--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীৰ্ঘদিনীয়া প্ৰেমে পালে পূৰ্ণতা। বিবাহপাশত আৱদ্ধ হ’ল দুই সমকামী পুৰুষ অভিষেক ৰায় আৰু চৈতন্য শর্মা৷ এই বিয়াখন অনুষ্ঠিত হৈছে কলকাতাত। কলকতাৰ এখন হোটেলত হিন্দু ধৰ্মীয় ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হয় অভিষেক আৰু চৈতন্য৷এই বিয়াখনত উপস্থিত আছিল দুয়োৰে ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকসকল।
 কলকতাৰ অভিষেক ৰায় হৈছে এগৰাকী পোছাক ডিজাইনাৰ আৰু তেওঁৰ সংগী চৈতন্য শৰ্মা ডিজিটেল মাৰ্কেটিঙৰ সৈতে জড়িত৷ চৈতন্য গুৰুগাঁৱৰ বাসিন্দা। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেওঁলোকৰ বিয়াৰ ছবি। কলকাতাৰ এখন ফাইভ ষ্টাৰ হোটেলত বিয়াখনৰ সংগীত অনুষ্ঠানৰ পৰা আৰম্ভ কৰি এংগেজমেণ্ট,হালদী আৰু মেহেন্দীলৈকে সকলো ৰীতি-নীতি সম্পূৰ্ণ হয়। এই বিবাহ অনুষ্ঠানত দুয়োটা পৰিয়াল একেলগে আছিল আৰু তেওঁলোকে আনন্দৰে এই নৱ দম্পতীক আশীৰ্বাদ দিছিল।

অভিষেকে পৰম্পৰাগত বঙালী দৰা হিচাপে ধুতি আৰু কুৰ্তা পিন্ধিছিল, আনহাতে চৈতন্যই শ্বেৰৱানী পিন্ধিছিল। এই সমকামী দম্পতীৰ যুগ্ম জীৱন সুখৰ হ’বলৈ শুভকামনা জনাইছে তেওঁলোকৰ শুভাকাংক্ষীসকলে। চিৰজীৱনলৈ দুয়ো এক হ’বলৈ পোৱাত দুয়োৰে সুখ স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে ফটোবোৰত। কলকতাত এই সমকামী বিবাহে তীব্ৰ চৰ্চা লাভ কৰিছে। 

উল্লেখ্য যে ভাৰতৰ প্ৰথম সমকামী বিবাহ ২০১৭ চনত হৈছিল। আইআইটি স্নাতক ঋষিয়ে ভিয়েটনামৰ ভিনহক বিয়া কৰাই ইতিহাস ৰচনা কৰিছিল। এই বিবাহ হৈছিল ২০১৭ চনৰ ৩০ ডিচেম্বৰত।





FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ