--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ধ্বংসাৱশেষৰ পৰা তিনিজন লোকক উলিয়াই তৎক্ষণাত এল এন জে পি হাস্পতাললৈ প্ৰেৰণ কৰা হয় আৰু চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে।

ডিজিটেল ডেস্ক : দিল্লীৰ দৰিয়াগঞ্জ অঞ্চলত আজি সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এটা অট্টালিকা ভাঙি ৩ জন লোকৰ মৃত্যু হয়।



বিষয়াগৰাকীয়ে জনোৱা মতে, নিশা ১২:১৪ বজাত ৩ মহলীয়া অট্টালিকাৰ এটা অংশ ভাঙি পৰাৰ খবৰ পোৱা গৈছে। ইয়াৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীয়ে চাৰিখন বাহন ঘটনাস্থলীলৈ প্ৰেৰণ কৰে। উদ্ধাৰ অভিযান বৰ্তমান চলি আছে।



ধ্বংসাৱশেষত আবদ্ধ হৈ থকা লোকসকলক বিচাৰিবলৈ উদ্ধাৰ কৰ্মীয়ে চলাইছে অভিযান। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই জনোৱা মতে, নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে হঠাতে অট্টালিকাটো খহি পৰে। অৱশ্যে অট্টালিকাটো খহি পৰাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে জনোৱা মতে, এই বিষয়ত তদন্ত অব্যাহত আছে।


মৃত লোকসকল আছিল শ্ৰমিক


ধ্বংসাৱশেষৰ পৰা তিনিজন লোকক উলিয়াই তৎক্ষণাত এল এন জে পি হাস্পতাললৈ প্ৰেৰণ কৰা হয় আৰু চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে। নিহত দুজন জুবাইৰ, গুলসাগৰ আৰু তৌফিক বুলি চিনাক্ত কৰা হৈছে। তিনিওজনেই আছিল শ্ৰমিক।



দৰিয়াগঞ্জ থানাৰ পিছফালে থকা সাদভাৱনা পাৰ্কৰ সমীপত সংঘটিত হৈছে এই ঘটনা। দিল্লী আৰক্ষীয়ে নিশ্চিত কৰিছে যে ইতিমধ্য তিনিজন লোকৰ মৃত্যু হৈছে। ঘটনাস্থলীত উপস্থিত আছে দিল্লী আৰক্ষীৰ জোৱান ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু