--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দীপক ঘৰৰ জোঁৱাই হোৱাৰ বাবে উপস্থিত সকলোৱে তেওঁক শ্মশানৰ কাম কৰিবলৈ বাৰে বাৰে বাৰণ কৰিছিল। কিন্তু কাৰো কথা নুশুনি তেওঁ কামত লাগি গৈছিল।

ডিজিটেল ডেস্ক: শাহুৱেকৰ শেষকৃত্য সম্পন্ন কৰিবলৈ আহি নিজেই এক ভয়ংকৰ দুৰ্ঘটনাৰ বলি হ’ল এজন যুৱক। নদীৰ পাৰত অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি চলাই থকাৰ সময়তে এটা ঘঁৰিয়ালে আক্ৰমণ কৰি যুৱকজনক গভীৰ পানীলৈ টানি লৈ যায়। এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাৰ সৰযু নদীৰ পাৰত। নিখোঁজ যুৱকজন গ্ৰেটাৰ নয়দাৰ বাসিন্দা ৩০ বছৰীয়া দীপক শৰ্মা বুলি চিনাক্ত কৰা হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য আৰু শোকৰ ছাঁ পেলাইছে।


প্ৰাপ্ত তথ্য অনুসৰি, দীপক শৰ্মাৰ শাহুৱেক উৰ্মিলা দেৱীৰ মৃত্যুৰ পিছত, বুধবাৰে বিয়লি তেওঁ পত্নী আৰু কন্যাক লগত লৈ শহুৰৰ গৃহলৈ আহিছিল। সৰযু নদীৰ পাৰত শাহুৱেকৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে দীপকে নিজেই আগবাঢ়ি গৈ গাঁত খান্দি আৰু খৰি কাটি চিতাখন প্ৰস্তুত কৰি আছিল।


প্ৰত্যক্ষদৰ্শী ৰাজেশ শুক্লাই জানিবলৈ দিয়া মতে, দীপক ঘৰৰ জোঁৱাই হোৱাৰ বাবে উপস্থিত সকলোৱে তেওঁক শ্মশানৰ কাম কৰিবলৈ বাৰে বাৰে বাৰণ কৰিছিল। কিন্তু কাৰো কথা নুশুনি তেওঁ কামত লাগি গৈছিল। চিতা সজাৰ কাম শেষ কৰি দীপকে হাত ধুবলৈ বুলি সৰযু নদীত নমাৰ লগে লগেই ওচৰতে খাপ পিটি থকা এটা ডাঙৰ ঘঁৰিয়ালে তেওঁক আক্ৰমণ কৰে। ঘঁৰিয়ালটোৱে দীপকৰ মূৰ আৰু চোলাত কামুৰি ধৰি মুহূৰ্তৰ ভিতৰতে গভীৰ পানীলৈ টানি লৈ যায়। নদীৰ পাৰত থকা মানুহে চিঞৰ-বাখৰ কৰি কান্দিবলৈ ধৰে যদিও দীপকক বচাবলৈ কোনো সুযোগেই পোৱা নগ’ল।


দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে স্থানীয় উমৰি বেগমগঞ্জ আৰক্ষী থানাৰ মুৰব্বী চন্দন কুমাৰ, এছডিএম আৰু ৰাজহ বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় নাৱৰীয়া আৰু গাঁৱৰ ৰাইজৰ সহযোগত নদীত ব্যাপক তালাচী অভিযান চলোৱা হয়। কিন্তু বুধবাৰে গভীৰ সন্ধিয়ালৈকে চেষ্টা চলাইও দীপকৰ কোনো শুংসুত্ৰ উলিয়াব পৰা নগ’ল। অৱশেষত আন্ধাৰ হৈ অহাৰ বাবে সাময়িকভাৱে উদ্ধাৰ অভিযান বন্ধ কৰিবলগীয়া হয়।


জিলা দুৰ্যোগ বিশেষজ্ঞ ৰাজেশ শ্ৰীবাস্তৱে জনোৱা মতে, নিখোঁজ যুৱকজনক উদ্ধাৰ কৰিবলৈ লক্ষ্ণৌৰ পৰা এছ ডি আৰ এফ (SDRF)-ৰ এটা বিশেষ দলক জৰুৰীভাৱে মাতি পঠোৱা হৈছে। বৰ্তমান সৰযু নদীৰ পাৰত নিখোঁজ দীপকৰ পৰিয়াল আৰু শ শ গাঁওবাসীয়ে ভিৰ কৰিছে। সকলোৱে অধীৰ আগ্ৰহেৰে SDRF দলটোৰ আগমনলৈ অপেক্ষা কৰিছে, যাতে অত্যাধুনিক সঁজুলিবোৰৰ সহায়ত ক্ষিপ্ৰতাৰে পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিব পৰা যায়।


এই ঘটনাত পৰিয়ালবৰ্গ শোকত ভাগি পৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ