--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞানৰ গতি অতি লেহেমীয়া ভাবে চলি আছে।দৰাচলতে প্ৰজ্ঞানৰ গতি লেহেমীয়া যদিও  ৰভাৰ খনে নিজৰ কাম অতি সুন্দৰভাবে কৰি গৈছে৷ প্ৰজ্ঞানে  প্ৰতি ছেকেণ্ডত  এক চেণ্টিমিটাৰ আগুৱাই যাব  পাৰে। লাহে লাহে আগবাঢ়ি প্ৰজ্ঞানে  ১০০ মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। ইছৰ’ই  ৰভাৰ প্ৰজ্ঞানৰ এনে  কৃতিত্বৰ বিষয়ে টুইট কৰিছে৷

শনিবাৰে আবেলি ইছৰ’ই এইবুলি   টুইট কৰিছে  যে প্ৰজ্ঞানে চন্দ্ৰত ১০০ মিটাৰৰো অধিক দূৰত্ব অতিক্ৰম কৰিছে।এখন ছবিত প্ৰজ্ঞানে সোঁফালে বেঁকা হৈ  শিৱশক্তি বিন্দুতৰ কাষলৈ যোৱা দেখা গৈছে৷তাৰ পিছত দীঘলীয়া যাত্ৰাৰ অন্তত  ৰভাৰখনে  পুনৰ সোঁফালে ঘূৰা দেখা গৈছে।  ছচকীয়া ডিভাইচটোৱে সকলো বাধা অতিক্ৰম কৰি   আগবাঢ়ি গৈছে। 

প্ৰজ্ঞানৰ চকাত এফালে ইছৰ’ৰ লোগো আৰু আনফালে অশোক স্তম্ভৰ এখন ছবি আছে। যেতিয়া এই চকাটো ঘূৰে  তেতিয়াই চন্দ্ৰপৃষ্ঠত সেই চিহ্নবোৰ অঁকা হৈ যায়৷ অৰ্থাৎ, চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত ১০০ মিটাৰ দূৰত্ব জুৰি  এই চিহ্ন খোদিত হৈছে।

প্ৰজ্ঞানে   কেইবাটাও বাধাৰ সন্মুখীন হৈছে। প্ৰথম বাধাটো আছিল ৪০০ মিটাৰ বহল ছিদ্ৰ। ইছৰোৱে ৰভাৰটো সেই গাঁতৰ  মুখত উপনীত হোৱাৰ লগে লগে পিছলৈ ঘূৰাই লৈ গৈছে।

ৰভাৰে চন্দ্ৰৰ মাটিৰ কম্পনো জুখিছে।  চন্দ্ৰৰ মাটিত ছালফাৰকে ধৰি কেইবাটাও খনিজ পদাৰ্থৰ আৱিষ্কাৰ কৰিছে  জ্ঞানে । ৰভাৰ খনে  শনিবাৰেচন্দ্ৰপৃষ্ঠত  দশম দিনত প্ৰৱেশ কৰিছে। প্ৰজ্ঞানে কাম চলাই যাবলৈ মাত্ৰ চাৰি দিন বাকী আছে। তাৰ পিছত সূৰ্য চন্দ্ৰত অস্ত যাব। সৌৰ শক্তি অবিহনে ৰভাৰ প্ৰজ্ঞান অকামিলা হৈ পৰিব৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু