--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তামিলনাডুৰ তিৰুপুৰুৰত অৱস্থিত অৰুলমিগু কন্দস্বামী মন্দিৰৰ এক অনন্য গোচৰ। তথ্য অনুসৰি বিনায়াগাপুৰৰ বাসিন্দা দিনেশৰ ভুলবশতঃ নিজৰ আইফোনটো মন্দিৰৰ দানপাত্ৰত পৰি যায়। যেতিয়া তেওঁ মন্দিৰৰ পৰিচালনা সমিতিক ফোনটো ঘূৰাই দিবলৈ কয়, তেতিয়া তেওঁক কোৱা হয় যে এতিয়া ই ভগৱানৰ, ইয়াত ৰখা যিকোনো বস্তু ঈশ্বৰৰ সম্পত্তি বুলি গণ্য কৰা হয়।

যোৱা মাহত দীনেশ পৰিয়ালসহ মন্দিৰলৈ গৈছিল আৰু পূজা আৰতি কৰি দানপাত্ৰত কিছু টকা দান কৰিবলৈ আগবাঢ়ে। চাৰ্টৰ পকেটৰ পৰা টকা উলিয়াই থাকোঁতে তেওঁৰ আইফোনটো দান পাত্ৰত পৰি গ’ল। ইয়াৰ পিছত তেওঁ এই বিষয়ে মন্দিৰ প্ৰশাসনৰ সৈতে যোগাযোগ কৰিলে, কিন্তু তেওঁক কোৱা হ’ল যে এবাৰ দান পাত্ৰত ভৰাই দিলে ইয়াক উলিয়াব নাপায়। মন্দিৰৰ বিষয়াসকলে লগতে কয় যে দুমাহত এবাৰহে এই পাত্ৰ খোলা হয়।

এই ঘটনাৰ পিছত দিনেশে এইচআৰ আৰু চিইৰ বিষয়াসকলৰ ওচৰত এজাহাৰ দাখিল কৰি দানপাত্ৰ মুকলিৰ বিষয়ে অৱগত কৰিবলৈ অনুৰোধ জনায়। দুমাহৰ পাছত শুকুৰবাৰে (২০ ডিচেম্বৰ) মন্দিৰ দানপাত্ৰ মুকলি কৰাৰ সময়ত দিনেশে নিজৰ আইফোনটো সংগ্ৰহ কৰিবলৈ আহিছিল কিন্তু বিষয়াসকলে নিজৰ কথাত অটল থাকিল আৰু তেওঁক চিম কাৰ্ড আৰু প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰাৰ বিকল্প দিয়ে ।

মন্দিৰৰ কাৰ্যবাহী বিষয়াজনে কয়, ‘ফোনটো দান হিচাপে আগবঢ়োৱা হৈছে নে ভুলবশতঃ পৰি গৈছিল আমি সিদ্ধান্ত ল’ব নোৱাৰো। “আমাৰ পৰম্পৰা অনুসৰি দানপাত্ৰত থোৱা বস্তুবোৰ ঘূৰাই দিয়া নহয়।” ইয়াৰ পিছত দিনেশে নতুন চিম কাৰ্ড কিনি ফোনটো ঘূৰাই দিয়াৰ সিদ্ধান্ত মন্দিৰ পৰিচালনাৰ হাতত এৰি দিলে। এই বিষয়টো এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ