--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ চন্দ্ৰত ১৪দিনৰ অন্তত স্পৰ্শ কৰিব সূৰ্যৰ পোহৰে৷সেয়েহে চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰভাৰ শ্লীপ মোডৰ পৰা ওলাই আহিবলৈ ওলাইছে। ১৬ দিন শ্লীপ মোডত থকাৰ পাছত শুকুৰবাৰে (২২ ছেপ্টেম্বৰ) ইছৰো-এ সক্ৰিয় কৰিব লেণ্ডাৰ আৰু ৰভাৰ।

ইছৰোৰ সঞ্চালক নীলেশ দেশাইয়ে বৃহস্পতিবাৰে (২১ ছেপ্টেম্বৰ) সংবাদ সংস্থা পিটিআইক জনাইছে যে “আমি ২২ ছেপ্টেম্বৰত লেণ্ডাৰ আৰু ৰভাৰ দুয়োটাকে সক্ৰিয় কৰাৰ চেষ্টা কৰিম আৰু যদি আমাৰ ভাগ্য ভাল হয় তেন্তে সেয়া হ’ব। আমি আৰু কিছু পৰীক্ষামূলক তথ্য পাম যিবোৰ চন্দ্ৰৰ পৃষ্ঠৰ অধিক অনুসন্ধানত উপযোগী হ’ব।”

চন্দ্ৰযান-৩ মিছনৰ সন্দৰ্ভত বৃহস্পতিবাৰে লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে দেশে এতিয়া প্ৰজ্ঞান আৰু বিক্ৰমে কেইঘণ্টামানৰ পাছত টোপনিৰ পৰা সাৰ পোৱাৰ বাবে অপেক্ষা কৰি আছে, এবাৰ এনেকুৱা হ’লে ভাৰতবৰ্ষৰ প্ৰথমখন বিশ্বৰ এই কৃতিত্ব অৰ্জন কৰিবলৈ যোৱা প্ৰথম দেশ হিচাপে পৰিগণিত হ’ব৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে চন্দ্ৰৰ ১৪ দিনীয়া নিশা শেষ হ’বলৈ ওলাইছে আৰু আমি তাত সূৰ্য উদয়ৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছো আৰু তাৰ লগে লগে বিক্ৰম আৰু প্ৰজ্ঞান সক্ৰিয়কৰণৰ বাবেও অপেক্ষা কৰি আছো।উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে ক্ৰমে ৪ আৰু ২ ছেপ্তেম্বৰত লেণ্ডাৰ আৰু ৰভাৰ দুয়োখনেকেই শ্লীপ মোডত ৰখা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ