--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  জীৱনশৈলী আৰু খাদ্যাভ্যাসত সৰু সৰু পৰিৱৰ্তন কৰি বৃক্কৰ ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি। বৃক্কই আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ ফিল্টাৰিং প্ৰক্ৰিয়াসমূহ সম্পন্ন কৰে। যদি আপুনি এই অংগটোৰ লগত জড়িত ৰোগত আক্ৰান্ত, তেন্তে আপুনি কিছুমান বিশেষ বস্তু খোৱাৰ পৰা বিৰত থাকক, নহ’লে সমস্যা বাঢ়িব পাৰে।

কিডনী ৰোগীয়ে এইবোৰ খাব নালাগে

১/ উচ্চ পটাছিয়ামযুক্ত খাদ্যঃ  পটাছিয়াম এবিধ গুৰুত্বপূৰ্ণ খনিজ যিয়ে স্নায়ু আৰু পেশীৰ কোষবোৰক সঠিকভাৱে কাম কৰাত সহায় কৰে। কিন্তু বৃক্কৰ ৰোগত আক্ৰান্ত ব্যক্তিৰ বাবে অতিৰিক্ত পটাছিয়াম ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। কল, কমলা, আলু আদি বস্তুৰ ব্যৱহাৰ কম কৰিব লাগে।

২/ অত্যধিক ছডিয়ামঃ আমি অধিকাংশ ছডিয়াম নিমখৰ জৰিয়তে পাওঁ, গতিকে আমি দৈনিক ৪ গ্ৰামতকৈ অধিক নিমখ খাব নালাগে কাৰণ ই বৃক্কৰ ক্ষতি কৰিব পাৰে। বৃক্কৰ ৰোগত আক্ৰান্ত লোকৰ বাবে ই বিহতকৈ কম নহয়। নিমখীয়া চিপচ, ফাষ্ট ফুড, আৰু সকলো ধৰণৰ নিমখীয়া বস্তুৰ পৰা আঁতৰি থাকিব লাগে।

৩/ ৰঙা আৰু প্ৰচেছড মাংসঃ ৰঙা আৰু প্ৰচেছড মাংসত প্ৰটিনৰ পৰিমাণ বেছি আৰু ই শৰীৰত আৱৰ্জনা জমা হোৱাত সহায় কৰিব পাৰে। অত্যধিক প্ৰ’টিন সেৱন কৰিলে বৃক্কত চাপ পৰিব পাৰে, যাৰ ফলত বৃক্ক ৰোগীৰ সমস্যা বৃদ্ধি পায়। মাটন, গো-মাংস আৰু গাহৰিৰ মাংস খোৱাৰ পৰা বিৰত থাকিব লাগে।

৪/ কেফেইনঃ  কেৱল ভাৰততে নহয়, বিশ্বৰ বহু লোকে চাহ বা কফি একাপ খাই দিনটো আৰম্ভ কৰে। যদিও ইয়াৰ ফলত কিছু সময়ৰ বাবে সতেজতা আহিব পাৰে, কিন্তু দীৰ্ঘম্যাদীভাৱে ই বৃক্কৰ ক্ষতি কৰে। যদি আপুনি বৃক্ক ৰোগী তেন্তে ইয়াক নাখালে ভাল হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ