--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বৰ্তমান কোটি কোটি টকাৰ গহনা চুৰি কৰাৰ অপৰাধত হৰ্ষিদা জে’লৰ ভিতৰত দিন কটাবলগীয়া হৈছে আৰু তেওঁৰ প্ৰেমিকে সমগ্ৰ গহনা লৈ পলাতক অৱস্থাত আছে। এজন বিবাহিত যুৱকৰ প্ৰেমত পৰি মতলীয়া হৈ পৰিছিল হৰ্ষিদা শেট্টী, যাৰবাবে তেওঁ এই ভয়ংকৰ অপৰাধ কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল।

ডিজিটেল ডেস্ক: কোনো থ্ৰীলাৰ ৱেব ছিৰিজৰ কাহিনীতকৈ কম নহয় এই ঘটনা। প্ৰেম, বিশ্বাস, কোটি টকীয়া চুৰি আৰু শেষত এটা ভয়ংকৰ প্ৰতাৰণা— এই আটাইবোৰ মিলি আহমেদাবাদত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এখন গহনা দোকানত কাম কৰা হৰ্ষিদা শেট্টী নামৰ এগৰাকী মহিলাই হয়তো কেতিয়াও ভবা নাছিল যে যাৰ সৈতে নতুন জীৱন গঢ়াৰ সপোন দেখিছিল, সেইজনেই তেওঁক মাজবাটত প্ৰতাৰণা কৰিব।


বৰ্তমান কোটি কোটি টকাৰ গহনা চুৰি কৰাৰ অপৰাধত হৰ্ষিদা জে’লৰ ভিতৰত দিন কটাবলগীয়া হৈছে আৰু তেওঁৰ প্ৰেমিকে সমগ্ৰ গহনা লৈ পলাতক অৱস্থাত আছে। এজন বিবাহিত যুৱকৰ প্ৰেমত পৰি মতলীয়া হৈ পৰিছিল হৰ্ষিদা শেট্টী, যাৰবাবে তেওঁ এই ভয়ংকৰ অপৰাধ কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। 


ঘটনাটো যোৱা ১১ মে’ৰ। আহমেদাবাদৰ নিকোল অঞ্চলৰ এটা গহনা শ্ব’ৰুমত বিগত ১১ মাহ ধৰি কাম কৰি আছিল হৰ্ষিদা শ্বেট্টীয়ে। এইখিনি সময়তে তেওঁ দোকানৰ মালিক দৰ্শন ভাইৰ গভীৰ বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ১১ মে’ৰ দিনাও সদায়ৰ দৰে মালিকজনে আহাৰ খাবলৈ ঘৰলৈ গৈছিল, সেই সুযোগতে হৰ্ষিদাই নিজৰ ভয়ংকৰ পৰিকল্পনা ৰূপায়ন কৰিলে। 


চিচিটিভি ফুটেজত স্পষ্টকৈ দেখা গৈছে যে মালিকে দোকান এৰাৰ পিছতেই হৰ্ষিদাই লাহে লাহে সোণৰ গহনাবোৰ নিজৰ ইউনিফৰ্মৰ ভিতৰত লুকুৱাবলৈ ধৰে। প্ৰায় ১.৬৬ কোটি টকাৰ গহনা সামৰি লৈ তেওঁ আন সহকৰ্মীসকলক কিবা জৰুৰী কাম থকা বুলি কৈ শ্ব’ৰুমৰ পৰা ওলাই আহে। মালিকে ঘূৰি আহি গহনা কম থকা দেখি কৰ্মচাৰীসকলক সোধা-পোছা কৰে আৰু চিচিটিভি পৰীক্ষা কৰাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে।


আৰক্ষীৰ তদন্তৰ পৰা জনা গৈছে যে হৰ্ষিদাৰ ইতিপূৰ্বে বিবাহ বিচ্ছেদ হৈছিল আৰু তেওঁ দীৰ্ঘদিন ধৰি অকলশৰীয়া জীৱন কটাইছিল। এই সময়ছোৱাতে প্ৰায় ৬ মাহ পূৰ্বে তেওঁ এজন যুৱক (ছানী)ৰ সংস্পৰ্শলৈ আহে। যুৱকজন বিবাহিত আৰু সন্তানৰ পিতৃ আছিল যদিও বিগত চাৰি মাহ ধৰি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰে। যুৱকজনে হৰ্ষিদাক একেলগে থাকি এক নতুন জীৱন আৰম্ভ কৰাৰ ভুৱা প্ৰতিশ্ৰুতি দিছিল, যাৰ ফান্দত আৱেগিকভাৱে বন্দী হৈ পৰিছিল হৰ্ষিদা।


চুৰি কাণ্ড সংঘটিত কৰাৰ পিছতেই হৰ্ষিদাই প্ৰেমিকৰ সৈতে আহমেদাবাদ এৰি পলাই যায়। আৰক্ষীৰ চকুত ধূলি দিবলৈ দুয়ো উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ হোটেলত আশ্ৰয় লৈছিল আৰু অহৰহ নিজৰ স্থান সলনি কৰি আছিল। আহমেদাবাদ ক্ৰাইম ব্ৰাঞ্চে জানিবলৈ দিয়া মতে, এই সমগ্ৰ চুৰিকাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল আচলতে সেই প্ৰেমিকজন, যিয়ে হৰ্ষিদাক প্ৰৰোচিত কৰি এই কাণ্ড সংঘটিত কৰাইছিল।


গ্ৰেপ্তাৰৰ পিছত আৰক্ষীৰ জেৰাত হৰ্ষিদাই চকুপানী টুকি নিজৰ ওপৰত হোৱা প্ৰতাৰণাৰ কাহিনী বৰ্ণনা কৰে। তেওঁ জনায় যে সেইদিনা তেওঁ হোটেলৰ বাথৰুমত গা ধুবলৈ সোমাইছিল। কিন্তু গা ধুই ওলাই অহাৰ পিছত তেওঁৰ ভৰিৰ তলৰ মাটি পিছলি পৰে। কোঠাৰ পৰা প্ৰেমিকজন উধাও হৈছিল। কেৱল প্ৰেমিকজনেই নহয়, বেগৰ ভিতৰত থকা কোটি কোটি টকাৰ গহনাবোৰো লৈ পলাইছিল প্ৰেমিকজন। হৰ্ষিদাৰ পাৰ্চত থকা মাত্ৰ ১৮ লাখ টকাৰ গহনাহে বাচি আছিল। লগে লগে তেওঁ প্ৰেমিকৰ নম্বৰত ফোন কৰে যদিও মোবাইলটো চুইচ অফ আছিল। অৰ্থাৎ যাৰ বাবে হৰ্ষিদাই অপৰাধৰ পথ বাচি লৈছিল, সেই প্ৰেমিকজনেই তেওঁক মাজবাটত এৰি থৈ গুচি গ’ল।


প্ৰেমিক পলাই যোৱাৰ পিছত সম্পূৰ্ণৰূপে অসহায় আৰু আতংকিত হৈ পৰিছিল হৰ্ষিদা। হাতত থকা বাকী ১৮ লাখ টকাৰ গহনাখিনি বিক্ৰী কৰিবলৈ তেওঁ আহমেদাবাদৰ মানেক চ’ক অঞ্চলত উপস্থিত হৈছিল। কিন্তু ক্ৰাইম ব্ৰাঞ্চে গোপন সূত্ৰে এই খবৰ লাভ কৰি ঘটনাস্থলীতে হৰ্ষিদাক আটক কৰে। হৰ্ষিদাৰ পৰা বাকী থকা গহনাখিনি জব্দ কৰি নিকোল আৰক্ষীক গতাই দিয়া হৈছে।


বৰ্তমান আৰক্ষীৰ মুখ্য লক্ষ্য হৈছে সেই প্ৰতাৰক বিবাহিত প্ৰেমিকজনক কৰায়ত্ত কৰা। আৰক্ষীয়ে তেওঁৰ মোবাইলৰ লোকেচন আৰু যোগাযোগৰ মাধ্যমসমূহ ট্ৰেক কৰি আছে। এই ঘটনাই প্ৰমাণ কৰিলে যে আৱেগৰ বশৱৰ্তী হৈ লোৱা এটা ভুল সিদ্ধান্তই মানুহৰ জীৱন কেনেকৈ ধ্বংসৰ গৰাহলৈ ঠেলি দিব পাৰে। হৰ্ষিদাই যি মৰম আৰু বিশ্বাস বুকুত বান্ধি লৈছিল, সেয়াই শেষত তেওঁৰ বাবে আটাইতকৈ ডাঙৰ ফান্দ হৈ পৰিল। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ