--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিয়াৰ নামত চৰকাৰী প্ৰকল্পৰ ধন আৰু উপহাৰ চুৰি কৰাৰ এক ঘটনা সংঘটিত হৈছে৷ উত্তৰ প্ৰদেশৰ মহৰাদাবাদত সংঘটিত হৈছে এই ঘটনা। কিছুমানৰ ভাই-ভনীৰ সম্পৰ্ক, কিছুমানৰ মোমায়েক-ভাগীনয়েকৰ সম্পৰ্ক! কিন্তু চৰকাৰী প্ৰকল্পৰ ধন আৰু উপহাৰ তেওঁলোকে নিজৰ সম্পৰ্ক লুকুৱাই বিয়াৰ বাবে কৰিছিল আবেদন ।  

উত্তৰ প্ৰদেশত প্ৰচলিত দৰিদ্ৰ পৰিয়ালৰ পুত্ৰ-কন্যাৰ বিবাহৰ বাবে  মুখ্যমন্ত্ৰীৰ ৰাজহুৱা বিবাহ আঁচনি অধীনত নৱবিবাহিতক ৩৫ হাজাৰ টকা দিয়া হয়। লগতে কিছু উপহাৰ প্ৰদান কৰে। চৰকাৰৰ এই আচঁনীৰ ধন আহৰণ কৰিবলৈ বহু লোকে নিজৰ পৰিচয় লুকুৱাই বিবাহৰ বাবে আবেদন কৰিছিল। প্ৰশাসনে আবেদন পত্ৰ পৰীক্ষা কৰাৰ লগে লগে বিষয়টো পোহৰলৈ আহে। যে বহু লোকে নিজৰ পৰিচয় লুকুৱাই বিবাহৰ বাবে আবেদন কৰিছে। অৱশেষত চৰকাৰে তেওঁলোকৰ আবেদন নাকচ কৰে।

ৰাজ্য চৰকাৰৰ সূত্ৰ অনুসৰি এই প্ৰকল্পৰ অধীনত এইবাৰ উত্তৰ প্ৰদেশৰ মহৰাদেশবাদত ৩৪৫১টা দম্পতীয়ে বিবাহপাশত আবদ্ধ হ’ব। যদিও ৮৫১৯টা দম্পতীয়ে আবেদন কৰিছিল। শেষত  আবেদনসমূহ পৰীক্ষা কৰাৰ পাছত ভুৱা আবেদন বাতিল কৰা হয়। জিলা সমাজ কল্যাণ বিষয়া শ্ৰী নৰেন্দ্ৰ গৌতমে কয় যে যিসকলে নিজৰ পৰিচয় লুকুৱাই আবেদন কৰিছে তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

প্ৰশ্ন হয় যে উন্নয়নৰ ঢাক-ঢোল বজোৱা এই দেশত এনেদৰে অসৎ উপায় অৱলম্বন কৰি ধনঘটিবলৈ বাধ্য হৈ পৰিছে সাধাৰণ জনতা৷ উন্নয়নৰ বাবে আঁচনিৰ পাহাৰ গঢ়াতকৈ উপযুক্ত নিয়োগ ব্যৱস্থা কৰাৰ লগতে মূল্যবদ্ধি ৰধৰ বাবে কাৰ্যক্ষম ব্যৱস্থা গ্ৰহণ কৰি এনে সমস্যাৰ নিদান উলিওৱাটোহে এতিয়া সময়ৰ আহ্বান৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ