--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰত পানী আছেনে? চন্দ্ৰৰ দক্ষিণ মেৰুত বৰফ থকা বুলি বহু বিজ্ঞানীয়ে ধাৰণা কৰি আহিছে। শেহতীয়াকৈ বিজ্ঞানীসকলে চন্দ্ৰযান-১ অভিযানৰ তথ্য ব্যৱহাৰ কৰি চন্দ্ৰত  আৱিষ্কৃত  বৰফৰ উৎপত্তি সম্পৰ্কে নানান তথ্য লাভ কৰিছে। নেচাৰ এষ্ট্ৰ'নমী আলোচনীত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে আমাৰ গ্ৰহটোৰ  প্লাজমা শ্বীটত থকা উচ্চ শক্তিৰ ইলেক্ট্ৰনবোৰে চন্দ্ৰপৃষ্ঠৰ বতৰৰ ওপৰত প্ৰভাৱ পেলাইছে আৰু আনকি তাত পানী সৃষ্টিত সেই ইলেক্ট্ৰনবোৰে সহায় কৰিব পাৰে।

প্লাজমা শ্বীট হৈছে মেগনেটোস্ফেয়াৰৰ ভিতৰত আৱদ্ধ চাৰ্জড কণাৰ এক এলেকা, পৃথিৱীৰ চাৰিওফালৰ স্থানৰ অংশ যি ইয়াৰ চুম্বকীয় ক্ষেত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত। মহাকাশৰ বতৰ আৰু সূৰ্যৰ ৰশ্মী তথা তাপ  বিকিৰণৰ পৰা পৃথিৱীক সুৰক্ষিত কৰাত মেগনেটোস্পেহেৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সৌৰ বতাহে এই মেগনেটোস্ফেয়াৰটো ঠেলি দিয়ে আৰু ইয়াক নতুন ৰূপ দিয়ে।

 মেগনেটোস্ফিয়াৰৰ থকা  নেজসদৃশ  অঞ্চলৰ প্লাজমা শ্বীটত পৃথিৱীৰ পৰা আহৰণ কৰা আৰু সৌৰ বায়ুৰ পৰা অহা  উচ্চ-শক্তিৰ ইলেক্ট্ৰন আৰু আয়ন থাকে। গৱেষকসকলে  দেখুৱাইছে যে পৃথিৱীৰ "মেগনেটোটেইল"ত অক্সিজেনে চন্দ্ৰ মেৰু অঞ্চলত লোৰ মামৰৰ ৰূপত  আছে আৰু চন্দ্ৰ পৃথিৱীৰ মেগনেটোটেইলৰ মাজেৰে পাৰ হৈ যোৱাৰ লগে লগে সেইবোৰৰ সংস্পৰ্শলৈ আহে।

 " ই চন্দ্ৰপৃষ্ঠৰ পানীৰ গঠন প্ৰক্ৰিয়াঅধ্যয়নৰ বাবে এটা প্ৰাকৃতিক প্ৰক্ৰিয়া  সৃষ্টি  কৰে। যেতিয়া চন্দ্ৰ মেগনেটোটেইলৰ বাহিৰত থাকে, চন্দ্ৰপৃষ্ঠত সৌৰ বায়ুৰ প্ৰৱেশ ঘটে’’এগৰাকী বিজ্ঞানী তথা  মুখ্য গৱেষক চুয়াই লিয়ে কয়। গৱেষকসকলে ২০০৮ ৰ পৰা ২০০৯ চনৰ ভিতৰত চন্দ্ৰযান-১ অভিযানত মুন মিনাৰেলজি মেপাৰৰ দ্বাৰা সংগ্ৰহ কৰা ৰিম'ট চেঞ্চিং তথ্য বিশ্লেষণ কৰিছিল। চন্দ্ৰপৃথিৱীৰ মেগনেটোটেইলৰ মাজেৰে পাৰ হৈ যোৱাৰ লগে লগে তেওঁলোকে মুখ্যতঃ পানীৰ গঠনৰ পৰিৱৰ্তন বোৰ লক্ষ্য কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু