--°C
Loading...
Listen to Article
2 min read
80%

এলাহাবাদ : দেশৰ এতিয়া গৰুৰ জয়জয়-ময়ময় অৱস্থা! মানুহৰ যি হয় হওক, গৰুৰ সুৰক্ষাৰ বাবে চৰকাৰৰ পৰা ন্যায়ালয়লৈ সকলো উঠি-পৰি লাগিছে। গো-সুৰক্ষা আইনতে সীমাবদ্ধ নাথাকি এইবাৰ গৰুৰ মৌলিক অধিকাৰৰ প্ৰসংগও উত্থাপন কৰা হৈছে। কেৱল এয়াই নহয়, বাঘৰ সলনি গৰুক ‘জাতীয় পশু’ হিচাপে ঘোষণা কৰাৰ পৰামৰ্শও দিয়া হৈছে। খোদ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশে আগবঢ়াইছে এনে পৰামৰ্শ। খবৰ অনুসৰি, বুধবাৰে ন্যায়াধীক শেখৰ কুমাৰ যাদৱৰ বিচাৰপীঠে জাভেদ নামৰ গোহত্যা-বিৰোধী আইনৰ দ্বাৰা অভিযুক্ত এজনৰ শুনানি গ্ৰহণ কৰিছিল। আদালতত অভিযুক্তৰ জামিন আৱেদন খাৰিজ কৰা হৈছিল।

আৱেদন খাৰিজ কৰাৰ কাৰণ সন্দৰ্ভত ন্যায়াধীশগৰাকীয়ে কয় যে, ‘গো-মাতাক জাতীয় পশু হিচাপে ঘোষণা কৰিব লাগে!’ আৱেদনকাৰীৰ জামিন প্রত্যাখ্যান কৰি বিচাৰপতি শেখৰ যাদৱে ৰায় দিয়ে যে, ‘ভাৰতীয় সভ্যতাৰ সৈতে গৰুৰ আত্মীক সম্পৰ্ক আছে। বেদ আৰু ভাৰতীয় প্রাচীন গ্রন্থসমূহতো গ্ৰন্থসমূহতো গৰুৰ স্থান গুৰুত্বপূৰ্ণ।’ বিচাৰপতিগৰাকীৰ মতে, ‘গৰুৰ ভাল হ’লেহে দেশেৰো ভাল হ’ব।’ তেওঁ লগতে কয় যে, ভাৰতীয় নাগৰিকৰ দৰে গৰুৰো মৌলিক অধিকাৰ থকা উচিত।

ইয়াৰ বাবে সংসদত নতুন আইন প্রণয়ন কৰাৰো তেওঁ পৰামৰ্শ দিয়ে। হিন্দু শাস্ত্রমতে, গৰুদানক মহাদান হিচাপে গণ্য কৰা হয়। গৰুদান কৰিলে ব্যক্তিৰ সমস্ত পাপ খণ্ডন হোৱাৰ লগতে মুক্তিলাভ কৰা যায় বুলিও তেওঁ উনুকিয়ায়। অৱশ্যে এইবাৰেই এনে প্ৰসংগ উত্থাপন হোৱা নাই। ইয়াৰ পূ্ৰ্বে ৰাজস্থান উচ্চ ন্যায়ালয়েও ২০১৭ চনতে গৰুক ৰাষ্ট্ৰীয় পশু ঘোষণা কৰিবলৈ চৰকাৰক পৰামৰ্শ দিছিল। তদুপৰি গো-হত্যাত দোষী সাব্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ড বিহাৰো পৰামৰ্শ দিছিল ন্যায়ালয়ে। সম্প্ৰতি প্ৰায় সমগ্ৰ দেশতে গৰুৰ সুৰক্ষাক লৈ অধিক কঠোৰ হৈছে বিভিন্ন ৰাজ্যৰ চৰকাৰ।

সম্প্রতি অসমতো মন্দিৰৰ পাঁচ কিলোমিটাৰৰ ওচৰে-পাজৰে গো-মাংস বিক্ৰী বন্ধ কৰা হৈছে। অসম বিধানসভাত গৃহীত কৰা হৈছে ‘গো-সুৰক্ষা আইন, ২০২১। ১৯৫০ চনৰ আইন অনুসৰি অসমত ১৪ বছৰৰ ঊৰ্ধ্বৰ বয়সৰ গৰুহে ভক্ষণ কৰিব পাৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ মতে, এই আইন অমান্যকাৰীৰ ৮বছৰ পর্যন্ত কাৰাদণ্ড হোৱাৰ লগতে ৩ লাখ টকা জৰিমনা বিহাৰ ব্যৱস্থা কৰা হ’ব। কোনোৱে যদি এই অপৰাধ দ্বিতীয়বাৰৰ বাবে অৱজ্ঞা কৰে, তেনেহ’লে জৰিমনা দুগুণ বৃদ্ধি হ’ব। মুঠতে আইনৰ সুৰুঙাৰে মানুহৰ বিৰুদ্ধে অপৰাধ কৰাজন সাৰি গ’লেও গৰুৰ বিৰুদ্ধে অপৰাধ কৰি এতিয়া আৰু কোনো সাৰি যাব যে নোৱাৰে, সেয়া একপ্ৰকাৰ নিশ্চিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?