--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাত পশ্চিমবংগৰ অৰ্পণ দাসে ৯ ৰাউণ্ডৰ পৰা ৮ পইণ্ট সংগ্ৰহ কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে।  পশ্চিমবংগৰে ৰূপম মৃখাৰ্জীয়ে ৭.৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। অসমৰ নীলাভজ্যোতি বৰঠাকুৰে ৭ পইণ্ট পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে। 

 বিহাৰৰ আশুতোষ কুমাৰ, অসমৰ  টানিশা এ আৰ সোম, উদ্দীপ্ত গগৈয়েও ৭পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে চতুৰ্থ,পঞ্চম,ষষ্ঠ আৰু সপ্তম স্থান অধিকাৰ কৰে।  বিহাৰৰ কিষান কুমাৰ, অসমৰ চাৰ্ভী চৌধুৰী, ছাহজাহান আলি, ৰিতুৰাজ তামুলীয়ে ৬.৫ পইণ্টকৈ সংগ্ৰহ কৰি ক্ৰমে অষ্টম, নৱম, দশম আৰু একাদশ স্থান অধিকাৰ কৰে। 

 পদ্ম গগৈ, চিৰৰঞ্জন ভূঞা,  অশ্বীন শৰ্মা, ৰিষভ বৰ্মন,প্ৰানগোবিন্দ পৰাশৰ কাশ্যপ, নলীনাক্ষ কাশ্যপ,  ৰাজবীৰ আহমেদ, অভিৰূপ শইকীয়া আৰু গিয়াচুদ্দিন আহমেদে ৬ পইণ্টকৈ সংগ্ৰহ কৰি ক্ৰমে দ্বাদশৰ পৰা বিশতম স্থানলৈ অধিকাৰ কৰে।  বঁটা বিতৰণী সভাত ডাউন টাউন বিশ্ববিদ্যালয়  উপাচাৰ্য্য ড:নাৰায়ণ  চন্দ্ৰ তালুকদাৰ, সদৌ অসম  দবা সন্থাৰ সভাপতি কন্দৰ্প কলিতা উপস্থিত আছিল। বটা বিতৰণী সভাত সভাপতিত্ব কৰে ডা: শিবেন দত্তই। মুঠ দুই লাখ টকা প্ৰাইজ মানি হিচাপে বিতৰণ কৰে। 

ইণ্ডিয়ান অইল কৰ্পোৰেচনে আৰু ভিশ্বন টেকে আৰ্থিক সাহায্য আগবঢ়োৱা এই প্ৰতিযোগিতাখন গুৱাহাটীৰ টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৩ জুলাইৰ পৰা ৮ জুলাই লৈ দবা খেলুৱৈ অভিভাৱক ফ’ৰামে আয়োজন কৰিছিল।  

সৰ্বভাৰতীয় দবা মহাসংঘই আৰু বিশ্ব দবা মহাসংঘই স্বীকৃতি প্ৰদান কৰা এই প্ৰতিযোগিতা খন ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে পৰিচালনা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু