--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাফেল নাডাল। ৩৬ বছৰ বয়সতো এক দুৰন্ত তৰুণ। মূৰত বেণ্ড পৰিধান কৰি বাওঁহাতৰ ৰেকেটেৰে প্ৰতিপক্ষৰ থৰকাচুটি হেৰুৱাব পৰাকৈ এতিয়াও সক্ষম নাডাল। যোৱা মাহত ফ্ৰেন্স অপেন খিতাপ দখল কৰি পুনৰ এবাৰ ‘ক্লে ক'ৰ্ট সম্ৰাট’ অভিধাক শুদ্ধ প্ৰমাণিত কৰা স্পেনিছ তাৰকাগৰাকীয়ে নিজৰ চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰাখি সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি চলিত উইম্বলডন প্ৰতিযোগিতাতো আগবাঢ়িছিল ছেমিফাইনেল পৰ্যন্ত। লক্ষ্য আছিল কেৰিয়াৰৰ তৃতীয়টো উইম্বলডন খিতাপ জয়ৰ। কিন্তু মহান তাৰকাগৰাকীৰ এই লক্ষ্যৰ পথত হেঙাৰ হৈ পৰিল আঘাত। 

ববৃহস্পতিবাৰে নিক কিৰ্গিয়ছৰ বিৰুদ্ধে ছেমিফাইনেলত অৱতীৰ্ণ হোৱাৰ আগমুহূৰ্তত নাডালে  পেটৰ আঘাতৰ বাবে নাম প্ৰত্যাহাৰ কৰে। পেটৰ সমস্যাৰ সৈতে যুঁজি থকা স্বত্বেও নাডালে কোৱাৰ্টাৰ ফাইনেলত টেইলৰ ফ্ৰিটজৰ বিৰুদ্ধে প্ৰতিদ্বন্দীতা আগবঢ়াইছিল আৰু পাঁচটা ছেটৰ অন্তত জয় সাব্যস্ত কৰিছিল।  

কোৱাৰ্টাৰত জয়ৰ পাছতে নাডালে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে ছেমি ফাইনেলত কিৰ্গিঅ'ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব নে সেই সন্দৰ্ভত সিদ্ধান্ত ল’ব বুলি মন্তব্য কৰিছিল। অৱশেষত চিকিৎসকৰ পৰামৰ্শ অনুসৰিয়ে খেলুৱৈগৰাকীয়ে ছেমিফাইনেলত ভাগ নোলোৱাৰ সিদ্ধান্ত লয়। 

এখন সংবাদমেল যোগে এই সিদ্ধান্তৰ কথা সদৰি কৰি নাডালে কয়, "সকলোৱে কালি দেখিছিল যে মই পেটৰ বিষত ভুগি আছো। মই সম্পূৰ্ণ দিনটো কি সিদ্ধান্ত ল’ম, সেই বিষয়ে চিন্তা কৰি আছিলো। কেৰিয়াৰ আগবঢ়াই নিয়াৰ চেষ্টা কৰিলেও এনে কঠিন পৰিস্থিতিত যদি মই খেলখনত অৱতীৰ্ণ হওঁ, মোৰ আঘাত অধিক বেয়াৰ ফালে গতি কৰিব। সেয়ে মই ছেমিফাইনেলত নেখেলাৰ সিদ্ধান্ত লৈছো।"

নাদালৰ নাম প্ৰত্যাহাৰৰ লগে লগে অষ্ট্ৰেলিয়ান প্ৰতিদ্বন্দী নিক কিৰ্গিয়ছে ফাইনেলৰ বাবে ৱাকঅভাৰ লাভ কৰে। এইদৰে কোনো মেজৰ টুৰ্ণামেণ্টত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে নিক কিৰ্গিয়ছে। ফাইনেলত কিৰ্গিয়ছ জ’ক’ভিচ আৰু কেমেৰুণ ন’ৰিৰ মাজত হ’বলগীয়া ছেমিফাইনেলৰ বিজয়ী গৰাকীৰ সন্মুখীন হ’ব।

উল্লেখ্য যে আমেৰিকান তাৰকা টেইলৰ ফ্ৰিটজৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত খেলি থকা অৱস্থাত পেটৰ আঘাতত ভুগিছিল নাডাল। কিন্তু অসহ্য পেটৰ বিষকো আওকাণ কৰি দুটা ছেটত পিছ পৰি থকাৰ পিছতো দুৰ্দান্ত প্ৰত্যাবৰ্তন ঘটাই খেলখনত ৩-৬, ৭-৫, ৩-৬, ৭-৫, ৭-৬ (৪)ব্যৱধানত জয় নিশ্চিত কৰিছিল নাডালে।

স্মৰ্তব্য যে টেনিছ ইতিহাসত সৰ্বাধিক সংখ্যক গ্ৰেণ্ড শ্লেমৰ খিতাপ অৰ্জনৰ অভিলেখ নাডালৰ নামতে অক্ষত আছে। নিজৰ ২০ বছৰীয়া কেৰিয়াৰত ২২ টাকৈ গ্ৰেণ্ড শ্লেম খিতাপ অৰ্জন কৰিছে স্পেনিছ তাৰকাগৰাকীয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ