--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰত পানী আছেনে? চন্দ্ৰৰ দক্ষিণ মেৰুত বৰফ থকা বুলি বহু বিজ্ঞানীয়ে ধাৰণা কৰি আহিছে। শেহতীয়াকৈ বিজ্ঞানীসকলে চন্দ্ৰযান-১ অভিযানৰ তথ্য ব্যৱহাৰ কৰি চন্দ্ৰত  আৱিষ্কৃত  বৰফৰ উৎপত্তি সম্পৰ্কে নানান তথ্য লাভ কৰিছে। নেচাৰ এষ্ট্ৰ'নমী আলোচনীত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে আমাৰ গ্ৰহটোৰ  প্লাজমা শ্বীটত থকা উচ্চ শক্তিৰ ইলেক্ট্ৰনবোৰে চন্দ্ৰপৃষ্ঠৰ বতৰৰ ওপৰত প্ৰভাৱ পেলাইছে আৰু আনকি তাত পানী সৃষ্টিত সেই ইলেক্ট্ৰনবোৰে সহায় কৰিব পাৰে।

প্লাজমা শ্বীট হৈছে মেগনেটোস্ফেয়াৰৰ ভিতৰত আৱদ্ধ চাৰ্জড কণাৰ এক এলেকা, পৃথিৱীৰ চাৰিওফালৰ স্থানৰ অংশ যি ইয়াৰ চুম্বকীয় ক্ষেত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত। মহাকাশৰ বতৰ আৰু সূৰ্যৰ ৰশ্মী তথা তাপ  বিকিৰণৰ পৰা পৃথিৱীক সুৰক্ষিত কৰাত মেগনেটোস্পেহেৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সৌৰ বতাহে এই মেগনেটোস্ফেয়াৰটো ঠেলি দিয়ে আৰু ইয়াক নতুন ৰূপ দিয়ে।

 মেগনেটোস্ফিয়াৰৰ থকা  নেজসদৃশ  অঞ্চলৰ প্লাজমা শ্বীটত পৃথিৱীৰ পৰা আহৰণ কৰা আৰু সৌৰ বায়ুৰ পৰা অহা  উচ্চ-শক্তিৰ ইলেক্ট্ৰন আৰু আয়ন থাকে। গৱেষকসকলে  দেখুৱাইছে যে পৃথিৱীৰ "মেগনেটোটেইল"ত অক্সিজেনে চন্দ্ৰ মেৰু অঞ্চলত লোৰ মামৰৰ ৰূপত  আছে আৰু চন্দ্ৰ পৃথিৱীৰ মেগনেটোটেইলৰ মাজেৰে পাৰ হৈ যোৱাৰ লগে লগে সেইবোৰৰ সংস্পৰ্শলৈ আহে।

 " ই চন্দ্ৰপৃষ্ঠৰ পানীৰ গঠন প্ৰক্ৰিয়াঅধ্যয়নৰ বাবে এটা প্ৰাকৃতিক প্ৰক্ৰিয়া  সৃষ্টি  কৰে। যেতিয়া চন্দ্ৰ মেগনেটোটেইলৰ বাহিৰত থাকে, চন্দ্ৰপৃষ্ঠত সৌৰ বায়ুৰ প্ৰৱেশ ঘটে’’এগৰাকী বিজ্ঞানী তথা  মুখ্য গৱেষক চুয়াই লিয়ে কয়। গৱেষকসকলে ২০০৮ ৰ পৰা ২০০৯ চনৰ ভিতৰত চন্দ্ৰযান-১ অভিযানত মুন মিনাৰেলজি মেপাৰৰ দ্বাৰা সংগ্ৰহ কৰা ৰিম'ট চেঞ্চিং তথ্য বিশ্লেষণ কৰিছিল। চন্দ্ৰপৃথিৱীৰ মেগনেটোটেইলৰ মাজেৰে পাৰ হৈ যোৱাৰ লগে লগে তেওঁলোকে মুখ্যতঃ পানীৰ গঠনৰ পৰিৱৰ্তন বোৰ লক্ষ্য কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ