আফগানিস্তানৰ পৰা ইতিমধ্যে সৈন্য প্ৰত্যাহাৰ কৰিছে। তাৰ পাছতে মৌলবাদী সংগঠনটো উচ্ছ্বসিত হৈ পৰিছে। আজিৰ দিনটোতহে আফগানিস্তানে প্ৰকৃত স্বাধীনতা লাভ কৰা বুলিও প্ৰকাশ কৰিছে তালিবানে। মহিলা-পুৰুষ উভয়ৰে অধিকাৰ খৰ্ব নকৰাৰ আশ্বাস দিয়া স্বত্বেও শেহতীয়া ঘটনাই তালিবানৰ প্ৰকৃত স্বৰূপ পুনৰ প্ৰকট কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ