--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীৰ্ঘদিনীয়া প্ৰেমে পালে পূৰ্ণতা। বিবাহপাশত আৱদ্ধ হ’ল দুই সমকামী পুৰুষ অভিষেক ৰায় আৰু চৈতন্য শর্মা৷ এই বিয়াখন অনুষ্ঠিত হৈছে কলকাতাত। কলকতাৰ এখন হোটেলত হিন্দু ধৰ্মীয় ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হয় অভিষেক আৰু চৈতন্য৷এই বিয়াখনত উপস্থিত আছিল দুয়োৰে ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকসকল।
 কলকতাৰ অভিষেক ৰায় হৈছে এগৰাকী পোছাক ডিজাইনাৰ আৰু তেওঁৰ সংগী চৈতন্য শৰ্মা ডিজিটেল মাৰ্কেটিঙৰ সৈতে জড়িত৷ চৈতন্য গুৰুগাঁৱৰ বাসিন্দা। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেওঁলোকৰ বিয়াৰ ছবি। কলকাতাৰ এখন ফাইভ ষ্টাৰ হোটেলত বিয়াখনৰ সংগীত অনুষ্ঠানৰ পৰা আৰম্ভ কৰি এংগেজমেণ্ট,হালদী আৰু মেহেন্দীলৈকে সকলো ৰীতি-নীতি সম্পূৰ্ণ হয়। এই বিবাহ অনুষ্ঠানত দুয়োটা পৰিয়াল একেলগে আছিল আৰু তেওঁলোকে আনন্দৰে এই নৱ দম্পতীক আশীৰ্বাদ দিছিল।

অভিষেকে পৰম্পৰাগত বঙালী দৰা হিচাপে ধুতি আৰু কুৰ্তা পিন্ধিছিল, আনহাতে চৈতন্যই শ্বেৰৱানী পিন্ধিছিল। এই সমকামী দম্পতীৰ যুগ্ম জীৱন সুখৰ হ’বলৈ শুভকামনা জনাইছে তেওঁলোকৰ শুভাকাংক্ষীসকলে। চিৰজীৱনলৈ দুয়ো এক হ’বলৈ পোৱাত দুয়োৰে সুখ স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে ফটোবোৰত। কলকতাত এই সমকামী বিবাহে তীব্ৰ চৰ্চা লাভ কৰিছে। 

উল্লেখ্য যে ভাৰতৰ প্ৰথম সমকামী বিবাহ ২০১৭ চনত হৈছিল। আইআইটি স্নাতক ঋষিয়ে ভিয়েটনামৰ ভিনহক বিয়া কৰাই ইতিহাস ৰচনা কৰিছিল। এই বিবাহ হৈছিল ২০১৭ চনৰ ৩০ ডিচেম্বৰত।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু