--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দাঁত হালধীয়া হলে ইম্প্ৰেছন বেয়া হয়। সাধাৰণতে যদি দাঁতবোৰ অত্যধিক হালধীয়া হৈ পৰে তেন্তে দন্ত চিকিৎসালয়ত হাজাৰ হাজাৰ টকা খৰচ কৰি চাফা কৰিব লাগিব। এনে পৰিস্থিতিত যদি আপুনি ঘৰুৱা উপায়ৰ জৰিয়তে দাঁত বগা কৰিব বিচাৰে, তেন্তে আপুনি কিছুমান বিশেষ কৌশল গ্ৰহণ কৰিব পাৰে।

১) আপেল চাইডাৰ ভিনেগাৰঃ  যদিও আপেল চাইডাৰ ভিনেগাৰ বহু স্বাস্থ্য উপকাৰিতাৰ বাবে ব্যৱহাৰ কৰা হয়, বিশেষকৈ ওজন কমাব বিচৰা লোকসকলৰ বাবে ই এক উৎকৃষ্ট খাদ্য। ইয়াক মাউথৱাছ কৰি ব্যৱহাৰ কৰিলে দাঁতৰ মলি আঁতৰি যায়। কিন্তু সাৱধানতাৰেহে ব্যৱহাৰ কৰক, কাৰণ ইয়াত থকা এচিডে দাঁতৰ ক্ষতি কৰিব পাৰে।

২) বেকিং চোডা আৰু নেমুৰ ৰসঃ বেকিং চোডাক দাঁত বগা কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ এজেণ্ট হিচাপে গণ্য কৰা হয়। প্ৰাকৃতিক এচিড থকা নেমুৰ ৰসৰ লগত মিহলি কৰিলে দাঁতৰ হালধীয়া ক্ষন্তেকতে আঁতৰি যায়। এই মিশ্ৰণটো টুথব্ৰাছৰ সহায়ত দাঁতত ঘঁহি লওক। কিছু সময়ৰ পিছত ধুই পেলাওক, ইয়াৰ ফলত বগা ৰং ঘূৰি আহিব।

৩) হাইড্ৰজেন পেৰাঅক্সাইডঃ দাঁত বগা কৰা সামগ্ৰীত প্ৰায়ে হাইড্ৰজেন পেৰাক্সাইড যোগ কৰা হয়। এই বস্তুটো ঘৰতে পানীৰ লগত মিহলাই মাউথৱাছ হিচাপে ব্যৱহাৰ কৰক। 

৪) তেল পুলিংঃ তেল পুলিং যুগ যুগ ধৰি চলি অহা আয়ুৰ্বেদিক পদ্ধতি। ইয়াত নাৰিকল তেল বা তিল তেল মুখত ১৫ৰ পৰা ২০ মিনিট ৰাখিব লাগে। ইয়াৰ দ্বাৰা দাঁতৰ পৰা বেক্টেৰিয়া, বিষাক্ত পদাৰ্থ আৰু আন বহু ধৰণৰ মলি আঁতৰাই পেলাব পাৰি।

৫) হালধিৰ পেষ্টঃ খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে আপুনি প্ৰায়ে হালধিৰ পেষ্ট ব্যৱহাৰ কৰিব পাৰে, কিন্তু আপুনি জানেনে যে ইয়াক দাঁত পৰিষ্কাৰ কৰিবলৈও ব্যৱহাৰ কৰিব পাৰি। টুথব্ৰাছৰ সহায়ত হালধিৰ পেষ্ট দাঁতত লগাই কিছু সময় থৈ তাৰ পিছত ধুব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ