--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ চম্ভলত এজন মুছলমান লোকে হিন্দু দেৱী-দেৱতাৰ ছবি থকা কাগজত নন-ভেজ খাদ্য সামগ্ৰী পেক কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মুছলমান লোকজনে পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে ঘটনাটোৰ প্ৰতিবাদত ওলাই আহিল হিন্দু সংগঠন। বিষয়টো বাঢ়ি অহা দেখি আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ লগতে অভিযুক্তক আটক কৰে। 

ঘটনাটো হৈছে সদৰ কোতৱালি অঞ্চলৰ শংকৰ চৌৰাহাৰ সমীপত অৱস্থিত মেহক ৰেষ্টুৰেণ্টৰ, য’ত হোটেলৰ মালিক তালিব হুছেইনে নন-ভেজ খাদ্য সামগ্ৰী বিক্ৰী কৰে। দেৱ-দেৱীৰ ছবি থকা স্ক্ৰেপ পেপাৰত মেৰিয়াই বহুতো গ্ৰাহকক চিকেন আৰু নন-ভেজ খাদ্য বিক্ৰী কৰিলে হোটেলৰ মালিকে। এই কথা গম পাই হিন্দু ধৰ্মৰ লোকসকলৰ ধৰ্মীয় অনুভূতিত আঘাত লাগে। ইয়াৰ পিছতে আৰক্ষীয়ে হোটেলত উপস্থিত হৈ সকলো আপত্তিজনক কাকত জব্দ কৰি অভিযুক্ত হোটেল মালিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে। 

ধৰ্মীয় আৱেগক উচটনি দিয়া এই গোচৰত চম্ভল সদৰ চি অ’ই কৈছে যে এনে কাৰ্য কৰা কোনো ব্যক্তিক ৰেহাই দিয়া নহ’ব। এই বিষয়ত হিন্দু জাগৰণ মঞ্চৰ প্ৰাদেশিক সভাপতি কপিল দীৱানাই কয়, ‘‘মুছলমান সম্প্ৰদায়ে ভ্ৰাতৃত্ববোধৰ কথা কয়, তেওঁলোকৰ ধৰ্ম ধৰ্ম কিন্তু আমাৰ ধৰ্ম ধৰ্ম নহয়।’’ উল্লেখ্য যে হোটেলখনত ১০০ খনতকৈও অধিক এনে কাকত আছিল, ইয়ে হিন্দু সমাজৰ আৱেগক আঘাত কৰিব পাৰে। এই গোচৰত চি অ’ জিতেন্দ্ৰ কুমাৰে কয় যে ‘‘অভিযুক্ত তালিব হুছেইনক হোটেলৰ পৰা অবৈধ সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰা হৈছে। সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰাৰ পিছত তেওঁক জে’ললৈ প্ৰেৰণ কৰা হৈছে, যদি কোনো ব্যক্তিয়ে ধৰ্মীয় আৱেগক এনেদৰে আঘাত কৰে তেন্তে তেওঁকো জে'লত ভৰোৱা হ'ব।’’ 

উল্লেখ্য যে আৰক্ষীৰ দলটো যেতিয়া তালিব হুছেইনৰ দোকানত উপস্থিত হৈছিল তেতিয়া তালিব হুছেইনে আৰক্ষীৰ দলটোক কটাৰীৰে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই গোচৰৰ সন্দৰ্ভত চম্ভল থানাত সংশ্লিষ্ট ধাৰাত গোচৰ পঞ্জীয়ন কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু লগতে অন্যান্য আইনী কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। দেওবাৰে নিশাৰ ভাগত ভাৰতীয় দণ্ডবিধিৰ ১৫৩ ‘এ’ (শত্ৰুতা বিয়পোৱা) ধাৰা ২৯৫ এ (যিকোনো শ্ৰেণীৰ ধৰ্ম)। ৩৫৩ (অফিচিয়েল কামত বাধা দিয়া) আৰু ৩০৭ (হত্যাৰ চেষ্টা) ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তালিব হুছেইনক গ্ৰেপ্তাৰ কৰে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ