--°C
Loading...
Listen to Article
2 min read
80%

এলাহাবাদ : দেশৰ এতিয়া গৰুৰ জয়জয়-ময়ময় অৱস্থা! মানুহৰ যি হয় হওক, গৰুৰ সুৰক্ষাৰ বাবে চৰকাৰৰ পৰা ন্যায়ালয়লৈ সকলো উঠি-পৰি লাগিছে। গো-সুৰক্ষা আইনতে সীমাবদ্ধ নাথাকি এইবাৰ গৰুৰ মৌলিক অধিকাৰৰ প্ৰসংগও উত্থাপন কৰা হৈছে। কেৱল এয়াই নহয়, বাঘৰ সলনি গৰুক ‘জাতীয় পশু’ হিচাপে ঘোষণা কৰাৰ পৰামৰ্শও দিয়া হৈছে। খোদ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশে আগবঢ়াইছে এনে পৰামৰ্শ। খবৰ অনুসৰি, বুধবাৰে ন্যায়াধীক শেখৰ কুমাৰ যাদৱৰ বিচাৰপীঠে জাভেদ নামৰ গোহত্যা-বিৰোধী আইনৰ দ্বাৰা অভিযুক্ত এজনৰ শুনানি গ্ৰহণ কৰিছিল। আদালতত অভিযুক্তৰ জামিন আৱেদন খাৰিজ কৰা হৈছিল।

আৱেদন খাৰিজ কৰাৰ কাৰণ সন্দৰ্ভত ন্যায়াধীশগৰাকীয়ে কয় যে, ‘গো-মাতাক জাতীয় পশু হিচাপে ঘোষণা কৰিব লাগে!’ আৱেদনকাৰীৰ জামিন প্রত্যাখ্যান কৰি বিচাৰপতি শেখৰ যাদৱে ৰায় দিয়ে যে, ‘ভাৰতীয় সভ্যতাৰ সৈতে গৰুৰ আত্মীক সম্পৰ্ক আছে। বেদ আৰু ভাৰতীয় প্রাচীন গ্রন্থসমূহতো গ্ৰন্থসমূহতো গৰুৰ স্থান গুৰুত্বপূৰ্ণ।’ বিচাৰপতিগৰাকীৰ মতে, ‘গৰুৰ ভাল হ’লেহে দেশেৰো ভাল হ’ব।’ তেওঁ লগতে কয় যে, ভাৰতীয় নাগৰিকৰ দৰে গৰুৰো মৌলিক অধিকাৰ থকা উচিত।

ইয়াৰ বাবে সংসদত নতুন আইন প্রণয়ন কৰাৰো তেওঁ পৰামৰ্শ দিয়ে। হিন্দু শাস্ত্রমতে, গৰুদানক মহাদান হিচাপে গণ্য কৰা হয়। গৰুদান কৰিলে ব্যক্তিৰ সমস্ত পাপ খণ্ডন হোৱাৰ লগতে মুক্তিলাভ কৰা যায় বুলিও তেওঁ উনুকিয়ায়। অৱশ্যে এইবাৰেই এনে প্ৰসংগ উত্থাপন হোৱা নাই। ইয়াৰ পূ্ৰ্বে ৰাজস্থান উচ্চ ন্যায়ালয়েও ২০১৭ চনতে গৰুক ৰাষ্ট্ৰীয় পশু ঘোষণা কৰিবলৈ চৰকাৰক পৰামৰ্শ দিছিল। তদুপৰি গো-হত্যাত দোষী সাব্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ড বিহাৰো পৰামৰ্শ দিছিল ন্যায়ালয়ে। সম্প্ৰতি প্ৰায় সমগ্ৰ দেশতে গৰুৰ সুৰক্ষাক লৈ অধিক কঠোৰ হৈছে বিভিন্ন ৰাজ্যৰ চৰকাৰ।

সম্প্রতি অসমতো মন্দিৰৰ পাঁচ কিলোমিটাৰৰ ওচৰে-পাজৰে গো-মাংস বিক্ৰী বন্ধ কৰা হৈছে। অসম বিধানসভাত গৃহীত কৰা হৈছে ‘গো-সুৰক্ষা আইন, ২০২১। ১৯৫০ চনৰ আইন অনুসৰি অসমত ১৪ বছৰৰ ঊৰ্ধ্বৰ বয়সৰ গৰুহে ভক্ষণ কৰিব পাৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ মতে, এই আইন অমান্যকাৰীৰ ৮বছৰ পর্যন্ত কাৰাদণ্ড হোৱাৰ লগতে ৩ লাখ টকা জৰিমনা বিহাৰ ব্যৱস্থা কৰা হ’ব। কোনোৱে যদি এই অপৰাধ দ্বিতীয়বাৰৰ বাবে অৱজ্ঞা কৰে, তেনেহ’লে জৰিমনা দুগুণ বৃদ্ধি হ’ব। মুঠতে আইনৰ সুৰুঙাৰে মানুহৰ বিৰুদ্ধে অপৰাধ কৰাজন সাৰি গ’লেও গৰুৰ বিৰুদ্ধে অপৰাধ কৰি এতিয়া আৰু কোনো সাৰি যাব যে নোৱাৰে, সেয়া একপ্ৰকাৰ নিশ্চিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক