--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তিতাৰ পৰা মিঠাতালৈকে চকলেটৰ আছে এক অভূতপূৰ্ব যাত্ৰা। কাৰোবাৰ প্ৰতি মৰম প্ৰকাশ কৰিবলৈ হওক বা বিচলিতজনক মৰমেৰে বুজাবলৈয়ে  হওক, এনে পৰিস্থিতিত চকলেট এবিধ প্ৰধান‌ খাদ্য-সামগ্ৰী। সৰুৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলোৰে প্ৰিয় চকলেট। কিন্তু চকলেটৰ ইতিহাস জানেনে? এই লেখাটোৰ জৰিয়তে আমি আপোনালোকক ক’ম চকলেটৰ সৈতে জড়িত সকলো আমোদজনক তথ্য - 

চকলেটৰ ইতিহাস

ক’ক’ গছৰ পৰা ওলোৱা বীজৰ পৰা চকলেট তৈয়াৰ কৰা হয়। ২০০০ বছৰ পূৰ্বে পূৰ্বৰ আমেৰিকাৰ বৰ্ষাৰণ্যত এই ক’ক’ গছ আৱিষ্কাৰ হৈছিল। পোন প্ৰথমে মেক্সিকোত ই অতি জনপ্ৰিয় আছিল। পাছলৈ স্পেইনত ই জনপ্ৰিয় হৈ পৰে আৰু তাত থকা আভিজাত্য লোকসকলে ইয়াৰ পৰা তৈয়াৰী পানীয় খাইছিল। স্পেইনে চকলেটৰ ওপৰত নিজৰ একচেটিয়া অধিকাৰ স্থাপন কৰিছিল। পাছলৈ ইটালীয়ে চকলেটৰ ওপৰত স্পেইনৰ একচেটিয়া অধিকাৰক‌ অন্ত পেলাই নিজৰ দেশত চকলেট তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে। ১৫০ খ্ৰীষ্টাব্দৰ পাছতে ইউৰোপৰ বহু দেশত চকলেটৰ পানীয় বিখ্যাত হৈ পৰে।

কোনে খাব পৰা চকলেট বনাইছিল? 

ছাৰ হান্স স্লোৱেনে খাব পৰা চকলেট বনাইছিল। আপুনি জানি আচৰিত হ’ব যে ছাৰ হান্স স্লোৱেন এজন চিকিৎসক আছিল। তেওঁ কেডবেৰী চকলেটৰ ৰেচিপিটো বনাইছিল। আগতে ক’ক’ত বহু বস্তু মিহলাই পিহি খোৱা হৈছিল। ইতিমধ্যে আমেৰিকা মহাদেশত চকলেট খোৱা পানীয় হিচাপে জনপ্ৰিয় আছিল।

চকলেট টেষ্ট

প্ৰথম অৱস্থাত চকলেটৰ সোৱাদ তিতা হোৱাৰ বাবে মানুহে ইয়াক পানীয় হিচাপেই গ্ৰহণ কৰিছিল। চকলেট মিঠা বনোৱাৰ ক্ৰেডিট ইউৰোপলৈ য'ত চেনি আৰু গাখীৰ মিহলাই মিঠা কৰি লোৱা হৈছিল।  ইউৰোপীয় এজনেই চকলেটক পানীয় হিচাপে খোৱাৰ সলনি খাদ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ