--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কেন্দ্ৰীয় চৰকাৰে এই ভূমিত বি এছ এফৰ বাবে আন্তঃগাঁথনি নির্মাণ কৰিব পাৰিব আৰু ইয়াৰ ফলত অঞ্চলটোৰ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী হ'ব।

ডিজিটেল ডেস্ক: পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে চিকেন নেকৰ সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্য চৰকাৰে চিকেন নেক ৰূপে খ্যাত শিলিগুড়ি কৰিডৰস্থিত ১২০ একৰ ভূমি কেন্দ্ৰীয় চৰকাৰলৈ হস্তান্তৰ কৰে। এই ভূমি সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰা আৰু নিৰাপত্তা আন্তঃগাঁথনি নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰক দিয়া হয়। ভূমি হস্তান্তৰৰ সময়ত বি এছ এফৰ বিষয়াসকল উপস্থিত আছিল। 


উল্লেখযোগ্য যে চিকেন নেক বুলি কোৱা শিলিগুড়ি কৰিডৰ উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ মূল ভূখণ্ডৰ সৈতে জড়িত কৰা ২০-২২ কিল'মিটাৰ বহল এক সংকীর্ণ অঞ্চল। এই অঞ্চলটো নেপাল, ভুটান আৰু বাংলাদেশৰ সৈতে সংযোজিত হৈ আছে আৰু চীন সীমান্তৰ পৰা একেবাৰে ওচৰত। ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা শিলিগুড়ি কৰিডৰৰ নিয়ন্ত্রণ অতি গুৰুত্বপূৰ্ণ। শুভেন্দু অধিকাৰীয়ে লোৱা এই সিদ্ধান্তই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সমন্বয় উন্নত হোৱাটোকে সূচাইছে। পশ্চিম বংগত নতুন চৰকাৰে দায়িত্ব লোৱাৰ পাছত এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰা হয়। 


কেন্দ্ৰীয় চৰকাৰে এই ভূমিত বি এছ এফৰ বাবে আন্তঃগাঁথনি নির্মাণ কৰিব পাৰিব আৰু ইয়াৰ ফলত অঞ্চলটোৰ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী হ'ব। ৰাজ্য চৰকাৰে চিকেন নেকৰ ১২০ একৰ ভূমিৰ লগতে ৰাষ্ট্ৰীয় ঘাই পথ-১০ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-১১০ৰ সাতটা অংশ ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ তথা এন এইচ আই ডি চি এলক হস্তান্তৰ কৰাত অনুমোদন জনায়। 


উল্লেখযোগ্য যে এই অঞ্চলটো কেন্দ্ৰীয় চৰকাৰলৈ হস্তান্তৰ কৰা বিষয়টো পূৰ্বৰ মমতা বেনাৰ্জী চৰকাৰে কোনো সিদ্ধান্ত নোলোৱাকৈ পেলাই থৈছিল। অধিকাৰী চৰকাৰে লোৱা সিদ্ধান্তৰ পাছত ৩১, ৩৩ আৰু ৩১২ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথসহ সাতটা ৰাষ্ট্ৰীয় ঘাইপথৰ নিয়ন্ত্ৰণ এতিয়াৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকিব। ইয়াৰ উপৰি এই অঞ্চলটোত থকা কৰ'নেশ্যল দলং, হাছিমাৰা-জয়গাঁও আৰু ছাংগৰবান্ধা কৰিডৰৰ দৰে প্ৰকল্পৰ কাম-কাজ এন এইচ আই ডি চি এলে পৰিচালনা কৰিব। 


বিশেষজ্ঞসকলৰ মতে শুভেন্দু অধিকাৰী চৰকাৰৰ এই সিদ্ধান্তই ৰাষ্ট্ৰীয় সুৰক্ষা অধিক শক্তিশালী কৰিব। ৰাজ্য চৰকাৰৰ মতে, কেৱল ৰাষ্ট্ৰীয় সুৰক্ষা শক্তিশালী হোৱাই নহয়, দার্জিলিং, পাহাৰীয়া অঞ্চল আৰু সীমান্তৱর্তী অঞ্চললৈ যোৱাটোও সহজ হৈ পৰিব।

উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement