--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চকুযুৰি আমাৰ  অমূল্য সম্পদ। চকু অবিহনে সকলো এন্ধাৰ।  বৰ্তমান খাদ্যাভাস আৰু প্ৰদূষণ আদিৰ বাবে আমাৰ চকুযুৰিৰ বহু ক্ষতি হৈ আহিছে। সেয়ে চকুৰ স্বাস্থ্য ভালে ৰাখিবলৈ আমি কেতবোৰ খাদ্য বিশেষভাবে গ্ৰহণ কৰা ভাল। চকু ভাল ৰাখিবলৈ আপুনি কি খাব?

তলত আমি আগবঢ়াইছো চকু ভালে ৰাখিবলৈ আপুনি খাব পৰা কেইবিধমান খাদ্য।

বাদামজাতীয় খাদ্য:
বাদামজাতীয় খাদ্যসমূহ চকুৰ ৰেটিনাৰ কাৰণে ভাল। এইসমূহে চকু ভালে ৰাখে আৰু অস্পষ্ট দৃষ্টি দূৰ কৰে।

বাদামজাতীয় খাদ্যসমূহ ভিটামিনেৰে ভৰপূৰ। কাঠ বাদাম, আমণ্ড আৰু ৱালনাট—আটাইবোৰেই স্বাস্থ্যৰ পক্ষে ভাল।দিনে এমুঠিমান বাদামজাতীয় শুকান ফল খালেই ই আপোনাৰ চকুৰ লগতে সম্পূৰ্ণ স্বাস্থ্য ভালে ৰাখিব।

 মাছ:
তেলযুক্ত মাছত অমেগা ৩ আৰু ৬ ফেটি এচিড থাকে। দেহৰ বাবে প্ৰয়োজনীয় প্ৰ’টিনৰ লগতে আন প্ৰয়োজনীয়তাও মাছে পূৰণ কৰে।

চকু ভালে থাকিবলৈ চকুত পানী থকাৰ প্ৰয়োজন। ফেটি এচিডে চকুৰ পানী উৎপন্ন হোৱাত সহায় কৰে।
চকুৰ পানীয়ে চকু পৰিষ্কাৰ কৰি ৰখাৰ লগতে চকুৰ অৱসাদ দূৰ কৰে আৰু ইয়াক সুস্থ ৰাখে।

 গাজৰ:
গাজৰ ভিটামিন এ-ৰে সমৃদ্ধ। ভিটামিন-এ চকুৰ স্বাস্থ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয়।
গাজৰে চকুৰ সামগ্ৰিক স্বাস্থ্য ঠিক ৰখাৰ লগতে কুকুৰীকণা আদি সমস্যাৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়।সেউজীয়া শাক-পাচলি নিয়মিত খোৱা কৰক।

পানীঃ প্ৰচুৰ পানী খাব। পানীয়ে চকৰুৰ লগতে দেহৰ আন অংগৰ সুস্থতা ৰক্ষাতো সহায় কৰে। কিছু সময় কাম কৰাৰ পিছত সেউজীয়া দৃশ্য চাবলৈ চেষ্টা কৰিব। এনে কৰিলে চকুযুৰিয়ে আৰাম পাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান