ডিজিটেল ডেস্ক: কহিনুৰ থিয়েটাৰ হৈছে অসমৰ এক জনপ্ৰিয় ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী। এই থিয়েটাৰৰ লগত অসমৰ মানুহৰ আৱেগ জড়িত হৈ আছে। এই ঐতিহ্যমণ্ডিত কহিনুৰ থিয়েটাৰকে বন্ধ কৰি দিয়াৰ ইংগিত দিছে প্ৰযোজক তপন লহকৰে। কহিনুৰ থিয়েটাৰৰ এয়াই অন্তিম বৰ্ষ বুলি সামাজিক মাধ্যমত আৱেগিক ঘোষণা প্ৰযোজকগৰাকীৰ। প্ৰয়াত মঞ্চৰত্ন ৰতন লহকৰৰ স্মৃতি বিজড়িত এই ঐতিহ্যমণ্ডিত নাট্যদলটোৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে ব্যাপক চৰ্চা।
তপন লহকৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতি থকা গভীৰ ভালপোৱা, এখন ভাল নাটক দৰ্শকৰ মাজলৈ লৈ যোৱাৰ বাবে কৰা নিৰন্তৰ প্ৰচেষ্টা আৰু কহিনুৰৰ গৰিমা অক্ষুণ্ণ ৰখাত ভাল নাটকৰ অৱদানৰ কথাও পোষ্টটোত প্ৰকাশ কৰিছে। কহিনুৰ থিয়েটাৰ আৰ্থিকভাৱে বিশেষ দুৰ্বল হোৱা নাই বুলি উল্লেখ কৰি প্ৰযোজকগৰাকীয়ে কয় যে নাট্যদলটোক সহায় কৰিবলৈ বহু লোক আগবাঢ়ি আহে। তথাপি পৰিয়ালৰ কথা চিন্তা কৰিয়েই এই সিদ্ধান্ত ল’বলগীয়া হোৱা বুলি তেওঁ পোষ্টটোত উল্লেখ কৰে।
প্ৰযোজক তপন লহকৰৰ এই ঘোষণাৰ পিছতে অসমৰ ভ্ৰাম্যমাণ নাট্যজগতৰ লগতে সাংস্কৃতিক মহলত ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে। বিশেষকৈ নাট্যনগৰী হিচাপে পৰিচিত পাঠশালাৰ ৰাইজৰ মাজত এই খবৰে গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। কহিনুৰ থিয়েটাৰৰ সৈতে পাঠশালাৰ এক ঐতিহাসিক আৰু আৱেগিক সম্পৰ্ক জড়িত হৈ আছে।
কহিনুৰ থিয়েটাৰৰ দৰে ঐতিহ্যমণ্ডিত নাট্যদল এটাক জীয়াই ৰখাৰ স্বাৰ্থত এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ তপন লহকৰক পাঠশালাবাসী ৰাইজে আহ্বান জনাইছে।
আনহাতে কহিনুৰক জীয়াই ৰখাৰ আহ্বান জনালে ভ্ৰাম্যমাণ ঐক্য মঞ্চৰ সম্পাদক দ্বীপন কলিতাই। ভ্ৰাম্যমাণ থিয়েটাৰৰ ঐক্য, পৰম্পৰা আৰু ঐতিহ্য অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত কহিনুৰ থিয়েটাৰক জীয়াই ৰখাৰ বাবে পাঠশালাবাসী ৰাইজক আগবাঢ়ি আহিবলৈ আহ্বান ভ্ৰাম্যমাণ ঐক্য মঞ্চৰ সম্পাদকগৰাকীৰ।
এতিয়া প্ৰশ্ন এটাই অসমৰ ভ্ৰাম্যমাণ নাট্যজগতৰ গৌৰৱময় ইতিহাসৰ সৈতে জড়িত কহিনুৰ থিয়েটাৰৰ যাত্ৰা সঁচাকৈয়ে অন্ত পৰিব নেকি? নে ৰাইজৰ মৰম, সহযোগিতা আৰু সাংস্কৃতিক দায়বদ্ধতাই নতুন আশাৰ বাট মুকলি কৰিব? এয়াই এই সময়ত লাখটকীয়া প্ৰশ্ন।