--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কেন্দ্ৰীয় চৰকাৰে এই ভূমিত বি এছ এফৰ বাবে আন্তঃগাঁথনি নির্মাণ কৰিব পাৰিব আৰু ইয়াৰ ফলত অঞ্চলটোৰ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী হ'ব।

ডিজিটেল ডেস্ক: পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে চিকেন নেকৰ সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্য চৰকাৰে চিকেন নেক ৰূপে খ্যাত শিলিগুড়ি কৰিডৰস্থিত ১২০ একৰ ভূমি কেন্দ্ৰীয় চৰকাৰলৈ হস্তান্তৰ কৰে। এই ভূমি সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰা আৰু নিৰাপত্তা আন্তঃগাঁথনি নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰক দিয়া হয়। ভূমি হস্তান্তৰৰ সময়ত বি এছ এফৰ বিষয়াসকল উপস্থিত আছিল। 


উল্লেখযোগ্য যে চিকেন নেক বুলি কোৱা শিলিগুড়ি কৰিডৰ উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ মূল ভূখণ্ডৰ সৈতে জড়িত কৰা ২০-২২ কিল'মিটাৰ বহল এক সংকীর্ণ অঞ্চল। এই অঞ্চলটো নেপাল, ভুটান আৰু বাংলাদেশৰ সৈতে সংযোজিত হৈ আছে আৰু চীন সীমান্তৰ পৰা একেবাৰে ওচৰত। ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা শিলিগুড়ি কৰিডৰৰ নিয়ন্ত্রণ অতি গুৰুত্বপূৰ্ণ। শুভেন্দু অধিকাৰীয়ে লোৱা এই সিদ্ধান্তই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সমন্বয় উন্নত হোৱাটোকে সূচাইছে। পশ্চিম বংগত নতুন চৰকাৰে দায়িত্ব লোৱাৰ পাছত এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰা হয়। 


কেন্দ্ৰীয় চৰকাৰে এই ভূমিত বি এছ এফৰ বাবে আন্তঃগাঁথনি নির্মাণ কৰিব পাৰিব আৰু ইয়াৰ ফলত অঞ্চলটোৰ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী হ'ব। ৰাজ্য চৰকাৰে চিকেন নেকৰ ১২০ একৰ ভূমিৰ লগতে ৰাষ্ট্ৰীয় ঘাই পথ-১০ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-১১০ৰ সাতটা অংশ ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ তথা এন এইচ আই ডি চি এলক হস্তান্তৰ কৰাত অনুমোদন জনায়। 


উল্লেখযোগ্য যে এই অঞ্চলটো কেন্দ্ৰীয় চৰকাৰলৈ হস্তান্তৰ কৰা বিষয়টো পূৰ্বৰ মমতা বেনাৰ্জী চৰকাৰে কোনো সিদ্ধান্ত নোলোৱাকৈ পেলাই থৈছিল। অধিকাৰী চৰকাৰে লোৱা সিদ্ধান্তৰ পাছত ৩১, ৩৩ আৰু ৩১২ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথসহ সাতটা ৰাষ্ট্ৰীয় ঘাইপথৰ নিয়ন্ত্ৰণ এতিয়াৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকিব। ইয়াৰ উপৰি এই অঞ্চলটোত থকা কৰ'নেশ্যল দলং, হাছিমাৰা-জয়গাঁও আৰু ছাংগৰবান্ধা কৰিডৰৰ দৰে প্ৰকল্পৰ কাম-কাজ এন এইচ আই ডি চি এলে পৰিচালনা কৰিব। 


বিশেষজ্ঞসকলৰ মতে শুভেন্দু অধিকাৰী চৰকাৰৰ এই সিদ্ধান্তই ৰাষ্ট্ৰীয় সুৰক্ষা অধিক শক্তিশালী কৰিব। ৰাজ্য চৰকাৰৰ মতে, কেৱল ৰাষ্ট্ৰীয় সুৰক্ষা শক্তিশালী হোৱাই নহয়, দার্জিলিং, পাহাৰীয়া অঞ্চল আৰু সীমান্তৱর্তী অঞ্চললৈ যোৱাটোও সহজ হৈ পৰিব।

উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু