--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞানৰ গতি অতি লেহেমীয়া ভাবে চলি আছে।দৰাচলতে প্ৰজ্ঞানৰ গতি লেহেমীয়া যদিও  ৰভাৰ খনে নিজৰ কাম অতি সুন্দৰভাবে কৰি গৈছে৷ প্ৰজ্ঞানে  প্ৰতি ছেকেণ্ডত  এক চেণ্টিমিটাৰ আগুৱাই যাব  পাৰে। লাহে লাহে আগবাঢ়ি প্ৰজ্ঞানে  ১০০ মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। ইছৰ’ই  ৰভাৰ প্ৰজ্ঞানৰ এনে  কৃতিত্বৰ বিষয়ে টুইট কৰিছে৷

শনিবাৰে আবেলি ইছৰ’ই এইবুলি   টুইট কৰিছে  যে প্ৰজ্ঞানে চন্দ্ৰত ১০০ মিটাৰৰো অধিক দূৰত্ব অতিক্ৰম কৰিছে।এখন ছবিত প্ৰজ্ঞানে সোঁফালে বেঁকা হৈ  শিৱশক্তি বিন্দুতৰ কাষলৈ যোৱা দেখা গৈছে৷তাৰ পিছত দীঘলীয়া যাত্ৰাৰ অন্তত  ৰভাৰখনে  পুনৰ সোঁফালে ঘূৰা দেখা গৈছে।  ছচকীয়া ডিভাইচটোৱে সকলো বাধা অতিক্ৰম কৰি   আগবাঢ়ি গৈছে। 

প্ৰজ্ঞানৰ চকাত এফালে ইছৰ’ৰ লোগো আৰু আনফালে অশোক স্তম্ভৰ এখন ছবি আছে। যেতিয়া এই চকাটো ঘূৰে  তেতিয়াই চন্দ্ৰপৃষ্ঠত সেই চিহ্নবোৰ অঁকা হৈ যায়৷ অৰ্থাৎ, চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত ১০০ মিটাৰ দূৰত্ব জুৰি  এই চিহ্ন খোদিত হৈছে।

প্ৰজ্ঞানে   কেইবাটাও বাধাৰ সন্মুখীন হৈছে। প্ৰথম বাধাটো আছিল ৪০০ মিটাৰ বহল ছিদ্ৰ। ইছৰোৱে ৰভাৰটো সেই গাঁতৰ  মুখত উপনীত হোৱাৰ লগে লগে পিছলৈ ঘূৰাই লৈ গৈছে।

ৰভাৰে চন্দ্ৰৰ মাটিৰ কম্পনো জুখিছে।  চন্দ্ৰৰ মাটিত ছালফাৰকে ধৰি কেইবাটাও খনিজ পদাৰ্থৰ আৱিষ্কাৰ কৰিছে  জ্ঞানে । ৰভাৰ খনে  শনিবাৰেচন্দ্ৰপৃষ্ঠত  দশম দিনত প্ৰৱেশ কৰিছে। প্ৰজ্ঞানে কাম চলাই যাবলৈ মাত্ৰ চাৰি দিন বাকী আছে। তাৰ পিছত সূৰ্য চন্দ্ৰত অস্ত যাব। সৌৰ শক্তি অবিহনে ৰভাৰ প্ৰজ্ঞান অকামিলা হৈ পৰিব৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ