--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বৃহস্পতিবাৰে নিশা দেশৰ ৰাজধানীৰ সৰ্বনিম্ন তাপমাত্রা ৩১
  • ৯ ডিগ্রী ছেলচিয়াছ হয়গৈ। যিটো মে' মাহৰ নিশাৰ সাধাৰণ তাপমাত্রাতকৈ ৫
  • ২ ডিগ্রী ছেলচিয়াছ বেছি।

ডিজিটেল ডেস্ক: দেশৰ বিভিন্ন ৰাজ্যত গ্রীষ্ম-প্রবাহে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। তাৰ মাজতে দিল্লীত নিশাৰ ভাগতো তাপমাত্রাই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। বৃহস্পতিবাৰে দিল্লীত নিশাৰ তাপমাত্ৰাই ১৪ বছৰৰ অভিলেখ ভংগ কৰে। 


বৃহস্পতিবাৰে নিশা দেশৰ ৰাজধানীৰ সৰ্বনিম্ন তাপমাত্রা ৩১.৯ ডিগ্রী ছেলচিয়াছ হয়গৈ। যিটো মে' মাহৰ নিশাৰ সাধাৰণ তাপমাত্রাতকৈ ৫.২ ডিগ্রী ছেলচিয়াছ বেছি। ইয়াৰ পূৰ্বে ২০১২ চনৰ ২৬ মে'ত দিল্লীত নিশাৰ ভাগত সর্বনিম্ন তাপমাত্রা আছিল ৩২.৫ ডিগ্রী ছেলচিয়াছ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ছফদৰজং আৰু লোডী পথত সর্বনিম্ন তাপমাত্ৰাৰ এই বৃদ্ধি হৈছে। 


উল্লেখযোগ্য যে দিনৰ ভাগত হোৱা গ্রীষ্ম-প্রবাহতকৈ নিশাৰ ভাগতো অতিমাত্রা উষ্ণতাই মানুহৰ জীৱনলৈও ভাবুকি কঢ়িয়াই আনিছে। নিশাৰ তাপমাত্রা বৃদ্ধিয়ে মানুহৰ বাসগৃহসমূহো উত্তপ্ত কৰি ৰাখে আৰু ই কম বতাহ চলাচল কৰা বাসগৃহত থকা দৰিদ্ৰ শ্ৰেণীৰ লোকৰ স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে।

উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement