--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোছাকী নাম ‘টাৰ্ডিগ্ৰেড’। কিন্তু এক মিলিমিটাৰতকৈও কম দীঘল উভচৰ প্ৰাণীবোৰক ‘পানী ভালুক’ বা ‘water bear’ বুলি বেছি জনা যায়। কিছুমানে কয় ‘শেলাই গাহৰি’। সূৰ্য্যটো বাচি থকালৈকে এই ক্ষুদ্ৰ জন্তুটোৱে জীয়াই থাকিব বুলি বিশ্বাস কৰা হয়।

এদল বিজ্ঞানীৰ মতে এইবিধ ভালুক পৃথিৱীৰ ‘সৰ্বাধিক অমৰ’ প্ৰাণী। জাৰ্মান প্ৰাণীবিজ্ঞানী জোহান আগষ্ট এফ্ৰাইম গ’জে প্ৰথমবাৰৰ বাবে ১৭৭৩ চনত পানীভালুকৰ বৰ্ণনা কৰিছিল। এই আঠ ভৰিৰ জীৱবোৰক তেওঁ প্ৰথমে ‘পানী ভালুক’ বুলি অভিহিত কৰিছিল।

১৭৭৭ চনত ইটালীৰ জীৱবিজ্ঞানী লাজাৰো স্পালাঞ্জিনিয়ে এই প্ৰাণীবোৰক ‘টাৰ্ডিগ্ৰেড’ অৰ্থাৎ ‘ধীৰ গতিশীল প্ৰাণী’ নাম দিছিল। অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু হাৰ্ভাৰ্ড-স্মিথছ’নিয়ান চেণ্টাৰ ফৰ এষ্ট্ৰ’ফিজিক্সৰ নতুন গৱেষণাৰ মতে বিশ্বৰ “সৰ্বাধিক অমৰ” প্ৰজাতিটোৰ স্থূল ৰূপত চাৰিযোৰ ভৰি আছে। বিজ্ঞানীসকলে বিশ্বাস কৰে যে সূৰ্য্যৰ মৃত্যু নোহোৱালৈকে তেওঁলোক জীয়াই থাকিব।

যদিও টাৰ্ডিগ্ৰেডৰ আকাৰ অণুবীক্ষণিক, তথাপিও ই অতি চৰম পৰিস্থিতিত জীয়াই থাকিব পাৰে। এই জলজ প্ৰাণীবোৰে খাদ্য আৰু পানী নোহোৱাকৈ ৩০ বছৰলৈকে জীয়াই থাকিব পাৰে। পৰীক্ষাৰ পৰা দেখা গৈছে যে ১৫০ ডিগ্ৰীৰ পৰা মাইনাছ ২৭২ ডিগ্ৰী চেলছিয়াছলৈকে উষ্ণতাত টেৰডিগ্ৰেড জীয়াই থাকিব পাৰে।

মহাকাশৰ নিৰপেক্ষ চাপহীন পৰিস্থিতিত বা বিশ্বৰ আটাইতকৈ গভীৰ সাগৰ ‘মাৰিয়ানা ট্ৰেঞ্চ’ৰ ভয়ংকৰ চাপত জীয়াই থাকিব পাৰে ই। বহু বছৰ মৃত্যু হৈ থকাৰ পাছত পানী-বতাহ পাই পুনৰ জীয়াই থাকিব পাৰে। বিজ্ঞানীসকলৰ মতে ছুপাৰন’ভা আৰু গামা ৰশ্মিৰ বিস্ফোৰণৰ দৰে মহাজাগতিক বিপৰ্যয়ত মানৱ জাতিক নিঃশেষ কৰিব পৰা বাধাসমূহ টাৰ্ডিগ্ৰেডে অতিক্ৰম কৰিব পাৰে।

বিজ্ঞানীসকলৰ মতে টাৰ্ডিগ্ৰেড কমেও ১০০ কোটি বছৰ জীয়াই থাকিব পাৰে। অৰ্থাৎ যেতিয়ালৈকে সূৰ্য্যৰ পোহৰ অব্যাহত থাকে তেতিয়ালৈকে পৃথিৱীত টাৰ্ডিগ্ৰেড জীয়াই থাকিব পাৰে।

পানী ভালুকৰ আকাৰ ০.৫ মিলিমিটাৰ পৰ্যন্ত হ’ব পাৰে। এই সন্দৰ্ভত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞানৰ অধ্যাপক আব্ৰাহাম ল’বে কয় যে, “বাসযোগ্য গ্ৰহৰ পৰা সকলো ধৰণৰ জীৱক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাটো কঠিন।”

ল’বে লগতে কয় যে মংগল গ্ৰহৰ ইতিহাসৰ পৰা অনুমান কৰিব পাৰি যে এসময়ত ইয়াৰ এনে এটা বায়ুমণ্ডল আছিল যিয়ে চৰম পৰিস্থিতিত জীৱন টিকিয়াই ৰাখিব পাৰিলেহেঁতেন। টাৰ্ডিগ্ৰেডও এনে এটা প্ৰাণী যিয়ে চৰম পৰিস্থিতিত জীয়াই থাকিব পাৰে।''

পানী ভালুক কিমান চৰম পৰিস্থিতিত জীয়াই থাকিব পাৰে সেই কথাও বুজিবলৈ এই জন্তুটোক চন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল। ২০১৯ চনৰ ২২ ফেব্ৰুৱাৰীত ইজৰাইলৰ মহাকাশযান ‘বেৰেশ্বিট’ চন্দ্ৰলৈ ৰাওনা হৈছিল। সেই মহাকাশযানখনৰ দ্বাৰাই পানীভালুকে চন্দ্ৰত অৱতৰণ কৰাৰ কথা আছিল। কিন্তু ১১ এপ্ৰিলত যান্ত্ৰিক সমস্যাৰ বাবে "বেৰেশ্বিট" চন্দ্ৰপৃষ্ঠত দুৰ্ঘটনাগ্ৰস্ত হয়।

সেই বাহনখনৰ বিশেষ ডবাটোত পানীৰ ভালুক আছিল। চন্দ্ৰৰ ৰুক্ষ ভূখণ্ডত খুন্দা মৰাৰ পিছত ইজৰাইলৰ মহাকাশযানখন বিভাজিত হোৱাৰ লগে লগে এক বৃহৎ বিস্ফোৰণ সংঘটিত হয়। সেই জোকাৰণি যদি চম্ভালি ল’ব পাৰে তেন্তে ধৰি ল’ব পাৰি যে পৃথিৱীৰ পৰা পঠোৱা আঠ ভৰিৰ পানী ভালুকবোৰ এতিয়াও চন্দ্ৰৰ মাটিত জীয়াই আছে।

চন্দ্ৰৰ জলবায়ু বেছি অসহ্যকৰ নহ’লে মেৰু ভালুক জীয়াই থাকিব বুলি বিজ্ঞানীসকলে আশ্বাস দিছে। কাৰণ, বিস্ফোৰণ, উষ্ণতা বা চাপৰ চৰম হেতালি খেলাও পানীভালুকৰ বাবে সহজ৷ ইজৰাইলৰ মহাকাশযানত কাৰ্যতঃ হাইবাৰনেট কৰিবলৈ পঠিওৱা হৈছিল টাৰ্ডিগ্ৰেড। বিজ্ঞানীসকলৰ মতে চন্দ্ৰৰ বুকুত সিহঁতে পুনৰ সাৰ পাব বা ইতিমধ্যে সাৰ পাই উঠিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ