--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তামিলনাডুৰ তিৰুপুৰুৰত অৱস্থিত অৰুলমিগু কন্দস্বামী মন্দিৰৰ এক অনন্য গোচৰ। তথ্য অনুসৰি বিনায়াগাপুৰৰ বাসিন্দা দিনেশৰ ভুলবশতঃ নিজৰ আইফোনটো মন্দিৰৰ দানপাত্ৰত পৰি যায়। যেতিয়া তেওঁ মন্দিৰৰ পৰিচালনা সমিতিক ফোনটো ঘূৰাই দিবলৈ কয়, তেতিয়া তেওঁক কোৱা হয় যে এতিয়া ই ভগৱানৰ, ইয়াত ৰখা যিকোনো বস্তু ঈশ্বৰৰ সম্পত্তি বুলি গণ্য কৰা হয়।

যোৱা মাহত দীনেশ পৰিয়ালসহ মন্দিৰলৈ গৈছিল আৰু পূজা আৰতি কৰি দানপাত্ৰত কিছু টকা দান কৰিবলৈ আগবাঢ়ে। চাৰ্টৰ পকেটৰ পৰা টকা উলিয়াই থাকোঁতে তেওঁৰ আইফোনটো দান পাত্ৰত পৰি গ’ল। ইয়াৰ পিছত তেওঁ এই বিষয়ে মন্দিৰ প্ৰশাসনৰ সৈতে যোগাযোগ কৰিলে, কিন্তু তেওঁক কোৱা হ’ল যে এবাৰ দান পাত্ৰত ভৰাই দিলে ইয়াক উলিয়াব নাপায়। মন্দিৰৰ বিষয়াসকলে লগতে কয় যে দুমাহত এবাৰহে এই পাত্ৰ খোলা হয়।

এই ঘটনাৰ পিছত দিনেশে এইচআৰ আৰু চিইৰ বিষয়াসকলৰ ওচৰত এজাহাৰ দাখিল কৰি দানপাত্ৰ মুকলিৰ বিষয়ে অৱগত কৰিবলৈ অনুৰোধ জনায়। দুমাহৰ পাছত শুকুৰবাৰে (২০ ডিচেম্বৰ) মন্দিৰ দানপাত্ৰ মুকলি কৰাৰ সময়ত দিনেশে নিজৰ আইফোনটো সংগ্ৰহ কৰিবলৈ আহিছিল কিন্তু বিষয়াসকলে নিজৰ কথাত অটল থাকিল আৰু তেওঁক চিম কাৰ্ড আৰু প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰাৰ বিকল্প দিয়ে ।

মন্দিৰৰ কাৰ্যবাহী বিষয়াজনে কয়, ‘ফোনটো দান হিচাপে আগবঢ়োৱা হৈছে নে ভুলবশতঃ পৰি গৈছিল আমি সিদ্ধান্ত ল’ব নোৱাৰো। “আমাৰ পৰম্পৰা অনুসৰি দানপাত্ৰত থোৱা বস্তুবোৰ ঘূৰাই দিয়া নহয়।” ইয়াৰ পিছত দিনেশে নতুন চিম কাৰ্ড কিনি ফোনটো ঘূৰাই দিয়াৰ সিদ্ধান্ত মন্দিৰ পৰিচালনাৰ হাতত এৰি দিলে। এই বিষয়টো এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?