--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ভাৰতে অহা মাহৰ আৰম্ভণিতে ইয়াৰ উচ্চাকাংক্ষী ক্ৰুড মহাকাশ অভিযান গগনযানৰ এক গুৰুত্বপূৰ্ণ পৰীক্ষা কৰিবলৈ সাজু হৈছে৷ মিছনটোৰ প্ৰকল্প সঞ্চালক আৰ হাটনে আজি এই কথা সংবাদমাধ্যমক জনায়। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) বৰ্তমান চাৰিজন মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণৰ বাবে প্ৰশিক্ষণ দি আছে আৰু ভৱিষ্যতে   মানৱ অভিযানৰ লক্ষ্যৰ বাবে দলটো সম্প্ৰসাৰিত কৰিব বিচাৰিছে বুলি  হাটনে কয়। 

গগনযান অভিযানৰ উদ্দেশ্য হৈছে এক মানৱ-বাসযোগ্য মহাকাশ কেপচুল বিকশিত কৰা.  যি কেপচুলে  তিনি জন মহাকাশচাৰীক  তিনি দিনৰ বাবে ৪০০ কিলোমিটাৰ ওপৰৰ  কক্ষপথলৈ লৈ যাব৷ সেয়া পুনৰ  ভাৰত মহাসাগৰৰ সুৰক্ষিত স্থানলৈ উভতি আহিব। ইছৰোৱে কৈছে যে  গগনযান অভিযান  সম্পূৰ্ণ হোৱাৰ পিছত মহাকাশত মানুহৰ নিৰন্তৰ উপস্থিতি সম্ভৱ হৈ উঠিব। ক্ৰু এস্কেপ চিষ্টেম পৰীক্ষা কৰাৰ উদ্দেশ্য  হৈছে জৰুৰীকালীন অৱস্থাত মহাকাশচাৰীসকলক সুৰক্ষিতভাবে কেপচুলৰ পৰা কেনেকৈ উলিয়াই আনি পাৰি সেয়া পৰীক্ষা কৰা৷  গগনযানৰ  চূড়ান্ত উৎক্ষেপণ পৰ্যায়ৰ আগতে অন্যান্য পৰীক্ষাও কৰা হ’ব বুলি  হাটনে কয়৷ 

 এই অভিযানৰ বাবে প্ৰায় ৯০.২৩  বিলিয়ন ভাৰতীয় টকা (১.১বিলিয়ন ডলাৰ) আৱণ্টন কৰা হৈছে৷   অৱশ্যে এই অভিযানৰ  এটা সঠিক সময় এতিয়াও প্ৰকাশ কৰা হোৱা নাই৷ গগনযান  ২০২৪ চনৰ পূৰ্বে শ্ৰীহৰিকোটাৰ  পৰা উৎক্ষেপণ কৰা হ'ব বুলি আশা কৰা হৈছে ৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু