--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমাৰ দেশত বিভিন্ন পৰম্পৰা আছে। এনে এটা বিশেষ পৰম্পৰা হ’ল কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে বা পৰীক্ষা দিয়াৰ আগতে দৈ আৰু চেনি খোৱা। মানুহৰ এটা বিশ্বাস আছে যে দৈ আৰু চেনি খালে কৰিবলৈ ওলোৱা কামটো ভাল হয়। মানুহে দৈ আৰু চেনি খোৱাটো শুভ বুলি গণ্য কৰে, কিন্তু দৈ আৰু চেনি খোৱাৰ আঁৰত কি কি সঠিক যুক্তি আছে জানেনে? এই বিষয়ে জানো আহক -

হয় আমাৰ দেশত কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে দৈ-চেনি খুৱালে কামটো ভাল হ’ব বুলি ধৰি লোৱা হয়। দৈ-চেনি খাই পৰীক্ষালৈ যোৱা বা আন কোনো গুৰুত্বপূৰ্ণ কাম কৰিলে যে ভাল হ’ব পাৰে তাত কোনো সন্দেহ নাই। কিন্তু ইয়াৰ কাৰণ দৈ-চেনিৰ ভাল বা বেয়া বুলি একো যুক্তি নাই,বৰঞ্চ এই ক্ষেত্ৰত চেনি আৰু দৈৰ সমন্বয়ৰ বাবে পোৱা গুণাগুণেহে সহায় কৰে।

আচলতে দৈয়ে আমাৰ শৰীৰৰ বাবে প্ৰাকৃতিক শীতল পদাৰ্থ হিচাপে কাম কৰে, যাৰ ফলত আমাৰ শৰীৰৰ তাপৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি পায়। ইয়াৰ বাহিৰেও চেনিৰ বাবে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ গ্লুক’জ পায়। দৈ আৰু চেনি একেলগে খালে মনটো শান্ত আৰু একাগ্ৰ হৈ থাকে আৰু আমাৰ কাৰ্যক্ষমতাও বৃদ্ধি পায়। এই কাৰণেই মানুহে পৰীক্ষালৈ যোৱাৰ আগতে বা আন গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে দৈ আৰু চেনি খোৱাটো শুভ বুলি গণ্য কৰে।

আয়ুৰ্বেদিক গুণেৰে ভৰপূৰ দৈ। ইয়াক খালে পেটৰ লগত জড়িত সকলো সমস্যাৰ পৰাও পৰিত্ৰাণ পোৱা যায়। হজম শক্তিৰ বাবেও দৈ উপকাৰী।  দাঁত মজবুত কৰাত আৰু বহু ধৰণৰ সমস্যাতো এই খাদ্য ফলপ্ৰসূ। দৈ খোৱা মহিলাৰ বাবে অতি উপকাৰী। ইয়াৰ ফলত ইহঁতৰ যোনিৰ সংক্ৰমণৰ সম্ভাৱনা কম হয়। ওজন কমোৱাতো দৈয়ে সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু