--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে কয় যে এজন ব্যক্তিয়ে দুটাতকৈ অধিক সন্তান থাকিলেহে গাওঁপ্ৰধান, পৌৰসভাৰ কাউন্সিলাৰ বা মেয়ৰ হ’ব পাৰে। ইয়াৰ দ্বাৰা জনসংখ্যা হ্ৰাসক নিয়ন্ত্ৰণ কৰিব বুলি তেওঁ ইংগিত দিয়ে।

নাইডুৱে কয় যে তেওঁ মানুহক অধিক সন্তান জন্ম দিবলৈ উৎসাহিত কৰিব পৰা নীতি আনিব। "এটা সময়ত অধিক সন্তান থকা ব্যক্তিক পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ দিয়া হোৱা নাছিল। এতিয়া মই কৈছো যে কম সন্তান থকা ব্যক্তিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে।" গাওঁপ্ৰধান, পৌৰসভাৰ কাউন্সিলাৰ বা মেয়ৰ তেতিয়া হব পাৰিব যেতিয়া আপোনাৰ দুটা বা তাতোধিক সন্তান থাকে।"

মুখ্যমন্ত্ৰীৰ মতে উত্তৰ ভাৰতে প্ৰায় ১৫ বছৰত সুস্থিৰ প্ৰজনন হাৰৰ সুবিধা হেৰুৱাব পাৰে।টিডিপিৰ চুপ্ৰীম’গৰাকীয়ে কয় যে পুৰণি প্ৰজন্মৰ লোকৰ আগতে অধিক সন্তান জন্ম হৈছিল, আনহাতে বৰ্তমানৰ প্ৰজন্মই ইয়াক এটা সন্তানলৈ হ্ৰাস কৰিছে। তেওঁ লগতে আলোকপাত কৰে যে আজিকালি কিছুমান ‘স্মাৰ্ট’ লোকে জীৱন উপভোগ কৰিবলৈ Dual Income, No Kids (DINK)ৰ ধাৰণা গ্ৰহণ কৰিছে।

তেওঁ ক'লে, "আপোনাৰ পিতৃ মাতৃৰ চাৰি-পাঁচটা সন্তান আছিল আৰু আপুনি এটালৈ হ্ৰাস কৰিলে। এতিয়াতো বুদ্ধিমান লোকসকলে কৈছে যে দ্বৈত আয় আৰু সন্তান নোহোৱাকৈয়ে সুখত থাকা। তেওঁলোকৰ পিতৃ মাতৃয়ে যদি তেওঁলোকৰ দৰে চিন্তা কৰিলেহেঁতেন তেন্তে তেওঁলোক এই পৃথিৱীলৈ নাহিলহেঁতেন।"

নাইডুৱে কয় যে সকলো দেশেই এই ভুল কৰিছে আৰু আমি সঠিক সময়ত সিদ্ধান্ত ল’ব লাগিব। তেওঁ কয় যে অধিক সন্তান জন্ম দিয়াৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাছিল আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল।

দক্ষিণ কোৰিয়া, জাপান আৰু মহাদেশীয় ইউৰোপৰ দৰে দেশৰ উদ্ধৃতি দি তেওঁ কয় যে সেই ঠাইবোৰৰ মানুহে জনসংখ্যা হ্ৰাসৰ ভাবুকি উপলব্ধি নকৰে বৰঞ্চ কেৱল ধন-সম্পত্তি সৃষ্টি, আয় বৃদ্ধি আৰু সেই দেশসমূহক আগুৱাই নিয়াতহে মনোনিৱেশ কৰে।

চলিত মাহৰ আৰম্ভণিতে নাইডুৱে জন্মৰ হাৰ হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে ভাৰতে দক্ষিণ কোৰিয়া আৰু জাপানৰ দৰে আন দেশসমূহে কৰা ভুলৰ পুনৰাবৃত্তি কৰিব নালাগে, য’ত জন্মৰ হাৰ ভয়ংকৰভাৱে হ্ৰাস পাইছে।

মুখ্যমন্ত্রী কয় যে আজিকালি একাংশ দম্পতীয়ে নিজৰ উপাৰ্জনৰ ধন নিজৰ মাজত ভাগ কৰিব নিবিচাৰে আৰু সেই ধন নিজৰ আনন্দৰ বাবে ব্যৱহাৰ কৰিব নিবিচাৰে বাবেই সন্তান জন্ম দিয়াৰ পৰা আঁতৰি আহিছে। যোৱা বছৰৰ অক্টোবৰ মাহত নাইডুৱে কৈছিল যে অন্ধ্ৰ প্ৰদেশত জনসংখ্যা ব্যৱস্থাপনাৰ প্ৰয়োজন আছে কাৰণ ইয়াত বৃদ্ধৰ সংখ্যা তুলনামূলক বৃদ্ধি পাব।

নাইডুৱে কৈছিল যে,‘২০৪৭ চনলৈকে আমাৰ জনগাঁথনিগত লভ্যাংশ হ'ব, যুৱক-যুৱতী অধিক হ'ব। ২০৪৭ চনৰ পিছত বৃদ্ধা অধিক হ'ব... যদি দুটাতকৈ কম সন্তান জন্ম হয় (প্ৰতিগৰাকী মহিলা) তেন্তে জনসংখ্যা কমি যাব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু