--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে ইয়াৰ অভিযানৰ লক্ষ্য অতিক্ৰম কৰাত সফল হৈছে। কিন্তু চন্দ্ৰপৃষ্ঠ এৰি হঠাতে শূন্যলৈ উৰা মাৰিলে বিক্ৰমে! ইছৰোৱে আজি এইকথা প্ৰকাশ কৰে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৰ মতে বিক্ৰমে সফলতাৰে সকলো পৰীক্ষা সম্পূৰ্ণ কৰিছে আৰু দ্বিতীয়বাৰৰ বাবে বিক্ৰমে সফলতাৰে চন্দ্ৰত অৱতৰণ কৰিছে।চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত স্পৰ্শ কৰিছিল।

 তেতিয়াৰে পৰা  ই প্ৰায় একে ঠাইতে ঘূৰি-ফুৰি আছে। বিক্ৰমৰ টোপনি যোৱাৰ সময়ো চমু চাপি আহিছে। অৱশ্যে চন্দ্ৰৰ দক্ষিণ মেৰুত অন্ধকাৰ নামি অহাৰ আগতে বিক্ৰমে অক্লান্ত পৰিশ্ৰম কৰি গৈছে। চন্দ্ৰযানত 'লুনাৰ চাৰ্ফেচ থাৰ্মো-ফিজিকেল এক্সপেৰিমেণ্ট' বা চিএএচটিই নামৰ এটা পেলোড আছে। ই চন্দ্ৰৰ উষ্ণতা জুখু আছে। ইয়াৰ উপৰি বিক্ৰমত আছে  লুনাৰ চিচমিক এক্টিভিটি প্ৰোব বা আইএলএছএ নামৰ এটা পেলোড । ইলছাৰ চেন্সৰে মহাজাগতিক গতিবিধি লক্ষ্য কৰি আছে।  বিক্ৰমৰ লেজাৰ ৰিট্ৰোৰিফ্লেক্টৰে  চন্দ্ৰআৱদ্ধ অতি সংবেদনশীল আয়নোস্ফিয়াৰ আৰু বায়ুমণ্ডল ৰ বিষয়ে তথ্য সংগ্ৰহ কৰি আছে। এই যন্ত্ৰই  চন্দ্ৰ মাটিত প্লাজমাৰ ঘনত্বও জুখি আছে। বিক্ৰমৰ সকলো বোৰ যন্ত্ৰই এতিয়ালৈকে সঠিক ধৰণে কাম কৰি আছে বুলি ইছৰ’ই প্ৰকাশ কৰিছে।  

চন্দ্ৰৰ দক্ষিণ মেৰুত অন্ধকাৰ নামি অহাৰ আগলৈকে  বিক্ৰমে  যিমান সম্ভৱ কাম কৰি যাব। উল্লেখ্য  প্ৰথমবাৰৰ বাবে বিশ্বৰ প্ৰথম দেশ হিচাবে ভাৰতে  চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত মহাকাশযান অৱতৰণ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে, এই অভিযান মাত্ৰ ১৪  দিনীয়াহে হ’ব।   কিয়নো এবাৰ দক্ষিণ মেৰুত অন্ধকাৰ নামি আহিলে লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানৰ শক্তি হ্ৰাস পাব । কাৰণ  দুয়োটা যন্ত্ৰই  সৌৰ শক্তিচালিত। গতিকে যেতিয়া আন্ধাৰ হয় সেইবোৰে  আৰু কাম কৰিব নোৱাৰিব। প্ৰজ্ঞানক ইতিমধ্যে শুৱাই দিয়া হৈছে। ইছৰোৱে বিক্ৰমক নিষ্ক্ৰিয় হৈ পৰাৰ আগতে কেইবাটাও বিশেষ পৰীক্ষাত ব্যস্ত ৰাখিছে।  







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ