--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ চম্ভলত এজন মুছলমান লোকে হিন্দু দেৱী-দেৱতাৰ ছবি থকা কাগজত নন-ভেজ খাদ্য সামগ্ৰী পেক কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মুছলমান লোকজনে পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে ঘটনাটোৰ প্ৰতিবাদত ওলাই আহিল হিন্দু সংগঠন। বিষয়টো বাঢ়ি অহা দেখি আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ লগতে অভিযুক্তক আটক কৰে। 

ঘটনাটো হৈছে সদৰ কোতৱালি অঞ্চলৰ শংকৰ চৌৰাহাৰ সমীপত অৱস্থিত মেহক ৰেষ্টুৰেণ্টৰ, য’ত হোটেলৰ মালিক তালিব হুছেইনে নন-ভেজ খাদ্য সামগ্ৰী বিক্ৰী কৰে। দেৱ-দেৱীৰ ছবি থকা স্ক্ৰেপ পেপাৰত মেৰিয়াই বহুতো গ্ৰাহকক চিকেন আৰু নন-ভেজ খাদ্য বিক্ৰী কৰিলে হোটেলৰ মালিকে। এই কথা গম পাই হিন্দু ধৰ্মৰ লোকসকলৰ ধৰ্মীয় অনুভূতিত আঘাত লাগে। ইয়াৰ পিছতে আৰক্ষীয়ে হোটেলত উপস্থিত হৈ সকলো আপত্তিজনক কাকত জব্দ কৰি অভিযুক্ত হোটেল মালিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে। 

ধৰ্মীয় আৱেগক উচটনি দিয়া এই গোচৰত চম্ভল সদৰ চি অ’ই কৈছে যে এনে কাৰ্য কৰা কোনো ব্যক্তিক ৰেহাই দিয়া নহ’ব। এই বিষয়ত হিন্দু জাগৰণ মঞ্চৰ প্ৰাদেশিক সভাপতি কপিল দীৱানাই কয়, ‘‘মুছলমান সম্প্ৰদায়ে ভ্ৰাতৃত্ববোধৰ কথা কয়, তেওঁলোকৰ ধৰ্ম ধৰ্ম কিন্তু আমাৰ ধৰ্ম ধৰ্ম নহয়।’’ উল্লেখ্য যে হোটেলখনত ১০০ খনতকৈও অধিক এনে কাকত আছিল, ইয়ে হিন্দু সমাজৰ আৱেগক আঘাত কৰিব পাৰে। এই গোচৰত চি অ’ জিতেন্দ্ৰ কুমাৰে কয় যে ‘‘অভিযুক্ত তালিব হুছেইনক হোটেলৰ পৰা অবৈধ সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰা হৈছে। সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰাৰ পিছত তেওঁক জে’ললৈ প্ৰেৰণ কৰা হৈছে, যদি কোনো ব্যক্তিয়ে ধৰ্মীয় আৱেগক এনেদৰে আঘাত কৰে তেন্তে তেওঁকো জে'লত ভৰোৱা হ'ব।’’ 

উল্লেখ্য যে আৰক্ষীৰ দলটো যেতিয়া তালিব হুছেইনৰ দোকানত উপস্থিত হৈছিল তেতিয়া তালিব হুছেইনে আৰক্ষীৰ দলটোক কটাৰীৰে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই গোচৰৰ সন্দৰ্ভত চম্ভল থানাত সংশ্লিষ্ট ধাৰাত গোচৰ পঞ্জীয়ন কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু লগতে অন্যান্য আইনী কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। দেওবাৰে নিশাৰ ভাগত ভাৰতীয় দণ্ডবিধিৰ ১৫৩ ‘এ’ (শত্ৰুতা বিয়পোৱা) ধাৰা ২৯৫ এ (যিকোনো শ্ৰেণীৰ ধৰ্ম)। ৩৫৩ (অফিচিয়েল কামত বাধা দিয়া) আৰু ৩০৭ (হত্যাৰ চেষ্টা) ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তালিব হুছেইনক গ্ৰেপ্তাৰ কৰে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু