--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চীনৰ বিদেশ মন্ত্রী ৱাং ই-ৰ সৈতে দুয়োখন দেশৰ সীমান্ত বিষয়ত আলোচনা কৰাৰ সময়ত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে মঙলবাৰে এইদৰে মন্তব্য কৰে।

ডিজিটেল ডেস্ক : যোৱা ন মাহত ভাৰত আৰু চীনৰ মাজত সম্পর্ক উন্নত হৈছে আৰু প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এল এ চি) সমীপত শান্তি-সুস্থিৰ পৰিৱেশে বিৰাজ কৰিছে।


চীনৰ বিদেশ মন্ত্রী ৱাং ই-ৰ সৈতে দুয়োখন দেশৰ সীমান্ত বিষয়ত আলোচনা কৰাৰ সময়ত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে মঙলবাৰে এইদৰে মন্তব্য কৰে।


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাংহাই কো-অপাৰেশ্যন অর্গেনাইজেশ্যনৰ (এছ চি অ') বার্ষিক শীর্ষ সন্মিলনত অংশ লোৱাৰ পূর্বে দুয়োখন দেশৰ বিশেষ প্রতিনিধিসকলৰ (এছ আৰ) বিশেষ কৌশলৰ ফ্রেমৱৰ্কৰ অধীনত ডোভাল আৰু ৱাঙৰ মাজত আলোচনা অনুষ্ঠিত কৰা হৈছে।


মঙলবাৰে নিৰাপত্তা উপদেষ্টা ডোভালে তেওঁৰ উদ্বোধনী মন্তব্যত কয় যে যোৱা ডিচেম্বৰত বেইজিঙত অনুষ্ঠিত হোৱা বৈঠকত গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হৈছিল আৰু তেতিয়াৰ পৰা দুয়োখন দেশৰ মাজত সম্পর্ক উন্নত হৈছে। ডোভালে কয় যে সীমান্ত এতিয়া শান্ত, সীমান্তত শান্তি আৰু শান্ত পৰিৱেশ বিৰাজ কৰিছে। দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পর্ক আৰু অধিক দৃঢ় হোৱাৰ দিশত আগবাঢ়িছে বুলি ডোভালে কয়। অহা ৩১ আগষ্ট-১ ছেপ্টেম্বৰত চীনৰ তিয়ানজিনত অনুষ্ঠিত হ'বলগীয়া এছ চি অ' শীর্ষ সম্মিলনত প্রধানমন্ত্রী মোদীয়ে অংশগ্রহণ কৰিব বুলি এই বৈঠকতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আনুষ্ঠানিকভাবে প্রকাশ কৰে। ডোভালে লগতে মন্তব্য কৰে যে বিশেষ প্রতিনিধিৰ এই বৈঠকখনে প্রধানমন্ত্রী মোদীৰ চীন ভ্ৰমণৰ দিশত 'অতি বিশেষ' গুৰুত্বপূৰ্ণ ভূমিকা ল'লে।


আনহাতে, যোৱা বছৰৰ অক্টোবৰত ৰাছিয়াৰ চহৰ কাজানত প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্ৰপতি জিনপিঙৰ মাজত হোৱা বৈঠকখনেও দুয়োখন দেশৰ মাজত সম্পৰ্ক বিকশিত কৰিছিল বুলি ডোভালে কয়। ডোভালে কয় যে এই বৈঠকৰ পাছতে সৃষ্টি হোৱা নতুন পৰিৱেশে দুয়ো দেশক বিভিন্ন ক্ষেত্রত একেলগে কাম কৰাৰ দিশত অগ্ৰসৰ কৰোৱালে। উল্লেখযোগ্য যে মোদী-জিনপিঙৰ বৈঠকখনৰ পাছতে পূব লাডাখৰ ডিপছাং আৰু ডেমচ'কৰ পৰা দুয়োখন দেশে সৈন্য প্রত্যাহাৰৰ সিদ্ধান্ত লৈছিল। চীনৰ বিদেশ মন্ত্রী রাং ই-এ বৈঠকত কয় যে কৌশলগত যোগাযোগ, উমৈহতীয়া স্বার্থক অগ্রাধিকাৰৰ জৰিয়তে বিনিময় আৰু সহযোগিতা কৰি সীমান্তৰ কাষত বিশেষ সমস্যাবোৰ নিষ্পত্তি কৰা উচিত দুয়োখন দেশে। সীমান্তত এতিয়া সুস্থিৰতাই বিৰাজ কৰিছে বুলি ৱাঙে মন্তব্য কৰে। উল্লেখযোগ্য যে দুদিনীয়া ভ্রমণসূচী লৈ চীনা বিদেশ মন্ত্রীজন সোমবাৰে দিল্লীত উপস্থিত হৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ