--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ভাৰতে অহা মাহৰ আৰম্ভণিতে ইয়াৰ উচ্চাকাংক্ষী ক্ৰুড মহাকাশ অভিযান গগনযানৰ এক গুৰুত্বপূৰ্ণ পৰীক্ষা কৰিবলৈ সাজু হৈছে৷ মিছনটোৰ প্ৰকল্প সঞ্চালক আৰ হাটনে আজি এই কথা সংবাদমাধ্যমক জনায়। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) বৰ্তমান চাৰিজন মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণৰ বাবে প্ৰশিক্ষণ দি আছে আৰু ভৱিষ্যতে   মানৱ অভিযানৰ লক্ষ্যৰ বাবে দলটো সম্প্ৰসাৰিত কৰিব বিচাৰিছে বুলি  হাটনে কয়। 

গগনযান অভিযানৰ উদ্দেশ্য হৈছে এক মানৱ-বাসযোগ্য মহাকাশ কেপচুল বিকশিত কৰা.  যি কেপচুলে  তিনি জন মহাকাশচাৰীক  তিনি দিনৰ বাবে ৪০০ কিলোমিটাৰ ওপৰৰ  কক্ষপথলৈ লৈ যাব৷ সেয়া পুনৰ  ভাৰত মহাসাগৰৰ সুৰক্ষিত স্থানলৈ উভতি আহিব। ইছৰোৱে কৈছে যে  গগনযান অভিযান  সম্পূৰ্ণ হোৱাৰ পিছত মহাকাশত মানুহৰ নিৰন্তৰ উপস্থিতি সম্ভৱ হৈ উঠিব। ক্ৰু এস্কেপ চিষ্টেম পৰীক্ষা কৰাৰ উদ্দেশ্য  হৈছে জৰুৰীকালীন অৱস্থাত মহাকাশচাৰীসকলক সুৰক্ষিতভাবে কেপচুলৰ পৰা কেনেকৈ উলিয়াই আনি পাৰি সেয়া পৰীক্ষা কৰা৷  গগনযানৰ  চূড়ান্ত উৎক্ষেপণ পৰ্যায়ৰ আগতে অন্যান্য পৰীক্ষাও কৰা হ’ব বুলি  হাটনে কয়৷ 

 এই অভিযানৰ বাবে প্ৰায় ৯০.২৩  বিলিয়ন ভাৰতীয় টকা (১.১বিলিয়ন ডলাৰ) আৱণ্টন কৰা হৈছে৷   অৱশ্যে এই অভিযানৰ  এটা সঠিক সময় এতিয়াও প্ৰকাশ কৰা হোৱা নাই৷ গগনযান  ২০২৪ চনৰ পূৰ্বে শ্ৰীহৰিকোটাৰ  পৰা উৎক্ষেপণ কৰা হ'ব বুলি আশা কৰা হৈছে ৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ